ভাতৰবৰ্ষৰ পৌৰাণিক কথাত কিন্নৰসকলৰ এক সুকীয়া স্থান আছে। সমাজত অন্য এক দৃষ্টিৰে চোৱাতোৱেই নহয়, তেওঁলোকৰ নীতি-নিয়মসমূহে তেওঁলোকক পৃথকভাৱে ৰাখিছে। মহাভাৰতৰ অৰ্জুন পুত্ৰ আৰাৱনক তেওঁলোকে নিজৰ ঈশ্বৰ হিচাপে বিশ্বাস কৰে আৰু বছৰেকত এবাৰ আৰাৱন দেৱতাক সুঁৱৰি পবিত্ৰ‘আৰাৱন উৎসৱ’ আয়োজন কৰে। তামিলনাডুৰ ৱিল্লুপুৰমৰ কুৱগম গাঁৱৰ কুতানদৱৰ মন্দিৰ এই উৎসৱৰ বাবে প্ৰসিদ্ধ। এই উৎসৱত সেই অঞ্চলৰ কিন্নৰসকলে যোগদান কৰিছিল যদিও ক্ৰমে এই উৎসৱে এক সৰ্বভাৰতীয় ৰূপ পৰিগ্ৰহ কৰে। বৰ্তমানে এই উৎসৱ ভাৰতবৰ্ষৰ সীমা চেৰাই পৃথিৱীৰ বিভিন্ন অঞ্চলৰ কিন্নৰসকলৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। একে সময়তে আমাৰ সমাজ জীৱনৰ প্ৰায় প্ৰতিটো ঘটনাকে বিশ্বায়ন আৰু নগৰীকৰণে প্ৰভাৱিত কৰাৰ দৰে আৰাৱন উৎসৱকো নগৰীকৰণে বিভিন্ন ধৰণে প্ৰভাৱিত কৰিছে। এই আলোচনাত কিন্নৰসকলৰ অত্যন্ত গুৰুত্বপূৰ্ন উৎসৱ হিচাপে পৰিগণিত আৰাৱন উৎসৱৰ বিভিন্ন দিশৰ এক সম্যক আভাস¸ দিয়াৰ লগতে সাম্প্ৰতিক সময়ত নগৰীকৰণে এই উৎসৱৰ মাজলৈ অনা বিভিন্ন পৰিবৰ্তন আৰু সংযোজনৰ বিচাৰ বিশ্লেষণ কৰাৰ চেষ্টা কৰা হ’ব। নতুন পৰিস্থিতিক সঠিকভাৱে মূল্যায়ন কৰাৰ প্ৰয়োজনীয়তাত উৎসৱৰ পৰম্পৰাগত দিশবোৰতো যথাৰ্থভাৱে আলোকপাত কৰা হ’ব।
ভাৰতৰ বিভিন্ন ৰাজ্যত ‘হিজৰা’ নামেৰে অভিহিত transgender বা third gender (কিন্নৰ)সকল সমাজৰ অৱহেলিত শ্ৰেণী। আমাৰ সমাজত কিন্নৰসকলৰ উপস্থিতিক লজ্জাজনক কথা বুলি ধৰা হয়। তেওঁলোক দলিতৰো দলিত, নিষ্পেষিতৰো নিষ্পেষিত। সমাজত সমমৰ্যাদা পোৱাতো দূৰৰে কথা, তেওঁলোকৰ স্বাধীনতা নাই, পৰিয়ালৰ পৰাও বঞ্চিত। গৌৰৱ আৰু মৰ্যাদাৰ পৰা বঞ্চিত এওঁলোকে নিৰাপত্তাহীন দুৰ্ভগীয়া জীৱন যাপন কৰিবলগীয়া হয়। মানুহৰ মাজত শান্তিৰে, মুকলি মনেৰে ঘূৰি ফুৰিবলৈ তেওঁলোকেও বিচাৰে। সেয়ে নিজা নিয়ম নীতিৰে বেলেগ বেলেগ পৰিয়াল গঠন কৰি একেলগে হাঁহে, একেলগে কান্দে। নিজা এখন সমাজ পাতি বাস কৰিবলৈ চেষ্টা কৰে। তেওঁলোকৰ নিজা পৰম্পৰা, ধৰ্মীয় অনুষ্ঠান আৰু বিশ্বাস আছে। ক’তো ঠাই নোপোৱা এই কিন্নৰসকল চেন্নাইত টিৰুনাঙ্গাই (তামিল ভাষাত কিন্নৰসকলক ‘টিৰুনাঙ্গাই’ বুলি কোৱা হয়) ৰ ৰাজ্যত গোট খায়। আৰাৱনক নিজৰ আৰাধ্য দেৱতা বুলি বিশ্বাস কৰা বাবে তামিলনাডুৰ স্থানীয় ভাষাত তেওঁলোকক আৰাৱনী বুলিও কোৱা হয়। এই আৰাৱনীসকলে বছৰত এবাৰ তামিলনাডুৰ বিল্লুপুৰম জিলাৰ কুৱগম গাৱঁত তেওঁলোকৰ পৱিত্ৰ আৰাৱন উৎসৱৰ আয়োজন কৰে। এই উৎসৱ তামিল চিত্ৰাই মাহ অৰ্থাৎ এপ্ৰিল, মে মাহত আয়োজন কৰা হয়। কুতানদৱৰ মন্দিৰ, কুৱগম গাঁৱৰ মূল আকৰ্ষণৰ বিন্দু। এই মন্দিৰটো কিদৰে স্থাপন হ’ল সেই বিষয়ে জনশ্ৰুতি চলি আহিছে। সেয়া হ’ল-“এবাৰ এজন মানুহে চোৰঘাম নামৰ পথাৰ এখনত পহৰা দি থকাৰ সময়ত মহাভাৰতৰ আখ্যান সুৰ লগাই গাই আছিল। আখ্যান গোৱা শেষ হোৱাৰ লগে লগে তেওঁ এটা অচিনাকি শব্দ শুনিবলৈ পালে যে, ‘মই আৰাৱন আৰু কাঠৰ ৰূপত মই এতিয়াও জীয়াই আছো। মোক উলিয়াই আনি পূজা কৰা।’ মানুহজনে আচৰিত হৈ গাঁৱৰ মানুহক মাতি আনি পুনৰ মহাভাৰতৰ আখ্যান গাবলৈ ধৰে আৰু একেদৰে সেই কথাকেই শুনিবলৈ পায়। তাৰ পিছত গাঁৱৰ মানুহে লগলাগি কাঠটুকুৰা উলিয়াই আনি তাতে এটা মন্দিৰ সাঁজি কাঠটুকুৰা স্থাপন কৰি পূঁজা কৰিবলৈ লয়।”
দক্ষিণ ভাৰতৰ তামিল প্ৰদেশত আৰাৱনৰ কাহিনীটো জনসাধাৰণৰ মুখে মুখে প্ৰচলিত হৈ আহিছে। এই কাহিনী মতে, আৰাৱন হ’ল অৰ্জুন আৰু উলুপীৰ সন্তান। কুৰুক্ষেত্ৰৰ যুদ্ধþত জয়লাভৰ বাবে পাণ্ডৱে কালী গোসাঁনীলৈ এটা বলি আগবঢ়াব লাগে। তেওঁলোকে আৰাৱনক বলি হিচাপে নিৰ্বাচিত কৰিলে। আৰাৱনে এটা চৰ্তত মান্তি হ’ল। তেওঁৰ শেষ আশা পূৰণ হ’ব লাগিব। তেতিয়া স্বয়ং কৃষ্ণই তেওঁৰ শেষ আশা পূৰণ কৰি মোহিনিৰ ৰূপ লৈ আৰাৱনক বিয়া কৰিলে। বিবাহৰ পিছদিনাখনেই আৰাৱনৰ বলি হ’ল। ভগৱান কৃষ্ণই আৰাবনৰ বলিৰ পিছত তেওঁৰ কটা মূৰত জীৱন দান দিলে যাৰ বাবে সমগ্ৰ যুদ্ধক তেওঁ নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ’ল। মোহিনিৰূপী কৃষ্ণই স্বামীৰ মৃত্যুত ম্ৰিয়মান হৈ বিধৱাৰ সাজ পৰিধান কৰি বিলাপ কৰিবলৈ ধৰে। কৃষ্ণই নিজে পুৰুষ হৈও স্ত্ৰীৰ ৰূপত আৰাৱনৰ লগত বিবাহ পাশত আৱদ্ধ হোৱাৰ নিচিনাকৈয়ে কিন্নৰসকলেও আৰাৱনৰ লগত এৰাতিৰ বাবে বিবাহ কৰে। আৰাৱনীসকলে নিজকে আৰাৱনৰ পত্নী আৰু ভগৱান শ্ৰী কৃষ্ণৰ উত্তৰাধিকাৰী বুলি জ্ঞান কৰে। এই সময়খিনিত আৰাৱনীসকলৰ আশীৰ্বাদ ল’বলৈ বহু মানুহ আহে। কুৰুক্ষেত্ৰৰ যুদ্ধৰ ১৮ দিনৰ দিনাখন বীৰ আৰাৱনৰ আত্মত্যাগৰ কাহিনীটোৱে দক্ষিণ ভাৰতৰ জনমানসত আজিও ক্ৰিয়া কৰি আছে।
আৰাৱন উৎসৱ ১৮ দিন ধৰি পালন কৰা হয়। কাঠেৰে আৰাৱনৰ মূৰ্তি নিৰ্মাণ কৰা হয়। প্ৰত্যেক বছৰৰ তামিল নতুন বছৰ অনুযায়ী বছৰৰ প্ৰথম পূৰ্ণিমাত এই উৎসৱৰ আয়োজন কৰা হয়। এই উৎসৱত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ওচৰ পাজৰৰ অন্যান্য দেশসমূহৰ পৰা অহা কিন্নৰসকল একগোট খায়। আৰাৱনৰ বিবাহ আৰু আত্মবলিদান এই উৎসৱৰ মূল। সাধাৰনতে মূল ধৰ্মীয় অনুষ্ঠানখিনি শেষৰ পাঁচদিনতহে আয়োজন কৰা হয়। বিশেষকৈ ডেকা ল’ৰা, বিবাহিত পুৰুষসকলে সুন্দৰ স্বাস্থ্য আৰু সমৃদ্ধি লাভৰ বাবে আৰাৱন দেৱতালৈ সেৱা আগবঢ়ায়। তেৰ দিনৰ দিনাখন কৃষ্ণই আৰাৱনৰ মূৰত জীৱন দান দিয়াৰ নিচিনাকৈয়ে কাঠেৰে সজা আৰাৱনৰ মূৰত আৰাৱনৰ আত্মাৰ প্ৰৱেশৰ বাবে বিধিগতভাৱে পূজা-অৰ্চনা কৰা হয়। চৈধ্য দিনৰ দিনা, গধূলি সময়ত আৰাৱনৰ মূৰ্তি স্থাপন কৰি ৰথ যাত্ৰা কৰিবৰ বাবে বিশ ফুট উচ্চতাৰ এখন আসন প্ৰস্তুত কৰি উলিওৱা হয়। আসন নিৰ্মাণ অনুষ্ঠানৰ পিছত কুৱগম আৰু তাৰ ওচৰ পাজৰৰ গাঁৱৰ ডেকা বুঢ়া সকলে আহি ত্তালি পিন্ধে। (ত্তালি-
thali- হ’ল এডাল হালধীয়া ৰঙৰ দীঘল সূতা, যাক মংগলৰ চিহ্ন বুলি ধৰা হয়)। সূতাডালৰ মাজত এডোখৰ হালধী বান্ধি দিয়া হয়। আৰাৱনৰ প্ৰতিনিধিস্বৰূপে মন্দিৰৰ মুখ্য পুৰোহিতজনে তেওঁলোকৰ ডিঙিত ত্তালি পিন্ধাই দিয়ে। পোন্ধৰ দিনৰ দিনাখনলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা কিন্নৰসকল আহি একগোট হয়। দুদিন ধৰি ত্তালি পিন্ধা অনুষ্ঠান চলি থাকে। এই কেইদিন পূৰ্ণিমাৰ ৰাতি উপভোগ কৰি তেওঁলোকে উজাগৰে থাকি কথা পাতে, হাঁহি-ধেমালি কৰি কটায়। ঘূৰণীয়াকৈ বহি হাত চাপৰি বজাই বজাই সংগীতৰ তালে তালে বিভিন্ন অংগী ভংগীৰে নাচে। তাবিল(দেখাত ঢোলৰ নিচিনা এবিধ বাদ্যযন্ত্ৰ), নদস্বৰা(পেঁপাৰ নিচিনা এবিধ বাদ্যযন্ত্ৰ) আদিৰ শব্দই মুঠতে এক মনোমোহা পৰিবেশৰ সৃষ্টি কৰে। ষোল্ল দিনৰ দিনা, ৰাতিপুৱাৰ ভাগত কাঠেৰে সজা আৰাৱনৰ মূৰত নতুনকৈ ৰং দিয়া হয়। অনুষ্ঠানৰ আৰম্ভনিতে আৰাৱনৰ চকুজুৰি নতুনকৈ চিত্ৰাংকন কৰা উৎসৱৰো আয়োজন কৰে। পৰম্পৰা ৰক্ষা কৰি আৰাৱনৰ মূৰ্তি সাজিবলৈ গাৱঁৰ ভিন্ন প্ৰান্তৰ পৰা আৰাৱনৰ দেহৰ ভিন্ন অংশৰ যোগান ধৰাৰ নিয়ম আছে। নাথনসকলে মূৰটো, ভৰি দুখন থোট্টি সকলে আৰু দেহটো কেৱল চিভিলিয়ান কুলাম সম্প্ৰদায়ৰ লোকসকলেহে সাজিব পাৰে। সোতৰ দিনৰ দিনা ৰাতিৰ ভাগত কিন্নৰসকলে ন-কইনাৰ দৰে সুন্দৰভাৱে সাজসজ্জা কৰি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে। আৰাৱনৰ প্ৰতিনিধি হিচাপে পুৰোহিতে আৰাৱনৰ লগত কিন্নৰসকলৰ বিবাহৰ আয়োজন কৰে। ওঠৰ দিনৰ দিনা মূৰ্তি স্থাপন অনুষ্ঠান আয়োজন কৰা হয়। মূৰ্তিটো আসনত স্থাপন কৰিবলৈ প্ৰায় আঠ ঘন্টা সময়ৰ প্ৰয়োজন হয়। আৰাৱনৰ মূৰটো কেৱল মন্দিৰৰ পুৰোহিতেহে কঢ়িয়াই আনিব পাৰে। ৰাতিপুৱাৰ সময়ত এই কাৰ্য সম্পন্ন কৰা হয়। পুৰোহিতে কাঠেৰে সাজি উলিওৱা আৰাৱনৰ মূৰটো নিজৰ মূৰৰ ওপৰত লৈ ঘূৰি ঘূৰি নাচি নাচি আহি আসনত মূৰ্তিটো স্থাপন কৰে। আড়ম্বৰপূৰ্ণভাৱে আৰাৱনৰ মূৰ্তিক কুৱগমৰ বিভিন্ন ঠাই তথা ৰথেৰে নিব পৰা সুবিধাজনক ঠাই পৰ্যন্ত শোভাযাত্ৰা কৰে। আৰাৱনে আত্মবলিদানৰ বাবে সাজু হোৱা কথাকেই এইদৰে প্ৰকাশ কৰা হয়। শোভাযাত্ৰা আৰম্ভ হোৱাৰ লগে লগে কৰ্পূৰৰ অগ্নিশিখা জ্বলোৱা হয়। সমবেত ৰাইজে মংগলধ্বনি দি আৰাৱনৰ মূৰ্তিত মাল্যাৰ্পন কৰে। চাৰিওফালৰ পৰাই আৰাৱনৰ জয়গান গাই ফুল দলিয়াই তেওঁৰ আশীৰ্বাদ লোৱা হয়। কুৱগমৰ আকাশত আতচবাজী জ্বলাই আৰাৱনক বিদায় সম্ভাষণ জনোৱা দেখা যায়। বিদায়ৰ পিছত নিয়মমতে আৰাৱনীসকলে বিলাপ কৰা ঠাইলৈ গৈ উপস্থিত হয়। তাত বিধৱা আৰাৱনীসকলে আউলি-বাউলী চুলিৰে, হিয়া ঢাকুৰিয়াই স্বামীৰ বাবে বিলাপ কৰে। কান্দি কান্দি তেওঁলোকে শিৰৰ সেন্দুৰ মঁচি পেলায়।
তেওঁলোকৰ হাতৰ খাৰুবোৰ ভাঙি দিয়া হয় আৰু অন্যান্য আ-অলংকাৰবোৰো খুলি দিয়া হয়। তেওঁলোকৰ ডিঙিৰ ত্তালিবোৰ খুলি এটা খুঁটাত বান্ধি থোৱা হয়। তাৰ পিছত তেওঁলোকে বগা সাজ পিন্ধে। বিধৱা আৰাবনীসকলে এনেদৰে থাকি প্ৰায় দহদিনমানলৈ অন্য মানুহৰ সেৱা শুশ্ৰূষা কৰে। আৰাৱনৰ মৃত্যুৰ পিছৰ শোক উৎসৱক আমি দুই ধৰণে চাব পাৰো। এহাতে স্বামীৰ মৃত্যুৰ শোক আনহাতে সেইদিনৰ পিছত পুনৰ আত্ম পৰিচয়ৰ নিৰাপত্তাহীনতা ভুগিবলৈ আৰম্ভ কৰাৰ বেদনা। আৰাৱন উৎসৱৰ মাধ্যমেৰে কিন্নৰসকলে সামাজিক স্বীকৃতি বিচাৰে। এনেদৰে কিন্নৰসকলৰ পৱিত্ৰ আৰাৱন উৎসৱৰ আয়োজন কৰা হয়।
যোৱা প্ৰায় অৰ্ধশতিকা ধৰি সমগ্ৰ পৃথিৱীতে দ্ৰুত নগৰীকৰণ চলিবলৈ ধৰিছে। বিশেষকৈ বিশ্বায়নে আনি দিয়া বজাৰ অৰ্থনীতিৰ বিকাশৰ বাবে বিভিন্ন অঞ্চলত নগৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সমান্তৰালভাৱে যাতায়ত ব্যৱস্থাৰ উন্নয়ন আৰু ব্যাপক উদ্যোগীকৰণে নগৰীয়া সভ্যতাৰ গুৰুত্ব বঢ়াই তুলিছে। নগৰকেন্দ্ৰিক জীৱন বা নগৰীয়া সংস্কৃতিৰ এক নিজস্ব চৰিত্ৰ আছে, যাৰ মাজত আমাৰ পৰম্পৰাগত ৰীতি নীতিবোৰ অক্ষুন্ন বা অবিকৃত অৱস্থাত বৰ্তি থাকিব নোৱাৰে। সি অনিবাৰ্যভাৱে নগৰীয়া ৰং-ৰূপ গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰে। ইয়াৰ ভিতৰত আটাইতকৈ লক্ষনীয় কথা এইটোৱেই যে বিশ্বায়নে দ্ৰুত কৰি তোলা এই নগৰীকৰণে সকলোধৰণৰ সংস্কৃতিকে তাৰ বজাৰ কেন্দ্ৰিকৰূপ প্ৰদান কৰিব বিচাৰে যাৰ বাবে আমাৰ পৰম্পৰাগত সংস্কৃতিৰ নিটোলৰূপটো বিভিন্ন বাহ্যিক চমকেৰে ভৰি পৰে আৰু প্ৰচাৰমুখিতাৰ নামত ইয়াৰ মূল চৰিত্ৰই নিবিচৰা বা সমৰ্থন নকৰা ধৰণৰ বহু বাহ্যিক কথা ইয়াৰ মাজত সোমাই পৰে। সেই দৃষ্টিৰে বিচাৰ কৰিলে দেখা যায় যে আৰাৱন উৎসৱৰ মাজতো বিভিন্ন নতুন উপাদান সোমাই পৰিছে। আগৰ সময়ত কেৱল কুৱগম আৰু তাৰ ওচৰ পাজৰৰ কেইখনমান মুষ্টিমেয় গাঁৱৰ মানুহে এই উৎসৱ চাবলৈ আহিছিল । দক্ষি ণভাৰতৰ কিন্নৰসকলে কেৱল এই উৎসৱত অংশ লৈছিল। কিন্তু বৰ্তমান সময়ত দেশৰ বাহিৰতো এই উৎসৱৰ চৰ্চা হৈছে। ফলত বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা বিদেশী কিন্নৰসকলেও উৎসৱত ভাগ ল’বলৈ আহে। আগৰ কুৱগম গাওঁতকৈ এতিয়াৰ কুৱগম গাঁৱৰ মাজত কিছু পাৰ্থক্য পৰিলক্ষিত হয়। কুৱগম গাঁৱৰ মূল আকৰ্ষণৰ বিন্দু কুতানদৱৰ মন্দিৰ আগৰ তুলনাত এতিয়া নতুনকৈ সুন্দৰৰূপত সজোৱা হৈছে। বাহৰ খুঁটা আৰু খেৰৰ চালিৰ ঠাইত বৰ্তমানে মন্দিৰৰ বেৰ পকী কৰা হৈছে। মন্দিৰলৈ সোমাই আহিবলৈ এখন পকী ডাঙৰ তোৰন দিয়া হৈছে যাৰ ওপৰৰ অংশত পঞ্চপাণ্ডৱৰ মূৰ্তি আছে। ইয়াৰোপৰি মন্দিৰৰ বেৰত মহাভাৰতৰ যুদ্ধৰ কিছু কিছু অংশ অংকন কৰা হৈছে। আৰাৱনৰ এটা প্ৰকাণ্ড মূৰ্তিও নতুনকৈ নিৰ্মাণ কৰা হৈছে। এনেদৰে মন্দিৰ নিৰ্মাণ প্ৰক্ৰিয়াত নতুন নতুন উপাদানৰ সংযোজন হোৱা দেখা যায়। কেৱল যে মন্দিৰ নিৰ্মাণ প্ৰক্ৰিয়াৰেই পৰিবৰ্তন হৈছে এনে নহয় এই উৎসৱে বহল প্ৰেক্ষাপট পোৱাৰ লগে লগে উৎসৱ উদযাপন প্ৰক্ৰিয়াটোৰ পৰিবৰ্তন হৈছে। উৎসৱ উদযাপনৰ নিয়মনীতিৰ পৰিবৰ্তন হোৱা নাই যদিও দেখা যায় যে বৰ্তমানে কিন্নৰ, পুৰুষসকলৰ লগতে মহিলাসকলেও মন্দিৰত সেৱা ল’বলৈ আহে। আগতে কেৱল এই উৎসৱৰ লগত সম্পৰ্কিত মানুহখিনিয়েহে এই উৎসৱ চাবলৈ আহিছিল । কিন্তু আজিকালি এই উৎসৱৰ লগত সম্পৰ্কিত নোহোৱা বহু মানুহৰ উপস্থিতি দেখা যায়। নতুন সময়ৰ নতুন প্ৰয়োজনীয়তালৈ লক্ষ্য কৰি উৎসৱত নতুন উপাদানৰ সংযোগ ঘটিছে। উৎসৱৰ সময়ত নিশাৰ ভাগত মহাভাৰতৰ কাহিনীবোৰ নাটক আকাৰে প্ৰদৰ্শন কৰা হৈছিল। কিন্তু এতিয়া অন্যান্য বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। প্ৰথম কেইদিনত অনুষ্ঠিত হোৱা বিভিন্ন অনুষ্ঠানত গীত-নৃত্য পৰিবেশন কৰিবলৈ তামিলনাডুৰ প্ৰসিদ্ধ শিল্পীসকলক আমন্ত্ৰন জনোৱা হয়। নগৰীকৰণ আৰু বজাৰকেন্দ্ৰিকতাৰ প্ৰভাৱে এই উৎসৱত ব্যৱসায়ীক গুৰুত্বৰ কথা আনি দিছে। ইয়াৰ ফলত এই উৎসৱত মেলামুখিতাই স্থান পাইছে। বিদেশী কিন্নৰসকল তথা অন্যান্য বহুলোকৰ সমাগম হোৱাৰ লগে লগে সমান্তৰালভাৱে যাতায়াত ব্যৱস্থাৰ উন্নয়ন হোৱা দেখা যায়। আকৌ, গাঁৱৰ পৰা কিছু দূৰে দূৰে অতিথিশালা আদিৰ নিৰ্মাণ কৰা হৈছে। দূৰ দূৰনিৰ পৰা অহা কিন্নৰসকলৰ লগতে অন্যান্য মানুহৰ জিৰনি ল’বৰ বাবে ব্যৱস্থা কৰা হৈছে।কিন্নৰসকলে নিজকে সজাই পৰাই ভাল পায়। বিশ্বৰ ভিন্ন প্ৰান্তত সৌন্দৰ্য প্ৰতিযোগিতাই সমাদৰ পোৱাৰ লগে লগে কিছু বছৰ আগৰ পৰা আৰাৱন উৎসৱতো এই প্ৰতিযোগিতাই সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। উৎসৱৰ সময়ত আয়োজন কৰা সৌন্দৰ্য প্ৰতিযোগিতাক ‘মিচ কুৱগম” নামেৰে নামাকৰন কৰা হৈছে।
বিভিন্নটা খণ্ডত বিভক্ত কৰা এই প্ৰতিযোগিতাত কিন্নৰৰসকলৰ বাহ্যিক সৌন্দৰ্যকেই যে চোৱা হয় এনে নহয় সামাজিক, ৰাজনৈতিক আদি বিভিন্ন দিশৰ জ্ঞান বৃদ্ধিৰ বাবে প্ৰশ্নোত্তৰ শিতানৰ আয়োজন কৰা হয়। ইয়াৰ বাবে তেওঁলোকে নিজকে প্ৰস্তুত কৰি উলিওৱাৰ লগে লগে তেওঁলোকৰ মনোবল, সাহসো বৃদ্ধি হয়। ইয়াৰ ফলত আত্ম প্ৰতিষ্ঠাৰ যুঁজখনত অৱতীৰ্ন হ’বলৈ তেওঁলোকে সুবিধা পায়। সৌন্দৰ্য প্ৰতিযোগিতাৰ বিচাৰক হিচাপে তামিলনাডুৰ চিনেমা জগতৰ বিখ্যাত ব্যক্তিসকলৰ লগতে বিদেশৰ প্ৰসিদ্ধ ব্যক্তিসকলকো নিমন্ত্ৰন জনোৱা হয়। বিদেশী পৰ্যটক সকলেও এই উৎসৱ চাবলৈ আহে। আকৌ, এই সময়খিনিত তেওঁলোকে নিজৰ দাবীসমূহৰ নায্যতা বিচাৰি সমদল উলিয়ায়। আজিকালি এই উৎসৱৰ লগত সংগতি ৰাখি অংগদান শিবিৰ, ৰক্তদান শিবিৰ, এইডচ্ সজাগতা শিবিৰ আদিও অনুষ্ঠিত কৰা দেখা যায়।মুঠৰ ওপৰত, কিন্নৰসকলৰ গুৰুত্বপূৰ্ণ আৰাৱন উৎসৱত সাম্প্ৰতিক সময়ৰ নতুন পৰিস্থিতিক সঠিকভাৱে মূল্যায়ণ কৰাৰ বাবে এনেধৰণৰ পৰিবৰ্তন আৰু সংযোজন হোৱা পৰিলক্ষিত হৈছে।
তামিলনাডুৰ আৰাৱন উৎসৱক আমি সামাজিক স্তৰত শোষিত, বঞ্চিত, নিৰাপত্তাহীনতাত ভোগা কিন্নৰসকলৰ আত্ম পৰিচয়ৰ এটা মাধ্যম বুলি ক’ব পাৰো। পুৰণি কালৰ পৰাই আৰাৱন উৎসৱ চলি আহিছে। পুৰণি সময়ত আৰাৱনৰ কাহিনী নাটকৰ ৰূপত উপস্থাপন কৰি উৎসৱৰ সময়ত প্ৰদৰ্শন কৰা হৈছিল যদিও বৰ্তমানে নতুন সময়ৰ লগে লগে নতুন সমাজে বিচৰা ধৰণে কেতবোৰ অনুষ্ঠানৰ প্ৰয়োজনীয়তা আহি পৰিছে। নগৰীকৰণ আৰু বজাৰকেন্দ্ৰিক সভ্যতাই এই উৎসৱত বহু নতুন উপাদান সংযোগ কৰিছে। ইয়াৰ ফলত এই উৎসৱৰ পৰম্পৰাগত সীমাবদ্ধতা অতিক্ৰম কৰাৰ লগতে কিন্নৰসকলে নতুনকৈ আত্ম প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে।
গ্ৰন্থপঞ্জী :
1.Ve. Munish,Tamil
Ilakkiyathilaravaanikal(in Tamil), Jayam Pathipakam, Madurai, 2008
Website :
www.koovagamfestivel.com
www.transgenderfestivel.org




No comments:
Post a Comment