Wednesday, July 24, 2019

সুব্ৰমনীয় ভাৰতীৰ(சுப்ரமணிய பாரதி) কবিতাত গান্ধীবাদী চিন্তা:





             মহাত্মা গান্ধীৰ আবিৰ্ভাৱে প্ৰায় দুই শতিকাজোৰা ঔপনিৱেশিক শাসন শোষণৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে জনগণক নতুন পথ দেখুৱাই দিয়ে গান্ধীজীৰ নেতৃত্বত সমগ্ৰ ভাৰতব্যাপী বৃহৎ সমবেত আন্দোলন গঢ়ি উঠিছিল তেওঁৰ আদৰ্শক সাৰোগত কৰি দেশৰ স্বাধীনতাকামী সংগ্ৰামীসকলে অশেষ ত্যাগ, অদমনীয় মনোবল আৰু প্ৰবল সংগ্ৰামী দৃঢ়তাৰে যুঁজ দিয়াৰ বিনিময়ত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে স্বাধীনতা আন্দোলনক আগবঢ়াই নিবলৈ গান্ধীজীয়ে কেতবোৰ নীতি অৱলম্বন কৰিছিল সেইবোৰ সত্য, অহিংসা, সত্যাগ্ৰহ আদি এই নীতিয়ে দেশৰ চুকে-কোনে, বাহিৰে-ভিতৰে সকলোকে প্ৰভাৱান্বিত কৰিবলৈ সক্ষম হৈছিল গান্ধীজীৰ অনুগামীসকলে প্ৰত্যক্ষভাৱে আন্দোলনত জড়িত হোৱাৰ লগতে বিভিন্ন মাধ্যমেৰে তেওঁৰ আদৰ্শক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছিল বহুজনে নিজৰ সাহিত্য কৰ্মৰ মাজেদিও বিদেশী শক্তিক প্ৰতিহত কৰি আত্মপ্ৰতিষ্ঠাৰ যুঁজত ব্ৰতী হৈছিল মহাত্মা গান্ধীয়ে নিজেও হৰিজন, নৱজীৱন আদি কাকতত লেখা-মেলা কৰিছিল বিভিন্ন লিখনিৰ মাজেদি গোটেই দিশটোক এক নতুন গতি প্ৰদান কৰিছিল আৰু জনসাধাৰণক বিভিন্ন উৎসাহ দিছিল ভাৰতবৰ্ষৰ বিভিন্ন আঞ্চলিক ভাষাৰ সাহিত্যতো এই প্ৰভাৱ পৰিলক্ষিত হয় আঞ্চলিক ভাষাৰ সাহিত্যিকসকলে নিজৰ সাহিত্যৰ মাজেৰে গান্ধীজীৰ আদৰ্শক আগত ৰাখি জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে জনগণৰ হদয় দেশাত্মবোধৰ ভাব জাগ্ৰত কৰি তুলিবলৈ যত্ন কৰিছিল দক্ষিণ ভাৰতৰ তামিল প্ৰদেশত সুব্ৰমনীয় ভাৰতীয়ে মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছিল তেখেতে নিজৰ ৰচনাত গান্ধীজীৰ আদৰ্শক সুন্দৰভাৱে উপস্থাপন কৰিছে

                মহাত্মা গান্ধী পৃথিৱীৰ শ্ৰেষ্ঠ চিন্তা নায়কৰ ভিতৰত সন্মানজনক আসন লাভ কৰিছে তেওঁ স্বাধীন ভাৰতৰ অন্যতম প্ৰতিষ্ঠাতা বুলি পৰিগণিত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পৰাজয়ে ভাৰতীয় জনসাধাৰণক হতাশ কৰি তুলিছিল এই বিদ্ৰোহে ভাৰতীয়সকলৰ মনত ৰাজনৈতিক চেতনা জগাই তুলিছিল আৰু ভাৰতীয় সকলে ইংৰাজৰ শোষণৰ পৰা মুক্তি পোৱাৰ বাবে প্ৰেৰণা লাভ কৰিছিল ১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছে জন্ম লাভ কৰাৰ সময়ৰ পৰা ভাৰতবৰ্ষত সংগঠিতভাৱে স্বাধীনতা লাভ কৰাৰ প্ৰয়াস আৰম্ভ হৈছিল ভাৰতবৰ্ষৰ নেতৃস্থানীয় ব্যক্তি কিছুমানে ভাৰতীয় লোকৰ স্বাৰ্থ ৰক্ষাৰ বাবে ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিছিল ১৯০৫ চনত লৰ্ড কাৰ্জনে বংগদেশক বিভাজন কৰি পূৱবংগ আৰু পশ্চিমবংগ দুটা ভাগত ভাগ কৰিছিল বংগ বিভাগৰ বাবে প্ৰথমতে বংগদেশত আন্দোলন হৈছিল যদিও পিছত এই আন্দোলন সমগ্ৰ ভাৰতত বিয়পি পৰে ইয়াৰ পৰিপ্ৰেক্ষিতত আৰম্ভ হৈছিল স্বদেশী আন্দোলন ভাৰতীয় জাতীয় কংগ্ৰেছ আৰম্ভণিৰ পৰা ১৯০৫ চনলৈ নৰমপন্থী ব্যক্তিসকলৰ দ্বাৰা পৰিচালিত হৈছিল  কিন্তু ইংৰাজৰ শোষণ আৰু দমন কৰা নীতিয়ে বহুত কংগ্ৰেছী নেতাক হতাশ কৰাৰ ফলশ্ৰুতিত কংগ্ৰেছত চৰমপন্থীৰ অভ্যুত্থান ঘটিছিল

                ১৯১৭ চনত মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাত ভাৰতৰ ৰাজনীতিত এটা নতুন অধ্যায়ৰ সূচনা হৈছিল মহাত্মা গান্ধীৰ কংগ্ৰেছত যোগদানে এই দলটো এটা সৰ্বসাধাৰণৰ অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছিল তেওঁৰ নেতৃত্বত কংগ্ৰেছ দলে অহিংসা নীতিৰ জৰিয়তে আন্দোলন কৰি ভাৰতৰ স্বাধীনতা লাভ কৰাৰ বাবে লক্ষ্য স্থিৰ কৰিছিল ১৯২০ চনৰ পৰা ১৯৪৭ চনলৈ মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতৰ স্বাধীনতা আন্দোলন পৰিচালিত হৈছিল দক্ষিণ আফ্ৰিকাত গান্ধীজীয়ে বৰ্ণ-বৈষম্যৰ বিৰুদ্ধে অহিংসা নীতিৰ জৰিয়তে আন্দোলন চলাই ভাৰতীয়সকলক ন্যায় প্ৰদানৰ ক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰিছিল গান্ধীজীয়ে প্ৰথম অৱস্থাত ব্ৰিটিছ চৰকাৰৰ লগত সহযোগিতাৰ মনোভাবেৰে ভাৰতীয়সকলৰ অভাৱ-অভিযোগবোৰৰ সমাধানৰ পথ বিচাৰি উলিওৱাৰ চেষ্টা কৰিছিল কিন্তু ইংৰাজ চৰকাৰে ভাৰতীয়সকলৰ আশা পূৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ সহায়-সহযোগিতা নকৰিলে ইয়াৰ ফলত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ এই আন্দোলনৰ ফলশ্ৰুতিত ভাৰতত অভূতপূৰ্ব জনজাগৰণ হৈছিল আৰু ভাৰতীয়সকলৰ মাজত ঐক্য, সংহতি আৰু মনোবল বৃদ্ধি পাইছিল

                মহাত্মা গান্ধীয়ে নৈষ্ঠিক হিন্দু পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল আৰু সৰুকালৰ পৰাই ধৰ্মীয় আচাৰ-অনুষ্ঠানত জড়িত হৈ পৰিছিল তেওঁ ঈশ্বৰ বিশ্বাসী আছিল মানুহৰ সেৱাৰ জৰিয়তে তেওঁ ঈশ্বৰৰ সন্ধান কৰিছিল গান্ধীয়ে কৈছিল ঈশ্বৰ সত্য মহাত্মা গান্ধীৰ জীৱনত ধৰ্মৰ প্ৰভাৱ আছিল অতি গভীৰ তেওঁৰ মতে ধৰ্ম মানুহৰ প্ৰকৃত ৰূপৰ প্ৰকাশ ধৰ্ম আৰু নৈতিকতাৰ মাজত অবিচ্ছেদ্য সম্পৰ্ক আছে গান্ধীজীৰ অৰ্থনৈতিক আৰু সমাজ দৰ্শনৰ মূল ভিত্তি ধৰ্ম

                মহাত্মা গান্ধীৰ মতে সত্য আৰু অহিংসা এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি অহিংসাৰ অৰ্থ আনক হিংসা নকৰা আনক আঘাত দিয়া, স্বাৰ্থপৰ উদ্দেশ্যেৰে কৰা আদি হিংসা এইবোৰৰ পৰা বিৰত থকাটোৱেই অহিংসা গান্ধীজীৰ মতে মানুহৰ প্ৰকৃত স্বৰূপ আধ্যাত্মিকতা তেওঁ কৈছে শৰীৰত আঘাত লেও আত্মাত আঘাত বা হানি নহয় প্ৰকৃততে অহিংসাৰ ইতিবাচক দিশ প্ৰেম প্ৰেম এক মহান শক্তি, মানুহৰ অন্তৰত দয়া, ক্ষমা, সহানুভূতি, উদাৰতা আনি দিয়ে অহিংসাৰ অস্ত্ৰপাত প্ৰয়োগ কৰিবলৈ মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ পথ বাছি হৈছিল সত্যাগ্ৰহ সত্যৰ প্ৰতি আগ্ৰহ এই সত্যাগ্ৰহ হৈছে হিংসা, অন্যায়, অবিচাৰৰ বিৰুদ্ধে এক শক্তি সত্যাগ্ৰহীৰ উদ্দেশ্য বিপক্ষৰ বিবেক জয় কৰা প্ৰকৃততে সত্যাগ্ৰহ অহিংসা বিপ্লৱৰ এক অভিনৱ হাথিয়াৰ

                মহাত্মা গান্ধীয়ে যি আদৰ্শত বিশ্বাস কৰিছিল সম্পূৰ্ণভাৱে আধ্যাত্মিক তেওঁৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সমস্যাবোৰৰ বিশে¡ষণত সদায় আদৰ্শ নিহিত হৈ থাকে

                সুস্থ সামাজিক জীৱন যাপনৰ ক্ষেত্ৰত গান্ধীয়ে শ্ৰম বিভাজনৰ নীতি সমৰ্থন কৰিছিল শাৰীৰিক আৰু মানসিক উভয় প্ৰকাৰ কৰ্ম সমানে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছিল তেওঁৰ মতে সমাজৰ উন্নতিৰ বাবে সকলো ব্যক্তিয়ে মানসিক শ্ৰমৰ লগতে শাৰীৰিক শ্ৰম কৰাটো অত্যাৱশ্যকীয়

                গান্ধীজীৰ মতে সমাজৰ ভেটি হৈছে ব্যক্তিৰ মাজত থকা পৰস্পৰৰ বিশ্বাস আৰু ভালপোৱা, শ্ৰেণী সংঘাটে অবিশ্বাস আৰু ঘৃণাৰ জন্ম দিয়ে, ইয়াৰ ফলত সমাজখন বিপথে পৰিচালিত পাৰে তেওঁ বিশ্বাস কৰিছিল যে সকলো ব্যক্তিয়েই আন্তৰিকভাৱে সৎ

                তদুপৰি, গান্ধীজীয়ে নাৰী-পুৰুষৰ সম অধিকাৰৰ কথা চিন্তা কৰিছিল তেওঁ কৈছিল, পুৰুষ আৰু নাৰীৰ মাজত একে আত্মা আছে উভয়ে সমান সমাজত সুখ-শান্তি প্ৰতিষ্ঠাৰ বাবে নাৰী আৰু পুৰুষ উভয়ে নিজৰ স্থিতি আৰু কৰ্তব্যৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন নাৰী-পুৰুষ উভয়ৰে কৰ্তব্য সমানে গুৰুত্বপূৰ্ণ আৰু আৱশ্যকীয়

                গান্ধীজীয়ে ৰাজনৈতিক স্বাধীনতাক স্বৰাজ বুলি উল্লেখ কৰিছে স্বৰাজৰ অৰ্থ নিজৰ চৰকাৰ বা আত্মশাসন তেওঁৰ মতে স্বৰাজ লাভ কৰা দেশ এখনৰ শক্তিশালী নেতাসকলে দুখীয়া জনসাধাৰণক অৱজ্ঞা কৰিব নালাগে প্ৰকৃত স্বৰাজত প্ৰত্যেক ব্যক্তিয়ে নিজকে স্বাধীন অনুভৱ কৰিব পাৰিব লাগে গান্ধীয়ে নৈতিক সচেতনাক গুৰুত্ব দিছে আত্মত্যাগত নৈতিকতা আছে, সেয়ে সকলো ব্যক্তি আত্মকেন্দ্ৰিকতাৰ পৰা মুক্ত হোৱা উচিত

                সমাজত শান্তি-শৃংখলা স্থাপনৰ বাবে মহাত্মা গান্ধীয়েসৰ্বোদয় ধাৰণাৰ পোষকতা কৰেসৰ্বোদয় অৰ্থ সকলোৰে মংগল ইয়াৰ ভিত্তি মানুহৰ মাজৰ প্ৰেম আৰু ভালপোৱা সৰ্বোদয়ীসকলে মানুহৰ বাবে নিজ স্বাৰ্থ বিসৰ্জন দিয়াটো জৰুৰী

                গান্ধীৰ শিক্ষানীতিয়ে মানুহৰ সৰ্বাত্মক বিকাশৰ ওপৰত যি গুৰুত্ব দিছিল সি উল্লেখযোগ্য গান্ধীবাদৰ ৰাজনৈতিক আদৰ্শৰ মূলতে এই বিশ্বাস যে প্ৰত্যেক ব্যক্তিৰ মাজত কিছুমান শুভ গুণ আছে প্ৰকৃত শিক্ষাইহে এই সৎ গুণৰাশিৰ প্ৰকাশ কৰে শিক্ষাৰ উদ্দেশ্য লাগে এক সুস্থ জীৱনবোধ গঢ়াৰস্বদেশীগান্ধীৰ ৰাজনৈতিক আদৰ্শৰ এটা গুৰুত্বপূৰ্ণ ধাৰণা বহল অৰ্থত স্বদেশী স্বদেশৰ বস্তুৰ ব্যৱহাৰ আৰু বিদেশী বস্তুৰ বৰ্জন স্বদেশী অহিংসা আন্দোলনৰ এটা পথ

                ভাৰতীয় পৰম্পৰাৰে পুষ্ট গান্ধী চিন্তাত অহিংসা নীতিয়ে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে অহিংসাক অস্ত্ৰ হিচাপে লৈ তেওঁ পৰাধীনতাৰ গ্লানিত পোত যোৱা ভাৰতবৰ্ষৰ মানুহক জগাই তুলি দেশ স্বাধীন কৰাৰ দৃঢ় সংকল্প লৈছিল মহাত্মা গান্ধীৰ অহিংসা নীতি এক উচ্চস্তৰৰ আধ্যাত্মিক আদৰ্শ আজীৱন অহিংসাৰ পূজাৰী মহাত্মা গান্ধীৰ চিন্তা-চৰ্চাই পৃথিৱীৰ সকলো মানুহৰ দৃষ্টি আকৰ্ষণ কৰে আনকি গান্ধীৰ আন্দোলনে ব্ৰিটেইনবাসীৰো মন আকৰ্ষণ কৰিছিল মুক্তিকামী জনগণক ইংৰাজসকলে যি বৰ্বৰ অত্যাচাৰ কৰিছিল, ইয়ে জনসাধাৰণক বিচলিত কৰিছিল তেওঁলোকে ইংৰাজৰ শাসনৰ ওৰ পৰাটো বিচাৰিছিল মহাত্মাৰ নীতিয়ে পৰাধীন দেশৰ মানুহৰ মনত নতুন উদ্যমৰ সঞ্চাৰ কৰিছিল। 


      সুব্ৰমনীয় ভাৰতী (১৮৮২-১৯২১) আধুনিক যুগৰ তামিল সাহিত্যৰ এগৰাকী পুৰোধা ব্যক্তি তেওঁ একেধাৰে কবি, সাহিত্যিক, গীতিকাৰ, সাংবাদিক, সমাজ সংস্কাৰক, দক্ষিণ ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰদূত বিংশ শতিকাৰ তামিল কাব্য সাহিত্যৰ উত্থানৰ ক্ষেত্ৰত সুব্ৰমনীয় ভাৰতী অগ্ৰগণ্য তেওঁক ভাৰট্টীয়াৰ, সুববাইয়া, শক্তিদাসন, মহাকবি আদি বিভিন্ন নামেৰে জনা যায় আধুনিক তামিলৰ সৰ্বশ্ৰেষ্ঠ কবি হিচাপে স্বীকৃত এইজনা কবিৰ কবিতাত কবিৰ মাতৃভূমি তামিলনাডুকে ধৰি সমগ্ৰ ভাৰত মূৰ্তিমান হৈ উঠিছে এইজনা মনীষীৰ ব্যক্তিত্ব আৰু আদৰ্শই তামিল জনমানসত আজিও ক্ৰিয়া কৰি আছে তেওঁ লিখা কবিতাসমূহে সেই সময়ত স্বাধীনকামী জনগণৰ হদয়ত ঢৌ তুলিছিল আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত ব্ৰতী বলৈ দক্ষিণৰ মানুহক উৎসাহ আৰু উদ্গনি যোগাইছিল শিক্ষা আৰু ৰাজনৈতিক কাৰণত ভাৰতীয়ে উত্তৰ ভাৰতৰ কাশী, কলিকতা আদি বিভিন্ন ঠাইত অস্থায়ীভাৱে বসতি কৰিছিল দক্ষিণ ভাৰতৰ লগতে উত্তৰ ভাৰতৰ ভাষা-সাহিত্য, শিক্ষা-সংস্কৃতিৰ লগত সম্পৰ্ক স্থাপনে ভাৰতীৰ সাহিত্যৰ জগতখনক বিস্তৃতি প্ৰদান কৰে ফলত তেওঁৰ ৰচনাৰাজিয়ে সৰ্বভাৰতীয় প্ৰেক্ষাপট লাভ কৰে সুব্ৰমনীয় ভাৰতীৰ দুৰ্দান্ত সাহসে ব্ৰিটিছ সাম্ৰাজ্যকে প্ৰত্যাহ্বান জনাইছিল ব্ৰিটিছৰ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ বিভিন্ন বাতৰি কাকত যেনেস্বদেশমিত্ৰন, বালভাৰত আদিত সাহিত্য ৰচনাৰ যোগেদি তেওঁ ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰিছিল

                পণ্ডীচেৰীত থকাৰ সময়ত সুব্ৰমনীয় ভাৰতীয়ে ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰাত ৩৪ দিনৰ বাবে কাৰাবাস খাটিবলগা হৈছিল এইখিনি সময়ত ভাৰতীয়ে মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছিল দেশৰ আজাদী আৰু দেশক ৰক্ষা কৰাৰ বাবে ওলাই অহা ভাৰতীয়ে মহাত্মা গান্ধীক উদ্দেশ্যি লিখিছে——— ‘দীৰ্ঘায়ু হোৱা গান্ধী ভাৰতীয়ে গান্ধীজীক মাদ্ৰাজত লগ পাই ব্যাকুল হৈ পৰে গান্ধীজীৰ আদৰ্শক আগত লৈ বিভিন্ন কবিতা ৰচনা কৰি জনগণক স্বাধীনতা আন্দোলনত আগবাঢ়ি আহিবলৈ উদ্বুদ্ধ কৰে মহাত্মা গান্ধীৰ আদৰ্শ প্ৰকাশ কৰি তেওঁ বহুকেইটা কবিতা ৰচনা কৰিছিল জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে পৰাধীন দেশৰ জনগণক মুক্ত কৰিবলৈ তেওঁ আপ্ৰাণ চেষ্টা কৰিছিল তেওঁৰ কবিতাসমূহে তামিল প্ৰদেশৰ জনসধাৰণক জাগৃত কৰি তোলাত অৰিহণা যোগাইছিল তামিলনাডুৰ বিভিন্ন সাৰ্বজনীন সভাত তেওঁৰ কবিতাসমূহ আবৃত্তি কৰি জনগণক স্বাধীনতা আন্দোলনত আগভাগ বলৈ তীব্ৰ উদ্যম যোগাইছিল

                মহাত্মা গান্ধীয়ে কোৱাৰ নিচিনাকৈ ভাৰতীয়েও মানুহক নিজৰ কৰ্ম, নিজৰ ধৰ্ম কৰি যাবলৈ আহ্বান কৰিছিল তেওঁ  চুদনতীৰম পেৰুমইকবিতাত লিখিছে এইদৰে———

                Dharma alone lives, All else is transient

                Those that have seen this truth

                Would they seek to live there after

                In servitude dishonourableঞ্জ     

                (ধৰ্মই কেৱল থাকে, সকলো ক্ষণস্থায়ী

                                যি সকলে এই সত্যক দেখিছে

                কি তেওঁলোকে ইয়াৰ পিছতো থাকিব বিচাৰে·

                                                এই দাসত্ব অপমানজনক·)

                ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাত উচ্চ আৰু নিম্ন বৰ্ণৰ মাজত সংঘাত পৰম্পৰাগতভাৱে চলি আহিছে উচ্চ শ্ৰেণীয়ে নিম্ন শ্ৰেণীক সদায় হেয় দৃষ্টিৰে চায় মহাত্মা গান্ধীয়ে নিম্ন শ্ৰেণীৰ দুখ-দুৰ্দশা দেখি মৰ্মাহত হৈ পৰিছিল গান্ধীয়ে নিম্ন শ্ৰেণীটোক শোষণ-নিষ্পেষণ, অন্যায়-অত্যাচাৰৰ পৰা মুক্ত কৰিবলৈ স্বাধীনভাৱে জীৱন নিৰ্বাহ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল গান্ধীৰ এই আদৰ্শক ভাৰতীয়ে নিজৰ কবিতাৰ মাজেদি প্ৰকাশ কৰিছে এইদৰে———

No more penury ! No More slavery!

None is low-born in India.

Learning and wealth, each and all shall attain

Soul shall flow to soul in joy

Weক্সll live together as equals,

As persons of the same status.

Deliverance! Deliverance! Deliverance!

                                                                (ৱীডুদলই)

 (শিক্ষা-দীক্ষা আৰু ধন ঐশ্বৰ্য, প্ৰত্যেকৰে আৰু সকলোৰে প্ৰাপ্য

                আত্মাই আনন্দত প্ৰবাহিত আত্মাৰ জয়ৰ বাবে আমি সমান অংশীদাৰীত্বৰে সদা একেলগে বাস কৰিম সেই মৰ্যাদাৰ ব্যক্তিত্বৰে

                মুক্তি! মুক্তি! মুক্তি )

                মহাত্মা গান্ধীয়ে নাৰী স্বাধীনতা সম্পৰ্কে উল্লেখ কৰি কৈছিল যে নাৰী পুৰুষৰ সমানে আগবাঢ়ি যাব লাগে নাৰীক উপযুক্ত শিক্ষা প্ৰদান কৰি তেওঁৰ অধিকাৰ আৰু মৰ্যাদাক সমান জ্ঞান কৰিব লাগে ভাৰতীয়েও নাৰীক সৱল আৰু শক্তিশালী কৰি তুলিবলৈ প্ৰয়াস কৰিছিল তেওঁৰ কবিতাত পোৱা যায় এইদৰে

                 Dance the kummi, beat the measure

Let this land of the Tamils sing with our dance

For now we are rid of all evil shades.

Weক্সve see the good.                                                                                                    (পেনকল ৱীডুদলই কুমমী)

         ( জীৱনত জীৱনৰ সুখ প্ৰাপ্ত হয়

             মহিলা জীৱনৰ তুলনাত মধুৰ

               আহক তালি বজাওক আৰু নৃত্য কৰক

                  মাতৃৰ  অভিবাদননৃত্য )

                এই আলোচনাৰ পৰা পোৱা যায় সুব্ৰমনীয় ভাৰতীয়ে মহাত্মা গান্ধীৰ ধাৰাটোক নিজস্ব ধৰণে নিজৰ সামাজিক বাতাবৰণ অনুকূলে আগবঢ়াই নিছিল সুব্ৰমনীয় ভাৰতীৰ শে¡াগানধৰ্মী কবিতাসমূহে সেই সময়ৰ তামিল প্ৰদেশৰ জনগণক ভাৰতৰ স্বাধীনতা আন্দোলনত ব্ৰতী বলৈ উদ্যম যোগাইছিল মহাত্মা গান্ধীৰ আদৰ্শক প্ৰকাশ কৰিবলৈ বন্দে মাতৰম, দীৰ্ঘায়ু হোৱা গান্ধী আদি কবিতা ভাৰতীয়ে ৰচনা কৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে মাত মতাৰ বাবে তেওঁ আনকি  কাৰাবাস খাটিবলগাও হৈছিল গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁ  এক ভাৰতীয়ধাৰণাৰে সকলোকে বান্ধিব খুজিছিল তেওঁৰ কবিতাত ইংৰাজসকলৰ ভাৰতীয়সকলৰ ওপৰত কৰা দাসত্ব আৰু গোলামীৰ বিৰুদ্ধে দুৰ্দান্ত সাহসেৰে মাত মতা দেখা যায়



                 সুব্ৰমনীয় ভাৰতীয়ে স্বকীয়তাৰে মহাত্মা গান্ধীৰ আদৰ্শক নিজৰ  কবিতাৰ মাজত সফলভাৱে আৰু সৱলভাৱে উপস্থাপন কৰিবলৈ সক্ষম হৈছে গান্ধীজীৰ নৈতিক, আধ্যাত্মিক আদৰ্শসমূহ ভাৰতীৰ কবিতাত প্ৰাণ পাই উঠিছে অৱশ্যে গান্ধীজীৰ আদৰ্শক প্ৰকাশ কৰিলেও  নিজৰ স্বকীয় ভংগীৰে সেই আদৰ্শক তেওঁ সুন্দৰ ৰূপত সজাই তুলিছে গান্ধীজীৰ অহিংসা নীতিৰ প্ৰতি ভাৰতীৰ অপৰিসীম শ্ৰদ্ধা আছিল কিন্তু, ব্ৰিটিছৰ বিৰুদ্ধাচাৰণ কৰিবলৈ গৈ তেওঁৰ বিপ্লৱৰ চেতনাৰ ঠায়ে ঠায়ে উগ্ৰতাও পৰিলক্ষিত হয় সামগ্ৰিকভাৱে চাবলৈ লে মহাত্মা গান্ধীৰ আদৰ্শক ভাৰতীয়েþ নিজৰ চিন্তা, কৰ্ম আৰু সাহিত্যৰ দ্বাৰা উজ্জ্বীৱিত কৰি তুলিছে



   গ্ৰন্থপঞ্জীঃ

দাস,  ড০ফণীভূষণ সাহিত্য আৰু দৰ্শন, প্ৰথম প্ৰকাশ, ২০১৪ ডিচেম্বৰ, আখৰ প্ৰকাশ, গুৱাহাটী

Mahakavi Bharathi poems (in Tamil), Narmatha Publishers, Chennai, 2015

  Rao V.k, Essays on bharathi, Bharathi Tamil Sagam, Culcutta, 1970

Subramanya Bharathi poems Tranalations, Tamil Virtual University, Chennai, 2006.ন্ড



                                ……………………………………………………………………..


পুদুমইপিত্তনৰ নিৰ্বাচিত গল্পত সমাজ পৰিৱৰ্তনৰ আকাংক্ষা

  তামিল সাহিত্যত চিৰুকদই বা চুটিগল্প বিংশ শতিকাত আৰম্ভ হোৱা এটি নতুন সাহিত্যিক শৈলী। তামিল চুটিগল্প সাহিত্যৰ বুৰঞ্জীত ইটালীয়ান খ্ৰীষ্টধৰ্ম প...