Tuesday, December 24, 2019

তামিলনাডুৰ পোংগল উৎসৱ



                            ভাৰতবৰ্ষৰ দৰে বহুসাংস্কৃতিক দেশ এখনত বসবাস কৰা বিভিন্ন লোকসকলে তেওঁলোকৰ নিজা নিজা উৎসৱ-পাৰ্ৱণসমূহ জাকজমকভাৱে পালন কৰে বেলেগ বেলেগ সাংস্কৃতিক বৈশিষ্ট্যৰ মানুহসকলৰ নিজৰ উৎসৱ -পাৰ্ৱণ অনুষ্ঠিত কৰাৰ ধৰণো সুকীয়া সুকীয়া উত্তৰভাৰতৰ বিভিন্ন ৰাজ্যত মকৰ সংক্ৰান্তি পালন কৰাৰ সময়তে অসমত মাঘ বিহু আৰু দক্ষিণ ভাৰতত পোংগল উৎসৱৰ আয়োজন কৰা হয় এই উৎসৱসমূহতেই কৰ্মব্যস্ততাময় জীৱনৰ মাজতে কিছু সময় উলিয়াই ঘৰৰ মানুহখিনি একলগ হৈ আনন্দ উপভোগ অৱকাশ পায় পোংগল দক্ষিণ ভাৰতৰ মূলতঃ তামিলনাডুৰ প্ৰমুখ উৎসৱ কেৱল তামিলনাডুতেই নহয়, শ্ৰী লংকা, ছিংগাপুৰত থকা তামিল মানুহখিনিয়েও পোংগল উৎসৱৰ আয়োজন কৰে এই উৎসৱে প্ৰাচীন সমাজখনত প্ৰকৃতিক পূজা কৰাৰ সেই ৰীতিক মনি চলা যেন অনুভৱ কৰিব পাৰি কিছুামনে এই উৎসৱক তামিলমানুহৰ জাতীয় উৎসৱ বুলি উল্লেখ কৰে ধৰ্মীয় ভেদাভেদ পৰিহাৰ কৰি তামিলনাডুৰ প্ৰত্যেকেই এই উৎসৱ পালন কৰে খ্ৰীষ্টিয়ানলোকসকলে গীৰ্জা ঘৰত কুঁহিয়াৰ ৰাখি পোংগলৰ আয়োজন কৰে আকৌ, মুছলমানলোকসকলে মছজিদত পোংগলৰ আয়োজন কৰি ১৬ বিধ বেলেগ বেলেগ ব্যঞ্জন প্ৰস্তুত কৰি লগে ঘৰৰ মানুহখিনিয়ে ভাগে আহাৰ গ্ৰহণ কৰে

                ভাৰতবৰ্ষ এখন কৃষিপ্ৰধান দেশ ইয়াৰ অধিকাংশলোকেই কৃষিবৃত্তিৰে জীৱন নিৰ্বাহ কৰি আছে কৃষিজীৱিসকলৰ মনত শস্য চপোৱাৰ সমান আনন্দৰ বিষয় একোৱেই নাই তামিল থাই (মাঘ) মাহত এই পোংগল উৎসৱ অনুষ্ঠিত কৰা হয় তামিল আদি মাহত শস্য ৰোপণৰ পাছত থাই মাহত শস্য চপোৱাৰ প্ৰস্তুতি চলে উৎপাদিত নতুন চাউলৰ লগত গাখীৰ, গুৰ, ঘি আদি মিহলাই সূৰ্য দেৱতা আৰু গো-মাতাক অৰ্পণ কৰা হয় পোংগল শব্দৰ অৰ্থ দুটা এটা -‘সূৰ্যদেৱলৈ অৰ্পণ কৰা প্ৰসাদআৰু আনটো ভালদৰে সিজোৱা কাৰ্য পাৰম্পৰিক ৰূপত পোংগল সম্পন্নতাৰ সমৰ্পিত উৎসৱ ইয়াত কৃষি কাৰ্যৰ সমৃদ্ধি লাভ কৰিবৰ বাবে বৰ্ষা, আৰু কৃষিদেৱতাক আৰাধনা কৰা হয় এই পোংগল উৎসৱ চাৰিদিন ধৰি পালন কৰা হয় প্ৰথমটো ভোগী, দ্বিতীয়টো পোংগল, তৃতীয়টো মাত্তু পোংগল আৰু চতুৰ্থটো কানুম পোংগল

                ভোগী পোংগলৰ দিনাখন ভগৱান ইন্দ্ৰলৈ প্ৰসাদ আগবঢ়োৱা হয় কিয়নো ভগৱান ইন্দ্ৰ বৰষুণৰ শাসক আট ায়ে মিলি ফচলৰ শ্ৰী বৃদ্ধিৰ বাবে আৰু ধন, সমৃদ্ধি লাভৰ বাবে সিদিনাখন ইন্দ্ৰদেৱক প্ৰণাম þনায় তেতিয়াৰে পৰাই ঘৰ,চোতাল সৰা-মচাৰ যো-জা চলে ৰাইকে এক নিৰ্দিষ্ট একলগ হৈ সুখ দুখৰ কথা পাতে নিজৰ সমস্যাবোৰৰ সমাধান কৰে আকৌ, নিজৰ পৰম্পৰাগত ৰীতি নীতি সম্বন্ধীয় কথাবোৰ আলোচনা কৰি যিবোৰ ৰীতি নীতি বৰ্তমানে অনুপযোগী হৈ উঠিছে সেইবোৰ এৰাৰ বাবে প্ৰতিজ্ঞা লয় যি ধৰণে বছৰৰ শেষৰ দিনটোত এৰি অহা সময়খিনিক বিদায় জনাই নতুন বছৰক আদৰাৰ প্ৰস্তুতি চলে একেদৰে পোংগলৰ দিনাখন তামিলমানুহখিনিয়ে নতুন দিন মংগলময় হোৱাৰ কামনা কৰে এই কাৰ্যক পোহী বোলা হয় পোহীৰ অৰ্থ বিদায় জনোৱা সেইবাবেই সিদিনাখন অন্য এক উৎসৱ আয়োজন কৰা হয় ঘৰৰ অদৰকাৰী সামগ্ৰীবোৰ খৰি আৰু গোবৰৰ ওপৰত জ্বলাই দিয়া হয়

                                পোংগলৰ দ্বিতীয়দিনাখন ঘৰৰ বাহিৰত নতুনকৈ কিনি অনা মাটিৰ পাত্ৰত পোংগল সিজোৱা হয় সকলোৱে নিজৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি সূৰ্য দেৱক আৰাধনা কৰি পোংগল বনোৱাৰ যো-জা কৰে পৰম্পাৰগত নিয়ম অনুসৰি হালধী গছক সেই কামৰ বাবে চাৰিও ফালে বন্ধা হয় নাৰিকল, তামোল-পাণ, কুঁহিয়াৰ আদিও পোংগল বনোৱা ঠাইত বৰ ব্যৱস্থা কৰা হয় পোংগল বনোৱা ঠাইত সকলোৱে মিলিপোংগলো পোংগলবুলি সমস্বৰে þগায়  কি ছুমান ঘৰৰ মতা-মাইকীয়ে আকৌ নতুন বাচন-বৰ্তন আনক দান কৰে

                মাদু মানে গৰু’¸ মাদু আৰু পোংগলক একেলগে   মাত্তু পোংগল বুলিও কোৱা হয় পোংগলৰ দিনাখন গো মাতৃক পূজা দিয়া হয় কৃষি কাৰ্যত গৰুৰ প্ৰভাৱ অনস্বীকাৰ্য অসমীয়া বহাগ বিহুৰ গৰু বিহুৰ দিনাখন গো মাতাক নোৱাই নতুন পঘা দিয়াৰ দৰেই মাত্তু পোংগলৰ দিানখন গৰুক গা ধোৱাই, কুমকুমৰ ফোঁট দি, নতুন মালাৰে সজাই পৰাই পোংগল খুওৱা হয় তামিলনাডুৰ মাছে বিশ্বাস কৰে যে ভগৱান শিৱই এবাৰ নিজৰ বাহন বধনক পৃথিৱীলৈ আহি পৃথিৱীবাসীক সদায় গা ধুই উঠি গাত তেল মালিচ কৰিবলৈ আৰু মাহত এবাৰহে খাদ্য খাবলৈ কৈছিল কিন্ত পৃথিৱীলৈ আহি বধনে ভুলবশতঃ সদায় খাদ্য খাবলৈ আৰু মাহত এবাৰ গা ধুবলৈ ভগৱান শিৱই আদেশ দিয়া বুলি লে  বধনৰ কাৰ্যত অসন্তুষ্ট হৈ  শিৱই বধনক পৃথিৱীত থাকি সদায় খাদ্য খাবৰ বাবে প্ৰস্তুত কৰি উলিওৱা খাদ্য প্ৰস্তুতি পৰ্বৰ লগত মানুহৰ সহায় কৰাৰ অভিশাপ দিলে তেতিয়াৰে পৰাই বধনে পৃথিৱীবাসীক কৃষিকাৰ্যত সহায় কৰি আহিছে ভগৱান শিৱৰ বাহন বধনৰ পূজা কৰাৰ দৰে এতিয়াও গো পূজনৰ কথাটো পোংগলৰ সৈতে জড়িত হৈ আহিছে প্ৰকৃত অৰ্থত, কৃষিকাৰ্যত জড়িত হৈ থকা গো আইক এই উৎসৱৰ সুযোগতে সেৱা কৰাৰ সুবিধা লাভ কৰা হয় 

                কানুম পোংগলৰ দিনটোত আত্মীয়সকলক দেখা কৰা হয় এই দিনটোত ঘৰৰ মানুহখিনি আৰু আলহী আটাইকে একেলগ হৈ সামূহিক ভোজন কৰে এই সুযোগতে আলহীসকলৰ লগত উপহাৰৰ আদান-প্ৰদানো কৰা হয় এই উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ খেলা-ধুলাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় পোংগলৰ সময়ত আয়োজন কৰা তামিলনাডুৰজালিকট্টু খেলসমগ্ৰ ভাৰততে প্ৰসিদ্ধ

                তামিল সাহিত্যৰ প্ৰাচীন সংঘম কালৰ বিভিন্ন সাহিত্যত পোংগলৰ উল্লেখ পোৱা যায় এইদৰে-

                তৈইত তিংকল তনকয়ম পদিয়ুমএনৰু নত্ৰীনেই

                তৈইত  তিংকল তন্নিয় তৰিনুমএনৰু কুৰুনতোকেই

                তৈইত  তিংকল তনকয়ম পোলএনৰু পূৰণানুৰু

                তৈইত  তিংকল তনকয়ম পোলএনৰু আয়ংকুৰুনাৰু

                তৈয়ীল নীৰাদি তৱম তলেইপপদুৱায়োএনৰু কলীততোকেই

( ইয়াত তৈইত তিংকল আৰু তৈয়ীল শব্দই থাই মাহৰ পোংগলক বুজাইছে  আৰু নত্ৰীনেই, কুৰুণতোকেই, পূৰণঅনুৰু, আয়ংকুৰুনাৰু, কলীততোকই এইবোৰ সংঘম সাহিত্যৰ উল্লেখনীয় সাহিত্যৰাজিত পোংগল শব্দৰ উল্লেখ থকা বুজোৱা হৈছে )

                তামিল সাহিত্য প্ৰায় দুহেজাৰ বছৰ পুৰণি সাহিত্য সংঘম কাল তামিল সাহিত্যৰ প্ৰাচীন কাল এই উল্লেখে দুহেজাৰ বছৰ আগৰ পৰা বৰ্তমানলৈকে পোংগল উৎসৱ পালনৰ নিৰ্দেশ দিয়ে ২০০৮ চনৰ জানুৱাৰী মাহৰ ২৯ তাৰিখে তামিলনাডু চৰকাৰে তামিল থাই মাহৰ প্ৰথম দিনটোক তামিল নতুন বছৰ হিচাপে ঘোষণা কৰিছে

                তামিলনাডুৰ পোংগল উৎসৱ, অসমৰ মাঘবিহু আদি আটাইবোৰৰে নিজা নিজা গুৰুত্ব আছে ঠাই বিশেষে উৎসৱ পালনৰ সুকীয়া সুকীয়া বৈশিষ্ট্য থাকিলেও এই উৎসৱসমূহৰ অন্তৰ্নিহিত অভিপায় প্ৰায় একেই তদুপৰি এই উৎসৱসমূহৰ মাজত পাৰস্পৰিক সাদৃশ্যও পোৱা যায় নিশ্চিতভাৱে  এই উৎসৱৰ অধিক গৱেষণাৰ থল আছে এনে গৱেষণাই ভাৰতীয়তাবোধক আৰু অধিক স্পষ্ট কৰি তুলিব বুলি আশা কৰিব পাৰি



……………………………………………………………………………




পুদুমইপিত্তনৰ নিৰ্বাচিত গল্পত সমাজ পৰিৱৰ্তনৰ আকাংক্ষা

  তামিল সাহিত্যত চিৰুকদই বা চুটিগল্প বিংশ শতিকাত আৰম্ভ হোৱা এটি নতুন সাহিত্যিক শৈলী। তামিল চুটিগল্প সাহিত্যৰ বুৰঞ্জীত ইটালীয়ান খ্ৰীষ্টধৰ্ম প...