Sunday, July 14, 2024

পুদুমইপিত্তনৰ নিৰ্বাচিত গল্পত সমাজ পৰিৱৰ্তনৰ আকাংক্ষা

 তামিল সাহিত্যত চিৰুকদই বা চুটিগল্প বিংশ শতিকাত আৰম্ভ হোৱা এটি নতুন সাহিত্যিক শৈলী। তামিল চুটিগল্প সাহিত্যৰ বুৰঞ্জীত ইটালীয়ান খ্ৰীষ্টধৰ্ম প্ৰচাৰক ৰেভ. বেশ্‌ছিয়ে (১৬৮০-১৭৪৭) তামিল ভাষা শিকি লোৱাৰ পাছত পাশ্চাত্য আদৰ্শৰ আৰ্হিত চুটিগল্প সাহিত্য ৰচনাত প্ৰথমে প্ৰবৃত্ত হোৱা দেখা গৈছিল। তেওঁৰ চুটিগল্প সাহিত্য সংগ্ৰহ “পৰমাৰ্ত কুৰুকদই”ক গুৰু-শিষ্যৰ হাস্য-ৰসাত্মক কাহিনী হিচাপে জনা গৈছিল। কিন্তু তেওঁৰ গল্পবোৰ আধুনিক অৰ্থত চুটিগল্প নাছিল। দৰাচলতে তামিল সাহিত্যত বিংশ শতিকাৰ আৰম্ভণিৰ সময়ৰ পৰাহে এটি বিশেষ শ্ৰেণীৰ সাহিত্যিক ৰূপ হিচাপে চুটিগল্প সাহিত্যই আত্মপ্ৰকাশ কৰে। তামিল ভাষাত চুটিগল্পৰ গঢ় বা ৰীতিৰ দিশত ১৯৩৩ চনত ষ্টেলিন শ্ৰীনিবাসনে ‘মণিক্কোডি’ নামৰ আলোচনী উলিয়াইছিল। যিয়ে নতুন প্ৰজন্মক সাহিত্য সৃষ্টিৰ বাবে বাট দেখুৱাই দিয়ে। ‘মণিক্কোডি’আলোচনীৰ লগত জড়িত হৈ পৰা সেই সময়ৰ তামিল লেখকসকলে ‘মণিক্কোডিদল’ হিচাপে সাহিত্য জগতত আত্মপ্ৰকাশ কৰে আৰু এই লেখকসকলৰ হাততেই তামিল চুটিগল্পই ৰূপে-ৰসে অভিনৱত্ব লাভ কৰে। এই সময়ৰ উল্লেখনীয় গল্প লেখকসকল হ’ল- কল্কি আৰ. কৃষ্ণমূৰ্থিকে, পুদুমইপিত্তন, অকিলন, অলকিৰিচামি, ল. স. ৰামমিৰ্তন, থি. জনগিৰিমণ আদি। ইয়াৰে ভিতৰত এগৰাকী বিশিষ্ট গল্প লেখক আছিল পুদুমইপিত্তন (১৯০৬-১৯৪৮)।পুদুমইপিত্তনক আধুনিক তামিল চুটিগল্পৰ জনক হিচাপেও আখ্যা দিয়া হয়। এওঁৰ গল্পত নতুন সমাজ গঠনৰ দুৰ্বাৰ কামনা পৰিলক্ষিত হয়। বিশেষকৈ নতুন সময়ৰ আহ্বানত পৰম্পৰাগত চিন্তা ভাৱনাৰ উৰ্দ্ধত গৈ সমাজৰ উন্নতিৰ প্ৰচেষ্টাকামী চিন্তাধাৰাৰে তেওঁৰ গল্পসমূহ ৰচিত হৈছে। এনে চিন্তা-চৰ্চাক লৈ ৰচিত গল্পসমূহৰ মাজেৰে কিদৰে তেওঁৰ সমাজ পৰিৱৰ্তনৰ অদম্য ইচ্ছা প্ৰকাশি উঠিছে; সেই বিষয়সমূহ এই আলোচনাত সামৰি ল’বলৈ যত্ন কৰা হৈছে। পুদুমইপিত্তনৰ গল্পসমূহ পৰম্পৰাগত গল্পসমূহৰ ভাৱ-ভংগীতকৈ আঁতৰি আহিছে। তেওঁ লিখা কাহিনীবোৰৰ বিষয়বস্তু পাঠকৰ বাবেও যেন নতুন। তেওঁ গল্পত নিৰ্মাণ কৰা কাল্পনিক জগত, তাৰ বিষয়বস্তু, নৈতিক জ্ঞান, শৈলী তথা নতুনপদ্ধতি আদি পাঠকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। তদুপৰি, তেওঁ গল্পৰ জৰিয়তে সমাজলৈ নতুন পৰিৱৰ্তনকামী দিনৰ বতৰা কঢ়িয়াই আনিবলৈ বিচাৰিছিল। যিয়ে পুৰণি দিনৰ পৰা চলি অহা ধ্যান-ধাৰণাৰ সমান্তৰালকৈ নতুন ধ্যান-ধাৰণা গ্ৰহণৰ প্ৰতিও আগ্ৰহী। সময়ৰ আহ্বানত এনে ধাৰণা গ্ৰহণৰ বাবে সচেতন হোৱা দিশসমূহৰ বিষয়ে আলোচনা কৰাটো নিতান্তই এক গুৰুত্বপূৰ্ণ বিষয়। তদুপৰি, এনে দিশসমূহনো কেনেধৰণৰ আৰু সেয়া কিদৰে তেওঁ গল্পৰ মাজলৈ আনিছে সেই বিষয়সমূহৰ বিচাৰ কৰাটোৱেই এই আলোচনাৰ উদ্দেশ্য।   



পুদুমইপিত্তন তামিল সাহিত্যৰ এক চিনাকী নাম। পুদুমইপিত্তনৰ জন্ম কাড্ডালোৰ জিলাৰ অন্তৰ্গত থিৰুপ্পাদিৰিপুলিয়ুৰ নামৰ ঠাইত হৈছিল। তেওঁৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হৈছিল গিংগী, কল্লাকুৰিচি, তিংডিৱনম আদি বিভিন্ন ঠাইত। ১৯৩১ চনত তিৰুনেলৱেলি হিন্দু কলেজত তেওঁ কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল। বিৰুথাচলম (২৫ এপ্ৰিল ১৯০৬ - ৫ মে’ ১৯৪৮) ছদ্মনামেৰে তেওঁ তামিল কথা সাহিত্যৰ সবাতোকৈ প্ৰভাৱশালী লেখকসকলৰ ভিতৰত অন্যতম আছিল। তেওঁৰ ৰচনাৰাজিত সামাজিক ব্যংগ, প্ৰগতিশীল বিচাৰ আদি বিভিন্ন আলোচনাৰ বিশেষত্ব আছে। লেখক হিচাপে তেওঁ লিখা-মেলাত মনোনিৱেশ কৰে ১৯৩৩ চনত  গান্ধী পত্ৰিকাত প্ৰকাশিত ‘গুলাৱজান কাদল’ নামৰ লেখাটোৰ জৰিয়তে। তেওঁৰ প্ৰথম লঘু কথা ‘অন্তৰংগৰই পিল্লইয়াৰ’ ১৯৩৪ চনত ‘মণিকোডী’ আলোচনী প্ৰকাশ পাইছিল। তেতিয়াৰে পৰা নিয়মিতভাৱে তাত তেওঁৰ লঘু কথা প্ৰকাশ হ’বলৈ ধৰে। তেওঁৰ লঘু কথাসমূহ বিভিন্ন আলোচনীত প্ৰকাশ পাইছিল। তাৰ ভিতৰত কালিমকল, গোঠী, সুন্নতিৰা চনকু, ওজিবান, থামিজ মণি আৰু দিনমণি অন্যতম। তেওঁ কিছুবছৰলৈকে ওজিবান আৰু পাছলৈ দিনমণিৰ উপ-সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৩৪ চনত তেওঁৰ ‘পুদুমইপিত্তন কদেইকল’ নামৰ এখন চুটিগল্পৰ সংকলন প্ৰকাশ পায়। পৰৱৰ্তী সময়ত তেওঁ তামিল চিনেমা জগতটো প্ৰৱেশ কৰিছিল। চিনেমাৰ পটকথাৰ লেখক হিচাপে আনকিতেওঁ অৱবেইয়াৰ আৰু কামৱল্লীটো কাম আৰম্ভ কৰে। ১৯৪৫ চনত তেওঁ পাৰ্বত কুমাৰী প্ৰডাকচনৰ কাম আৰম্ভ কৰিলে আৰু বংসতবল্লি নামৰ এখন চিনেমা নিৰ্মান কৰে। চিনেমা ‘ৰাজা মুক্তি’ৰ নিৰ্মান কাৰ্যটো তেওঁ সহযোগ আগবঢ়াইছিল।

        পুদুমইপিত্তনে বেলেগ বেলেগ ছদ্মনামত লিখা-মেলা কাৰ্য চলাই নিছিল।তেওঁ ব্যৱহাৰ কৰা অন্যান্য ছদ্মনামসমূহ হ’ল- সো.বি. ৰসমট্টম, মথুৰু, নন্দন, কৱালী, ইৰাৱল বিৰিমাদিপ্পু, নন্দন, সুকৰাচাৰী আদি। কিন্তু তাৰ ভিতৰত পুদুমইপিত্তন নামটোহে প্ৰসিদ্ধ হৈ ৰ’ল। তেওঁ নিজেই এই নামটো পছন্দ কৰি উলিয়াইছিল। তেওঁ অনুভৱ কৰিছিল যে নিজৰ গল্পসমূহক পাঠকৰ মনোগ্ৰাহী কৰি তুলিবৰ বাবে ছদ্মনামৰ প্ৰয়োজন আছে। আকৌ, পুদুমইপিত্তনৰ লিখা-মেলা কাৰ্যৰ অৱধি প্ৰায় ১৫ বছৰমানহে আছিল। সেই সময়খিনিক ১৯৩৫ চনৰ পৰা ১৯৪৬ চনৰ ভিতৰৰ বুলি ধৰিব পাৰি। লঘু কথা আৰু কবিতা লিখাৰ ক্ষেত্ৰত তেওঁ আছিল সিদ্ধহস্ত। তেওঁ ১০০ টা লঘু কথা, ১৫ টা কবিতা লিখিছিল। ইয়াৰ লগতে তেওঁ বহুকেইখন নাটক, বিভিন্ন বিষয়ৰ ওপৰত নিবন্ধ আৰু কিতাপৰ সমীক্ষা লিখিছিল। পুদুমইপিত্তন প্ৰধানতঃ নিজৰ সৰু সৰু কাহিনীসমূহৰ বাবে পাঠক সমাজত জনপ্ৰিয়। তেওঁ ৰচনা কৰা প্ৰায় ৪৮ টা মান কাহিনীহে তেওঁৰ জীৱন কালত প্ৰকাশিত হৈ ওলাইছিল। আৰু ইয়াৰে অধিকাংশ ৰচনাই মণিকোডী, জোঠী, কলিমকল, সুদনতিৰা, ওজিবান, দিনমণি, নন্দন আদি পত্ৰিকাত প্ৰকাশিত হৈছিল। কু. পা.ৰাজাগোপালন, বি.এস.ৰামাইয়া আৰু ৱা. ৰামাস্বামী মণিকোডী আন্দোলনত তেওঁৰ সমকালীন আছিল। তেওঁৰ কেইটামান উল্লেখনীয় গল্প হ’ল- অহল্যাই,  চেল্লামল, গোপালায়ানগৰিন য়ুগম, কদবুলিন প্ৰাধিনিধি, কদবুলুম কণ্ডস্বামি পিল্লাইয়ুম,  পাদাপাদাপ্পু, ওৰু নাল কলিন্দাদু, থেৰুৱিলক্কু, কালানুম কিলইয়ুম, আনমই, সালাৰম, সেলৱম, চিৰপিয়িন নাৰাগম,  পুদিয়া ওলি, ৰামানাথনিন কদিথম আদি। তেওঁ অন্য ভাষাৰ পৰা তামিল ভাষালৈ ভালেসংখ্যক সাহিত্য কাৰ্যৰ অনুবাদ কৰিছিল। তেওঁ প্ৰায় পঞ্চাশখনমান সৰু সৰু কাহিনী অনুবাদ কৰি উলিয়াইছিল। য’ত মোলিয়োৰে, কাই, বোয়ল, মেক্‌সিম গৰ্কী, সিনক্লেয়ৰ, লুইচ, উইলিয়াম শেক্‌সপিয়েৰ, ব্ৰেট হৰ্ট, ইৱি লুকাস আদি লোকৰ ৰচনা আৰু মোপাচান্ট, এড্‌গাৰ এলেন পো, ইবসেন, কাফকা, চেখভ, জেমচ্‌ হেনলি আদি সাহিত্যিকসকলৰ নিৰ্বাচিত গল্পও আছিল। তেওঁ সৃজনীশীল সাহিত্যি ৰচনাৰ লগতে অনুবাদ কাৰ্যটো সমানে পাৰদৰ্শিতা লাভ কৰিছিল। পাছলৈ তেওঁ এই সিদ্ধান্তত উপনীত হৈছিল যে- ‘অনুবাদ কাৰ্যই একমাত্ৰ উপায়, যিয়ে অন্য ভাষাৰ সাহিত্য কৰ্মক তামিল ভাষালৈ অনাৰ বাবে লাভদায়ক’। ১৯৩৭  চনত তেওঁ ‘অনুবাদ বনাম অনুকূলন’ শীৰ্ষক বিষয়ত কল্কি কৃষ্ণমূৰ্তিৰ লগত এক সাহিত্যিক আলোচনাত অংশ লৈছিল। তেওঁৰ উল্লেখনীয় অনুবাদ কৃতিসমূহ হ’ল- অসটপুৰথি, আত্তুকুত্তিথানি আদি।১৯৪৮ চনত তিৰুবনংতপুৰমত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পাছত ২০০২ চনত তামিলনাডু চৰকাৰে পুদুমইপিত্তনৰ ৰচনাৰাজিক ভিন্ন ভাষালৈ অনুবাদ কৰাবলৈ নতুন পদক্ষেপ হাতত লৈছিল।

উপস্থাপিত বিষয় সম্পৰ্কীয় আলোচনাঃ তামিল সাহিত্যত চুটি গল্পৰ সফল সংযোজনৰ ক্ষেত্ৰত এজন গুৰুত্বপূৰ্ণ ব্যক্তি হৈছে পুদুমইপিত্তন। তেওঁৰ অধিকাংশ ৰচনাতেই চৰিত্ৰৰ মুখৰ ভাষা হিচাপে তিৰুনেলবেলীৰ জনগণৰকথিত ভাষা ব্যৱহাৰ কৰিছিল। তেওঁৰ গল্প সমূহতো মাদ্ৰাজ নাইবা তিৰুনেলবেলীৰ ঠাইৰ কথিত ভাষাৰ দৃষ্টান্ত পোৱা যায়। য’ত তেওঁ নিজৰ জীৱনৰ অধিকাংশ সময় অতিবাহিত কৰিছিল। অৱশ্যে তেওঁৰ লেখন শৈলীত জনসাধাৰণৰ মুখৰ ভাষাৰ লগতে প্ৰয়োজন অনুসৰি শাস্ত্ৰীয় শব্দৰ ব্যৱহাৰো পৰিলক্ষিত হয়। জটিল আৰু গম্ভীৰ স্থিতিক অধিক আকৰ্ষিত কৰিবলৈ তেওঁ ঠায়ে ঠায়ে কোমল ব্যংগৰ ব্যৱহাৰো কৰিছিল। মনকৰিবলগীয়া যে, তেওঁ যিসমূহ বিষয়ৰ ওপৰত লেখা-মেলা কৰিছিল আৰু যি সমূহ চৰিত্ৰ নিৰ্মাণ কৰিছিল সেয়া তামিল কথা সাহিত্যত একেবাৰে নতুন আছিল। তেওঁ উপলব্ধি কৰিছিল যে তামিল সাহিত্যত সমাজৰ বহু দিশ মুকলিভাৱে উন্মোচিত হোৱাৰ প্ৰয়োজন আছে। আৰু এনেধৰণৰ আলোচনাৰ বাবে মুকলিভাৱে চিন্তা-চৰ্চাৰ প্ৰয়োজনৰ আদৰ্শক তেওঁ সদায় মানি চলিছিল। এটা প্ৰবন্ধত নিজৰ ক্ষোভ প্ৰদৰ্শন কৰি তেওঁ এইদৰে লিখিছিল- “ We have been having a notion that there are certain things that can be said and certain things that can not be said in(Tamil) in Literature, and we have lived with that philosophy. But that is not true. For nearly two hundred years we have lived a live of parasites. We don’t even dare to see issues straight on the face and that is why we have been providing excuses for ourselves. If literature can give birth to the malicious Ravana, blood sheds and sinful allegories, why can’t it give a place to the poor prostitute? The society doesn’t rust because of that. Moreover there is no way to preserve an antique that has already rusted.”(তামিল সাহিত্যৰ প্ৰতি আমাৰ এনে ধাৰণা আছে যে কিছুমান বিষয় মুকলিমুৰীয়াকৈ আলোচনা কৰিব পাৰি আৰু কিছুমান নোৱাৰি। আমিও সেই কথাকেই মানো। কিন্তু সেয়া প্ৰকৃত মানি ল’ব নোৱাৰি। যোৱা প্ৰায় দুশ বছৰ ধৰি আমি পৰজীৱিৰ জীৱন কটাই আহিছো। আমি কেতিয়াও চিধাচিধিকৈ মনৰ ক্ষোভ প্ৰকাশ কৰিব নোৱাৰোঁ। যাৰ বাবে আমি নিজক ফাঁকি দিবৰ বাবেও বহু ক্ষেত্ৰত অনেক অজুহাত তৈয়াৰ কৰোঁ। যদি সাহিত্যৰ ক্ষেত্ৰত বিভিন্ন দুৰ্ভাৱনাপূৰ্ণ চৰিত্ৰৰ জন্ম দিব পৰা যায়, ৰক্তপাত, পাপ কাৰ্যৰ বৰ্ণনা কৰিব পাৰে; তেনেক্ষেত্ৰত ই কিয় দুখীয়া বেশ্যা এগৰাকীৰ বৰ্ণনা দিব নোৱাৰে? সমাজ কেতিয়াও এনেবোৰ বিষয়ৰ বাবে ধ্বংস হৈ নাযায়। তদুপৰি, যিজন লোক  ইতিমধ্যে সমাজৰ দ্বাৰা অৱহেলিত হৈছে তেনেক্ষেত্ৰত তেওঁক সংৰক্ষণ কৰাৰ আন কোনো উপায় নাই।)    এনেবোৰ বিষয়ক লৈ সমকালীন লেখক আৰু সমালোচক সকলৰ পৰা তেওঁ অনেক কটূ কথা শুনিবলৈ পাইছিল। যাৰ বাবে তেওঁ দ্বিধাহীনভাৱে নিজৰ মত ব্যক্ত কৰিছিল এইদৰে- “Just like God is not bound by theologians, my creations are not bound by your conventional standards. I am not responsible for that and neither are my creations.”(যিদৰে ভগৱান ধৰ্ম সম্বন্ধীয় আলোচনাৰ দ্বাৰা বন্ধ নহয়, তেনেদৰে মোৰ ৰচনাৰাজিও আপোনাৰ পাৰম্পৰিক মতৰ দ্বাৰা বন্ধ নহয়। মই ইয়াৰ কাৰণে জগৰীয়া নহয় আৰু মোৰ ৰচনাও তাৰ বাবে জগৰীয়া নহয়।) সমাজৰ প্ৰতি থকা ক্ষোভক তেওঁ প্ৰায়ে নিজৰ গল্পৰ চৰিত্ৰসমূহৰ জৰিয়তে প্ৰকাশ কৰিবলৈ বিচাৰিছিল। তেওঁৰ ৰচনাৰাজি সমূহত সঘনে ব্যৱহত চৰিত্ৰসমূহ এনেধৰণৰ- দৰিদ্ৰ ভিক্ষাৰী, উৎপীড়িত লোক, ভূত-ৰাক্ষস, অসামান্য ভগৱান আদি। তদুপৰি, তেওঁৰ কিছুমান পছন্দৰ বিষয় হ’ল হিন্দু ধৰ্ম আৰু তাৰ নীতি-নিয়ম, অনুষ্ঠান আৰু আইন-কানুন, ভাৰতীয় সমাজত মহিলাৰ অস্তিত্ব আৰু উৎপীড়নৰ বাবে প্ৰতিবাদ আদি। আকৌ, পুদুমইপিত্তনে যিখন সমাজৰ কামনা কৰিছিল তাৰ বাবে নতুন যুক্তি,চিন্তাধাৰা আদিৰ প্ৰাসংগিকতা অধিক। তেওঁ কিদৰে নিজৰ গল্পৰ যোগেদি পৰিৱৰ্তনকামী নতুন সমাজৰ পোষকতা কৰিছে তাক তিনিটা কথাবস্তুৰ আধাৰত আৰু তিনিটা নিৰ্বাচিত গল্পৰ আধাৰত আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে। সেয়া হ’ল-

ক) পুৰণি আৰু নতুনৰ দ্বন্দ্ব- পুদুমইপিত্তনৰ আগৰ গল্পৰচকসকলে পৰম্পৰাগত কাহিনী অৰ্থাৎ মানুহৰ শ্ৰেষ্ঠতাক নিজৰ গল্পৰ মূল বিষয়বস্তু হিচাপে লৈ গল্প ৰচনা কৰিছিল। কিন্তু পুদুমইপিত্তনে এই ধাৰা এৰি নতুনত্বৰ যোগেদি সমাজৰ পৰিৱৰ্তন আশা কৰিছিল। নতুনত্বৰ কামনাৰে তেওঁ কৈছিল যে- ‘পৰমেশ্বৰ ধৰালৈ নামি আহি আশীৰ্বাদ কৰিব যাতে পতিব্ৰতা নাৰীৰ জীৱনৰ বিষাদৰ ক’লা ডাৱৰ আঁতৰি যায়।’- গল্পৰ কথাবস্তুৰ এনে পৰম্পৰাগত শৈলীৰ পৰিৱৰ্তন কৰি তেওঁ মানৱতা আৰু আদৰ্শৰ প্ৰকাশৰ লগতে নাৰীৰ সামাজিক স্থিতি দৃঢ় কৰাৰ প্ৰতি আগ্ৰহী ভাৱ প্ৰকাশ কৰিছে। ‘পোন্নগৰম’ (স্বৰ্ণ নগৰী) নামৰ গল্পত ৰোগ আৰু দৰিদ্ৰতাই কোঙা কৰা স্বামীক জীয়াই ৰখাৰ স্বাৰ্থত এমুঠি অন্ন যোগাৰ কৰিবলৈ যোৱা অম্মালুৰ দুৰ্বিসহ জীৱন কাহিনীৰ চিত্ৰ অংকন কৰিছে। বাস্তে গলিৰ অন্ধকাৰত ব্যভিচাৰ কাৰ্যত লিপ্ত হৈ দুপইচামান গোটাবলৈ গৈ বিৱশ হৈ পৰা মজদুৰ অম্মালুৰ জীৱন অতি বেদনাদায়ক। লিৰিক শৈলীত অৰ্থাৎ চুটি বাক্যৰ ব্যৱহাৰেৰে এই গল্পটি ৰচিত হৈছে যদিও তাত জীৱনৰ যথাৰ্থতাৰ সংকেতৰ জৰিয়তে পাঠকৰ চিন্তাৰ জগতখনে নতুন মাত্ৰা লাভ কৰিছে। সভ্যতাৰ শিখৰত আৰোহণ কৰিব বিচৰা অম্মালুৰ জৰিয়তে তেওঁ কৈছে - ‘যদি সভ্যতাৰ উচ্চতাক চাব খোজা, তেতিয়াহ’লে তুমি কেৱল সেই নগৰখনক নহয়; সেই নগৰখনক নিশাৰ ভাগতহে চাব লাগে।’ 

খ) পৰম্পৰাগত নীতি-আদৰ্শৰ প্ৰতি আস্থাশীল জনসাধাৰণৰ মনৰ পৰিৱৰ্তনৰ আশা - পুদুমইপিত্তনে নতুন দিনৰ লগত পৰিৱৰ্তনকামী সমাজখনত পুৰণি নীতি-আদৰ্শৰ প্ৰতি আনুগত্য হৈ নাথাকিবৰ বাৰ্তা দিয়াৰ বাবে ভালেমান গল্প ৰচনা কৰিছিল। ইয়াৰ ভিতৰত ‘পুদিয় কুংসু’ বা ‘নতুন পিঞ্জৰা’ নামৰ গল্পটি অন্যতম। ইয়াত ধৰ্ম পৰিৱৰ্তনৰ কুফলে কিদৰে পৰিয়ালকেন্দ্ৰিক সমস্যাৰ জন্ম দিয়ে সেই দৃশ্যৰ অৱতাৰণা কৰা হৈছে। গল্পৰ নায়িকা জয়া আৰু নায়ক হ’ল কিট্টু। খ্ৰীষ্টিয়ান ছোৱালী জয়াৰ প্ৰেমত পৰি ব্ৰাহ্মণ পুত্ৰ কিট্টুৱে ধৰ্ম পৰিৱৰ্তন কৰিছিল। ফলত তাক নিজ ঘৰৰ পৰা বহিস্কৃত কৰি দিয়া হ’ল। সিহঁতে অকলশৰে সংসাৰ পাতিলে। সেইখন সমাজত ব্ৰাহ্মণ পৰিয়ালৰ লোকে মাছ-মাংস চুৱাটোকেই পাপ বুলি গ্ৰহণ কৰা হৈছিল। ঘটনাৰ মেৰপাকত পৰি কিট্টুক সম্পূৰ্ণৰূপে নিজৰ কৰি ল’বৰ ইচ্ছাৰে এদিন জয়াই তাক ছাগলীৰ মাংস খুৱাবলৈ যত্ন কৰিলে।

        ভাতৰ পাটত বহা কিট্টুৱে অইন দিনাতকৈ খাদ্যবস্তুৰ সোৱাদৰ পাৰ্থক্য থকা যেন অনুভৱ কৰি সুধিলে ‘এয়া কি?’

        চিনাকি সেই মোহনীয় হাঁহিটোৰে সৈতে জয়াই লাজকুৰীয়া ভাৱেৰে আৰু কোমল স্বৰেৰে ক’লে- ‘ছাগলীৰ মাংসৰ পকোৰা।’

        ‘জয়া!তোমাৰ বাবে থকা মোৰ মৰমেই পৰ্যাপ্ত নহয়নে?’- অত্যন্ত সহজ-সৰলভাৱে কিট্টুৱে জয়াৰ ফালে চাই হাঁহিবৰ ইচ্ছা কৰিছিল যদিও ততালিকে তাৰ মুখখন ম্লান হৈ পৰিল। পকোৰাটো দূৰলৈ দলিয়াই দি সি চিঞৰি উঠিল- ‘আঁতৰ হ মোৰ চকুৰ সমুখৰ পৰা।’

        কিট্টুৰ ব্যৱহাৰত জয়া অপ্ৰস্তুত হৈ পৰিল। সেই বাক্যবাণে অজানিতে তাইৰ বুকুত তীব্ৰ চুৰিৰে আঘাত কৰা যেন অনুভৱ কৰিলে। মনৰ বেজাৰত অনাহাৰে, অনিদ্ৰাৰে ওৰে ৰাতি তাই বাৰাণ্ডাতে পৰি থাকিল। অথচ সেই কথা পৰিয়ালৰ অন্য কোনো মানুহে গমেই নাপালে। তেতিয়াৰে পৰা তাই সামিষ আহাৰ জলাঞ্জলি দিলে। ধৰ্ম পৰিৱৰ্তনৰ পাছতো পৰম্পৰাগত নীতি-নিয়মত বিশ্বাসী কিট্টু আৰু নিজৰ প্ৰেমক সম্পূৰ্ণৰূপে নিজৰ বুলি গ্ৰহণ কৰাৰ ক্ষেত্ৰত আগ্ৰহী জয়াৰ এনে প্ৰচেষ্টাই নিশ্চিতভাৱে দুয়োৰে বৈবাহিক জীৱনত সংঘাত আনি দিছে। সমাজৰ এনে বাস্তৱিক দিশসমূহ গল্পৰ সহায়ত মুকলিমূৰীয়াকৈ প্ৰকাশ কৰাৰ চেষ্টাৰে গল্পকাৰে নতুন সমাজৰ দাবী উত্থাপন কৰিছে।

গ) স্বেচ্ছাচাৰীতাৰ পক্ষে প্ৰতিবাদ ঘোষণা - সমাজৰ ক্ষমতাশালী লোকসকলৰ নিম্ন শ্ৰেণীটোৰ প্ৰতি কৰা শোষণ, অন্যায়, অত্যাচাৰৰ প্ৰতি পুদুমইপিত্তনে সজোৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আনকি অশিক্ষিত আৰু অল্পশিক্ষিত জনগণক তেওঁ ইশ্বৰ, ধৰ্ম আৰু শাস্ত্ৰৰ দোহাই দি তথাকথিত ধৰ্মপ্ৰাণ ব্যক্তিৰ স্বেচ্ছাচাৰিতাৰ কথাও প্ৰকাশ কৰিছে। ‘কোডুকাপুলি মৰম’(তেতেলি টেঙা জাতীয়, ফল দিয়া এবিধ গছ)  নামৰ গল্পটিত নায়ম স্বামিদাস আয়াৰ প্ৰভু যীশুৰ একান্ত ভক্ত। যিয়ে প্ৰভুৰ নামত নিজৰ জীৱন তথা যৌৱন বলিদান দিছে। জীৱনত কিমান মানুহক যে যীশুৰ বাণী শুনাই তেওঁ পাপপূৰ্ণ নৰকৰ পৰা উদ্ধাৰ কৰিছে তাৰ সংখ্যা আঙুলিৰ মূৰত গণি শেষ কৰিব নোৱাৰি।বাইবেলৰ প্ৰত্যেকটো বাণীয়ে তেওঁৰ জিভাৰ আগত। মানৱীয়তা যেন তেওঁৰ প্ৰতি কণ্ঠতে বিদ্যমান। তেওঁৰ ঘৰত এডাল কোডুকাপুলিগছ আছে। এগৰাকী তিৰোতাই তাৰ ফলবোৰ তুলি নি বজাৰত বিক্ৰি কৰে আৰু সেই ফল বেছি পোৱা পইছাৰ আধা অংশ তেওঁক দিয়ে। এদিনাখন ৰাতিপুৱা ফাৰ্নান্দেজ নামৰ ভিক্ষাৰীৰ পুত্ৰজনে সেই গছৰ তললৈ আহি এটা ফল মুখত দিয়া তেওঁ দেখিলে। খঙৰ ভমকত ক’ব নোৱাৰা হৈতেওঁওচৰতে থকা টাকোন ডাল ল’ৰাটোলৈ মাৰি পঠিয়ালে। মুৰত আঘাত প্ৰাপ্ত হৈ ল’ৰাটোৰ থিতাতে মৃত্যু হ’ল। ফাৰ্নান্দেজে দূৰৈৰ পৰা এই ঘটনা প্ৰত্যক্ষ কৰি আছিল। পুত্ৰক ততালিকে ঢলি পৰা দেখিয়ে ফাৰ্নান্দেজে পুত্ৰৰ ওচৰলৈ দৌৰি আহিল। পিছে, তাৰ চকুৰ সমুখত নিথৰ হৈ পৰি থকা পুত্ৰৰ মৃতদেহটো দেখি এইবাৰ ফাৰ্নান্দেজে অজানিতে পুনৰ সেই টাকোন ডাল গাৰ জোৰেৰে আয়াৰলৈ মাৰি পঠিয়ালে। টাকোনৰ কোবত আয়াৰ থিতাতে নিহত হ’ল। শেষত,ফাৰ্নান্দেজক জেললৈ নিয়া হ’ল। আয়াৰক মহাপ্ৰভুৰ শাৰীত ৰখা ৰাইজে প্ৰভুৰ মৃত্যুত ম্ৰিয়মান হৈ পৰিল আৰু তাকেই সমস্ত দোষ জাপি দিলে। আদালতেও ৰায় দিলে যে- ‘যীশুধৰ্মৰ প্ৰতি গভীৰ আস্থাশীল ধৰ্মপ্ৰাণ আয়াৰৰ হাতত অপ্ৰত্যাশিতভাৱেহে ভিক্ষাৰী ল’ৰাটোৰ মৃত্যু হ’ল যদিও ফাৰ্নান্দেজে সেয়া জানি বুজিও আয়াৰক হত্যা কৰিলে।’ প্ৰকৃততে আমাৰ সমাজখনে সঁচা-মিছাৰ পাৰ্থক্যক বুজিবলৈ যত্নই নকৰে। প্ৰভুৰ গুণানুকীৰ্তন কৰা ব্যক্তিসকলক এনেদৰে আগস্থান দিয়া হয়; য’ত ভুল-শুদ্ধৰ বিচাৰ কৰাটো তেওঁলোকৰ পক্ষে অযুগুত কথা হৈ পৰে।

 গল্পকাৰ পুদুমইপিত্তন নিঃসন্দেহে এজন শক্তিশালী গল্পকাৰ। উপস্থাপিত বিষয়ৰ লগত সম্পৰ্কিত গল্পসমূহৰ অৱতাৰণাই ইতিমধ্যে এই কথা প্ৰতীয়মান কৰিছে। আধুনিক সময়ৰ লগত খোজ মিলাই আগবাঢ়িবৰ বাবে সমাজখনৰ বিভিন্ন দিশ উন্নীত কৰাৰো প্ৰয়োজন আছে। সমাজৰ প্ৰতিজন ব্যক্তি মানসিকভাৱে নতুন চেতনাৰে সমাজখন চোৱাৰ বাবে প্ৰস্তুতি চলালেহে প্ৰকৃতপক্ষে সেই দিশবোৰলৈ পৰিৱৰ্তনৰ জোৱাৰ আহিব। আকৌ, গল্পৰ অভিব্যক্তি, চৰিত্ৰাংকন আৰু বিষয়বস্তুৰ নিৰ্বাচনেও পুদুমইপিত্তনৰ গল্পক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে। তেওঁ গল্পৰ মাজেৰে পৰিৱৰ্তনকামী সমাজৰ অভিলাষ কৰা বিষয়টিক নিশ্চিতভাৱে আধুনিক তামিল সাহিত্যৰ লগতে সমগ্ৰ ভাৰতীয় সাহিত্যৰ বাবে গুৰুত্বপূৰ্ণ বুলি আশা কৰিব পাৰি ।

সহায়ক গ্ৰন্থপঞ্জীঃ

১।ৱাকীমেৰি, হিষ্টৰী অৱ তামিল লিটাৰেচাৰ, এন.চি.পি.এইচ্‌. , তৃতীয়প্ৰকাশচেন্নাই২০১০

২।বিজয় কুমাৰ, বি.(সম্পা.)- তামিল ভাষা আৰু সাহিত্যৰ ইতিহাস, পূৰ্বায়ণ প্ৰকাশ, গুৱাহাটী,            প্ৰথম প্ৰকাশ, ২০২০।

৩। Rakhunathan (ed.), Puthumaippiththan Kavithaikalh, Star Publication, Madras-5, 1959.

৪।Puthumaippiththan Kathaikalh, pp. 214-17. Kaanjcanai, pp. 106-108.

Puthiya Olhi (Collection of Short Stories), Star Publication, Madras-5, 1953, pp. 22-3.

 

 

 

Sunday, November 14, 2021

জয়কান্থনৰ ‘উন্নাইপ’ল অ’ৰুৱন’ উপন্যাসত উপেক্ষিতৰ জীৱন প্ৰসংগ

         উপেক্ষিতৰ ধাৰণাটোৱে উত্তৰ ঔপনিৱেশিকতাবাদৰ বিকাশৰ সময়ছোৱাত ভাৰতবৰ্ষৰ উপেক্ষিত লোকসকলৰ বিষয়ে অধিক তথ্য পোহৰলৈ অনাৰ দিশত নতুন ধাৰণা আনি দিবলৈ সক্ষম হৈছিল| এই উপেক্ষিত শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে ‘Subaltern’ এই শব্দটো পোনতে ইটালীৰ এণ্টনিঅগ্ৰামছীয়ে ব্যৱহাৰ কৰিছিল৷ কমিউনিষ্ট দলৰ এজন সক্ৰিয় কৰ্মী গ্ৰামছীৰ এই ধাৰণাটো ১৯৮২ চনত জনপ্ৰিয় হৈ পৰে৷ তেওঁ এই শব্দটোক এখন সমাজৰ সৰ্বহাৰালোকসকলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাত গুৰুত্ব আৰোপ কৰিছিল৷ লেটিন ভাষাত ‘Sub’ মানে তলত আৰু ‘Alter’ মানে অন্য লোক অৰ্থাৎ ‘Subaltern’ মানে আনৰ তলতীয়াঅসমীয়াত হেমকোষ অভিধান অনুসৰি উপেক্ষিত শব্দটোৰ অৰ্থ - অনাদৃত, সন্মান নোপোৱা [disregarded, neglected, over looked, ignored]| দিয়ে৷ সংক্ষেপতে বুজিবলৈ লে, আমি যিখন সমাজত বসবাস কৰো এই সমাজখনত বৰ্গ অনুযায়ী লোকসকলক শ্ৰেণীবিভাজন কৰা হয়৷ আৰু দেখা যায় যে ইয়াৰ নিম্ন শ্ৰেণীটো প্ৰায়ে উচ্চ বৰ্গৰ লোকসকলৰ দ্বাৰা অনাদৃত হয়৷ উচ্চ শ্ৰেণীৰ লোকসকলৰ নিম্ন শ্ৰেণীৰ প্ৰতি শোষণ, মালিকৰ দ্বাৰা শ্ৰমিকৰ প্ৰতি শোষণ-নিৰ্যাতন, মহিলাসকলৰ প্ৰতি পুৰষৰ অৱহেলিত মনোভাৱ আদি এনে ধাৰণাসমূহক উপেক্ষিত শব্দটোৱে সামৰি লয় ৷ ইংৰাজী সাহিত্যত ভি. এচ. নাইপল, চলমান ৰুচদি, চেতন ভগত, মুল্কৰাজ আনন্দ, খুছৱন্ত সিং, অৰুন্ধতী ৰয় আদি সাহিত্যিকৰ ৰচনাত এই ধাৰণাৰ প্ৰকাশ ঘটা দেখা যায় ইয়াৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰাদেশিক ভাষাতো কম-বেছি পৰিমাণে উপেক্ষিত ধাৰণাৰ প্ৰভাৱ পৰিছে তাৰ ভিতৰত হিন্দী সাহিত্যৰ প্ৰেমচন্দ, অসমীয়া সাহিত্যত অৰূপা পটংগীয়া কলিতা, তামিল সাহিত্যত জয়কান্থন অন্যতম

জ্ঞানপীঠ বিজয়ী সাহিত্যিক হিচাপে জয়কান্থন(১৯৩৪) ভৰতীয় সাহিত্যৰ এগৰাকী উল্লেখনীয় ব্যক্তি। তামিল সাহিত্যৰ আধুনিক যুগত সাহিত্যৰ বিভিন্ন বিধা অনুসৰি বিভিন্ন সাহিত্য ৰচনা কৰা জয়কান্থন অন্যতম প্ৰভাৱশালী ঔপন্যাসিক, গল্পকাৰ তথা চিত্ৰনিৰ্মাতা । এওঁ প্ৰায় চল্লিশখনমান উপন্যাস, দুশমান গল্প, দুখন আত্মজীৱনী, চিত্ৰনাট্য আদি লিখিছিল। জয়কান্থনৰ কেইখনমান উল্লেখযোগ্য উপন্যাস হ’ল- চিলা নেৰাংকলিক চিলা মণিদাৰকল(১৯৭০), পিৰলায়ম(১৯৬৪), য়াৰুক্কাক অলুদান(১৯৬২), কইবিলংগু(১৯৬১), ওৰু মনিদন ওৰু বিদু ওৰু উলকম(১৯৭৩) আদি। এই আটাইবোৰ ৰচনাতেই সাধাৰণ মানুহৰ সুখ-দুখৰ কাহিনী পোৱা যায়। সমাজৰ পিছপৰা শ্ৰেণীটোৰ দুখ-দুৰ্দশাৰে ভৰা জীৱন-গাথাৰ উপস্থাপনেৰে তেওঁৰ সৃষ্টিশীল সাহিত্যৰাজিক বলিষ্ঠ ৰূপে প্ৰতিষ্ঠা কৰিছিল।



তামিল সাহিত্যৰ এজন প্ৰতিভাধৰ লেখক হিচাপে খ্যাতি অৰ্জন কৰা জয়কান্থনৰ ১৯৬৪ চনত প্ৰকাশিত এখন উল্লেখযোগ্য উপন্যাস হ’লউন্নাই ৰুৱন”৷ উন্নাইপ ৰুৱনৰ অসমীয়া অৰ্থ তোমাৰ নিচিনা এজন এই উপন্যাসখন ‘Love and Loss’নামেৰে ইংৰাজী ভাষাত কে. এচ. সুব্ৰমণিয়নে অনুবাদ কৰিছে৷ ১৯৬৪ চনত জয়কান্থনে এই উপন্যাসখনৰ আধাৰত একে নামেৰে চিনেমা এখন নিৰ্মান কৰে৷ এই উপন্যাসখনৰ মূল বিষয়বস্তু বস্তি অঞ্চলৰ দুৰ্দশাভৰা জীৱন-সংগ্ৰাম৷ ছবিখনতো এই উপেক্ষিতৰ জীৱনৰ ছবিখন সুন্দৰভাৱে প্ৰতিফলিত হৈছে| ১৯৫৫ চনত এই ছবিখনে ৰাস্ট্ৰপতিৰ দ্বাৰা বিশেষ মেধাৰ তৃতীয় শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰিবলৈও সক্ষম হৈছিল৷এই উপন্যাসখনত মূলত: বস্তি অঞ্চলত বসবাস কৰা সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকল কিদৰে খোজে প্ৰতি মালিক শ্ৰেণীৰ দ্বাৰা উপেক্ষিত হয় তাৰেই প্ৰতিফলন ঘটা দেখিবলৈ পোৱা যায়|উপেক্ষিতৰ জীৱন প্ৰতিফলন- এয়া এক গুৰুত্বপূৰ্ণ বিষয়| এই আলোচনাত বস্তি অঞ্চলৰ লোকসকলৰ জীৱন-যাপনৰ এখন জীয়া ছবি আৰু সেইলোকসকল কিদৰে সমাজৰ পৰা উপেক্ষিত, বিশেষকৈ সেইখন সমাজৰ নাৰীসকল তথা শিশুসকলৰ মনোজগত আৰু জীৱন পথত উপেক্ষিত হিচাপে কোনবোৰ ধাৰণাই কেনেধৰণৰ প্ৰভাব বিস্তাৰ কৰিছে সেই বিষয়ে আলোচনা কৰিবলৈ যত্ন কৰা হৈছে। 

সাধাৰণতে উপেক্ষিত ধাৰণাটোৱে সম্পূৰ্ণৰূপে আনৰ তলৰ নাইবা তলৰ খাপৰ লোকসকলক  বুজায়৷ অৱশ্যে, তেওঁলোক যিকোনো শ্ৰেণী, ধৰ্ম নাইবা লিংগভেদে পাৰে৷  মাদ্ৰাজৰ সাধাৰণ বস্তি অঞ্চলৰদুৰ্দশাগ্ৰস্ত জীৱনক,এই উপন্যাসখনৰ মূল কাহিনী সাধাৰণ বস্তি অঞ্চলৰ জীৱন-দুৰ্দশাৰ ছবি৷ স্বাধীনতাৰ ঠিক পাছৰ মাদ্ৰাজৰ সাধাৰণ বস্তি অঞ্চলৰ জীৱন ছবিক উপন্যাসখনত পোন্ধৰটা অধ্যায়ৰ মাজেদি  প্ৰতিফলিত কৰা হৈছে৷ এই দুৰ্দশাগ্ৰস্ত জীৱনক ঔপন্যাসিকে থংগাম নামৰ মূল চৰিত্ৰটিৰে আগবঢ়াইছে নিছে৷ থূলমূলকৈ থংগামৰ কাহিনী এনেধৰণৰ- থংগাম এজনী শ্ৰমিক তিৰোতা৷ তাই বাস কৰে এটি  বস্তি অঞ্চলত৷ যিখন ঠাইত কোনো ধৰণৰ উপলব্ধ নাই৷ পোন্ধৰ বছৰৰ পৰাই নিজৰ পেট-প্ৰৰ্তাবৰ বাবে তাই মজুৰি কৰিবলৈ লয়৷ তাইৰ অকলশৰীয়া অৱস্থাত এজন লোকে সহায়ৰ হাত আগবঢ়াবলৈ আহি অবৈধ মাতৃত্বৰ বোজা জাপি দিয়ে আৰু শেষত পলায়ন কৰে৷ তাৰ পাছত থংগামৰ জীৱনলৈ চিট্টিৰ আগমন ঘটে৷ বৃদ্ধা আন্নম্মাৰ সহায়ত থংগামে চিট্টিক ডাঙৰ দীঘল কৰে৷ পিছে মজুৰিৰ পইছাৰে থংগামে চিট্টিক উপযুক্ত পৰিমাণৰ সুবিধা দিবলৈ অসমৰ্থ হৈ পৰে৷ পিতৃ পৰিচয়হীন চিট্টিয়ে ডাঙৰ হৈ অনাই বনাই ঘূৰি-ফুৰিবলৈ লয়৷ আনকি, চিট্টিয়ে দুষ্ট সংগত পৰি আনে আধা খাই পেলাই দিয়া বিড়িৰ টুকুৰাবোৰ বিচাৰি আনি হোপাৰ নিচিনা কাৰ্য কৰিবলৈও লয়৷ সেই অঞ্চলতে ডৰাইকান্নু নামৰ অন্য এজন লোক আছিল; যিয়ে চিট্টিক সৎ পথ দেখুৱাবলৈ বাৰে বাৰে যত্ন কৰিছিল। তেওঁ চিট্টিক দিনৰ ভাগত আইচক্ৰিম বিক্ৰি কৰি ৰাতিৰ ভাগত বিদ্যালয়লৈ যোৱাৰ সুবিধা কৰি দিয়ে৷ এনেদৰেই কিশোৰ অৱস্থাতেই চিট্টি দায়িত্বশীল হৈ উঠে৷ লাহে লাহে কাহিনীয়ে নতুন মোৰ বলৈ আৰম্ভ কৰে৷ ৰোগাক্ৰান্ত মণিক্কম নামৰ লোক এজনক বাটতে পাই থংগামে তেওঁৰ শুশ্ৰূষা কৰিবলৈ আনি নিজৰ ঘৰতে আশ্ৰয় দিয়ে৷ সুস্থ হৈ উঠাৰ পাছত মণিক্কম আৰু থংগামৰ মাজত প্ৰেমৰ সূত্ৰপাত হয়৷ মণিক্কম আৰু থংগামৰ সম্পৰ্কক চিট্টিয়ে সহজভাৱে মানি নোৱাৰাৰ ফলত মাতৃ-পুত্ৰৰ মাজত সংঘাতৰ সৃষ্টি হয়৷ যাৰ ফলত সি মাতৃসংগৰ পৰা আঁতৰি আহি কান্নিয়াপ্পন আদিৰ নিচিনা দুষ্ট ৰাৰ সংগ লয়৷ থংগামে পুত্ৰক বুজনি দিবলৈ যত্ন কৰে যদিও সি সেই কথা বুজিবলৈ যত্ন নকৰে৷  ইফালে মণিক্কমৰ লগত প্ৰেমৰ পৰিণতি স্বৰূপে থংগাম পুনৰবাৰ অন্তঃসত্ত্বা হয়৷ এই কথা শুনি চিট্টি মাতৃৰ প্ৰতি বিৰক্ত হৈ পৰে আৰু মাতৃৰ পৰা বহুদূৰলৈ গুছি যায়৷ চিট্টি আঁতৰি যোৱাৰ পাছত থংগাম মানসিকভাৱে ভাগি পৰে৷ থংগামৰ অৱস্থা দেখি মণিক্কমও অনুতপ্ত হয়৷ থংগাম আৰু চিট্টিৰ সম্পৰৰ্ক তেওঁ আতৰি গ’লেহে ভালহোৱাৰ আশা দেখি মণিক্কমে তাইক অন্তঃসত্ত্বা অৱস্থাতেই এৰি থৈ গুছি যায়৷ পুনৰ থংগাম অকলশৰীয়া হৈ পৰে৷ মণিক্কম আৰু চিট্টিৰ দ্বাৰা অৱহেলিত হৈ পৰা থংগামে এইবাৰ নিজৰ পেট প্ৰৱৰ্তাবৰ বাবে অন্তঃসত্ত্বা অৱস্থাতেই মজুৰি কৰিবলৈ যায়৷ এনে অৱস্থাতেই এদিন পিছল খাই থংগামৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত থংগামে এজনী কন্যা সন্তান প্ৰসৱ কৰে৷ ডৰাইকান্নুৱে চিট্টিক পুনৰ বুজনি দিয়ে; যাৰ ফলত চিট্টিয়ে সেই অকণমানি কেঁচুৱাটোৰ দায়িত্ত্ব মূৰ পাতি লয়৷ ডৰাইকান্নুৰ মাতৃৰ নাম অনুসৰিয়েই চিট্টিয়ে নিজৰ ভনীয়েকৰ নাম ৰাখে স্বৰ্ণম৷ পুৰণি দিনৰ জটিলতাবোৰক আওঁকাণ কৰি চিট্টিয়ে নিজৰ ভনীয়েকৰ ভৱিষ্যতৰ হকে নিজকে পৰিবৰ্তন কৰিবলৈকো সাঁজু হৈ নতুন দিনৰ বাবে প্ৰস্তুতিৰ যো-জা কৰে৷ এনেদৰে উপন্যাসৰ কাহিনীৰ সফল পৰিসমাপ্তি ঘটিছে৷ 



জয়কান্থনে অত্যন্ত সংবেদনশীল ৰূপত এই উপন্যাখন ৰচনা কৰিছে৷ চৰিত্ৰসমূহৰ মানসিক দ্বন্দ্ব, উচ্চ আৰু নিম্ন শ্ৰেণীৰ ভাৱ-অনুভূতিৰ সাৰ্থক বৰ্ণনাই পাঠকৰ মন চুই গৈছে৷ উপন্যাসখনৰ মূল কথাটোৱেই হৈছে শ্ৰমিক শ্ৰেণীৰ লোকৰ জীৱন-সংগ্ৰাম৷ মালিক শ্ৰেণীয়ে কিদৰে প্ৰতিটো মুহুৰ্ততে শ্ৰমিকসকলক শোষণ কৰে তাৰ জীয়া ছবি উপন্যাসখনৰ মাজেদি ফুটি উঠিছে৷ নিজৰ আৰ্থিক-অনাটনৰ পৰা মুক্ত বৰ নিমিত্তে দিনে নিশাই খাটি-খোৱা শ্ৰেণীটোৱে প্ৰতিটো মুহুৰ্ততে মালিকৰ দ্বাৰা অৱহেলিত হয়৷ আনকি, কঠোৰ পৰিশ্ৰমৰ পাছতো লাভ কৰা সামান্য ধনেৰে তেওঁলোকে নিজৰ মৌলিক প্ৰয়োজনসমূহকো পুৰণ কৰিব নোৱাৰে৷ অন্ধকাৰ সৰু-সৰু জুপুৰীবোৰে তেওঁলোকক -বতাহ-বৰষুণৰ পৰা ৰক্ষা পাবলৈ অসমৰ্থ হয়৷ দুবেলা দুমুঠি অন্ন যোগান কৰিব নোৱাৰা এইসকল লোকৰ পৰিয়ালৰ সদস্যই শিক্ষাগ্ৰহণৰ সুবিধাৰ পৰাও বঞ্চিত হয়৷ যাৰ বাবে এই লোকসকল শিক্ষিত হোৱাৰ কোনো সুযোগ নাথাকে৷ শিক্ষাৰ অভাৱ, আৰ্থিক-দৈন্যতা এইবোৰ কাৰণতেই এনে লোকসকল প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি তেনেদৰেই আনৰ দ্বাৰা উপেক্ষিত বলগীয়াত পৰে৷উপন্যাসখনৰ মুখ্য চৰিত্ৰ থংগামৰ মালিক, সমাজ আৰু পুৰুষৰ দ্বাৰা অনাদৃত হোৱা দেখা গৈছে৷ মজুৰিৰ নামত মালিকৰ পৰা উপৰ্যুপৰি ককৰ্থনা আৰু অনাদৰ লাভ কৰা থংগামৰ নিচিনা শ্ৰমিকসকলক মালিকসকলে সামান্য পৰিমাণৰ মজুৰিহে দিয়ে৷ যিয়ে তাইৰ প্ৰয়োজন পুৰাব নোৱাৰে৷ -বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ কেৱল নামতহে এটা জুপুৰী আছে৷ আনকি গা-ধুবৰ বাবেও থকা বাথৰুমতো পৰিত্যক্ত৷ মুঠতে সকলোফালৰ পৰা সেই ঠাইখন অস্বাস্থ্যকৰ৷আকৌ, নাৰী পুৰুষৰ দ্বাৰা কিদৰে উপেক্ষিত হয় তাৰো বাস্তৱ ছবি থংগাম চৰিত্ৰটিৰ মাজেদি দেখা যায়৷ কিশোৰী অৱস্থাত অকলশৰীয়া থংগামক এজন লোকে সহায় কৰাৰ চলেৰে অবৈধ মাতৃত্বৰ বোজা জাপি দি পলায়ন কৰিছে৷ যাৰ বাবে অবৈধ সন্তানৰ মাতৃ হৈ সমাজৰ দ্বাৰা অনাদৰ পাত্ৰী বলগীয়াত পৰিছে৷ আমাৰ সমাজত নাৰী কেৱল পুৰুষ দ্বাৰাই নহয়, নাৰীৰ দ্বাৰা অৱহেলিত হোৱা দেখা যায়৷ এলামেলু নামৰ তিৰোতা এজনীয়ে থংগামৰ প্ৰতি বেয়া ব্যৱহাৰ কৰাও উপন্যাসখনত দেখা যায়৷ উপাৰ্জন আৰু ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত থংগামে মণিক্কমৰ প্ৰতি আকৃষ্ট হৈছে যদিও পুনৰ প্ৰতাৰণাৰ বলি হৈছে৷ আনকি তাইৰ নিজৰ সন্তানেও তাইৰ মানসিক-দ্বন্দ্বক বুজিবলৈ অসমৰ্থ হৈছে৷ সন্তানৰ প্ৰতি থকা স্নেহ আৰু ভালপোৱাৰ বাবে তাই পদে পদে উজুতি খাবলগীয়াত পৰিছে৷ অত্যাধিক মানসিক হেঁচা থকাৰ পাছতো কেৱল পেটত থকা সন্তানটিৰ বাবে তাই  ৰুগীয়া দেহাৰে মজুৰি কৰিবলৈ গৈছে৷ দেহাই তেনে কষ্ট মানি নোৱাৰাৰ ফলত শেষত গৈ তাইৰ স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু এদিন শিলত পিছল খাই পৰি মৃত্যুক আকোৱালি বলগীয়াত পৰিছে৷ উপন্যাসখনৰ আন এটি চৰিত্ৰ হৈছে এলামেলু৷ সন্তান জন্ম দিব নোৱাৰাৰ বাবে এলামেলু নিজৰ স্বামীৰ দ্বাৰা তিৰস্কৃত হৈছে৷ আনহাতে, বৃদ্ধা আন্নাম্মাই চাউলৰ গুড়িৰে প্ৰস্তুত কৰা পিঠা বিক্ৰি কৰি জীৱন-নিৰ্বাহ কৰিছে৷ জীৱনৰ শেষ স্তৰত আহি উপস্থিত হোৱা বৃদ্ধাগৰাকীয়ে কেৱল পেটৰ ভোকৰ তাড়নাত সেই কাৰ্যৰে জীৱন নিৰ্বাহ কৰি আছে৷ আপোন বুলিবলৈ নাইবা বৃদ্ধাৱস্থাত সহায় আগবঢ়াবলৈ তাইৰ ওচৰত কোনো নাই৷ উপন্যাসখনৰ নীলাকুট্টি নামৰ এটি চৰিত্ৰ আছে, যাক নিজৰ মাকে তাইক দেহ ব্যৱসায়ত ব্যৱহাৰ কৰিছে৷ কেৱল দৈনন্দিন অভাৱৰ বাবে নীলাকুট্টিহঁতৰ ৰে কিশোৰীসকলৰ জীৱন অন্ধকাৰ হৈ পৰিছে। আনকি তাইৰ নিছিনা অনেকেই কিশোৰ অৱস্থাতেই দেহ ব্যৱসায়ত লিপ্ত হোৱাৰ ফলশ্ৰুতিত যৌন ৰোগৰ কৱলত পৰিছে৷  উপন্যাসখনত দৰিদ্ৰ ঘৰৰ ৰা-ছোৱালীৰ জীৱনৰ সত্যতাই বাস্তৱিক ৰুপ পৰিগ্ৰহণ কৰিছে দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালবোৰত কঠোৰ শাৰিৰীক শ্ৰম আৰু তাৰ ফলত লাভ কৰা সামান্য মজুৰিয়েই যথেষ্ট৷ এনে অভাৱ-অনাটনে জুৰুলা কৰা দৰিদ্ৰ ঘৰৰ ল’ৰা ছোৱালীসকল শিক্ষা গ্ৰহণ কৰিবলৈয়ো অসমৰ্থ হয় দৰিদ্ৰতাই এই শিশুসকলক বয়সৰ আগতেই মানসিকভাৱে পৰিপক্ক কৰি তোলাৰ উপক্ৰম হৈছে৷ জীয়াই থকাৰ তাড়নাত তেওঁলোকে কেৱল শাৰিৰীকভাৱে কষ্ট কৰিবলৈ, মজুদুৰি কৰিবলৈহে শিকিছে৷ তাৰ মাজতে কিছুমানে আকৌ বেয়া সংগত লগ লাগিছে৷ কান্নিয়াপ্পন নামৰ কিশোৰজনে চিনেমা হলত টিকট বিক্ৰী কৰিছে আকৌ কেতিয়াবা গৈ  প্ৰাপ্তবয়স্কৰ বাবে নিৰ্মিত চিনেমা চাবলৈ গৈ খেদাও খাইছে৷

          উপন্যাসখনৰ কাহিনীৰ মাজেৰে সমাজৰ ক্ষমতাশালী শ্ৰেণীটোৰ দ্বাৰা উপেক্ষিত লোকসকলৰ জীৱনক উপলব্ধি ৰিব পাৰি৷ মনকৰিবলগীয়া যে, এই লোকসকলৰ মাজেৰে জীৱনক গভীৰভাৱে ভালপোৱাৰ ধাৰণা প্ৰকাশিত হৈছে চৰিত্ৰসমূহে কোনো কাৰণতেই থমকি খোজা নাই অভাৱ-অনাটন, অন্যায়-নিৰ্যাতন তথা অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতো তেওঁলোকৰ জীয়াই থাকিবৰ বাবে সংঘৰ্ষ অটুট আছে আমাৰ সমাজখনত আজিও বিভিন্ন ক্ষেত্ৰত বিভিন্ন পৰিস্থিতিৰ আহ্বানত বহুজনে অনবৰতে উপেক্ষিত হৈ আছে। আমি সেই বেদনা সহজে উপলব্ধি কৰিব নোৱাৰো। তেওঁলোকৰ এখন নিজস্ব পৃথিৱী আছে সংঘৰ্ষৰ পাছতো আছে স্বাভীমান, আত্মনিৰ্ভৰশীলতা আৰু জীৱন জীয়াৰ হাবিয়াস যেনেদৰে থংগামে বাৰে বাৰে অৱহেলিত হোৱাৰ পাছতো নিজৰ জীৱনটো শেষ কৰি পেলাব খোজা নাই; বৰং তাই আনৰ দ্বাৰা উপেক্ষিত হোৱাৰ পাছতো জীৱনৰ হকে সংগ্ৰাম অব্যাহত ৰাখিছে সেয়ে জয়কান্থনে উপেক্ষিত লোকসকলৰ ইতিবাচক মনোভাৱেৰে উপন্যাসখনৰ মোখানি মাৰিছে সমাজৰ এই শ্ৰেণীৰ লোকসকল জীৱনৰ প্ৰতিটো মুহূৰ্ততে আনৰ দ্বাৰা অনাদৃত লেও তেওঁলোকে পৰস্পৰৰ প্ৰতি পৰস্পৰে ভাল মনোভাৱ ৰাখে তাৰেই এটি উদাহৰণ চিট্টি চিট্টিয়ে মাতৃৰ প্ৰতি থকা ঘৃণাৰ পাছতো ভনীয়েকক কোলাত তুলি লৈ সুখী অনুভৱ কৰিছে তেজ-মঙহৰ সম্পৰ্ক নাথাকিলেও ভনীয়েকৰ প্ৰতি তাৰ কোনো আক্ষেপ নাই। আনকি, চিট্টিয়ে নিজৰ জীৱনৰ তাইৰ ভৱিষ্যত,নিৰাপত্তাৰ বাবে নিজক দায়িত্বশীল ব্যক্তিলৈ ৰূপান্তৰ কৰিব বিছাৰিছে৷  সাহিত্যত সমাজ প্ৰতিফলিত হয়, সেয়েহে সাহিত্যত উপেক্ষিত লোকসকলৰ জীৱন প্ৰতিফলন বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় তেওঁলোক আমাৰ সমাজৰ অবিচ্ছেদ্য অংশ। বহুসময়ত তেওঁলোকৰ অবিহনে আমাৰ অত্যন্ত সূক্ষ্ম অথচ প্ৰয়োজনীয় কাৰ্যসমূহ কাৰ্যকৰী হোৱাত সমস্যাৰ সৃষ্টি পাৰে। ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত চাবলৈ গ’লে দেখিবলৈ পোৱা যায় যে, সংবিধান অনুসৰি সকলো নাগৰিকে সমঅধিকাৰ লাভ কৰিলেও আমাৰ সমাজ ব্যৱস্থাত জাত, শ্ৰেণী, লিংগ আদিৰ বৈষম্য আতৰি যোৱা না্ই। তাৰেই ফলশ্ৰুতিত ক্ষমতাৰ গাদীত বহি থকা ব্যক্তিসকলৰ বিপৰীতে উপেক্ষিত শ্ৰেণীৰ জন্ম হৈছে। আমাৰ সমাজব্যৱস্থাৰ স্তৰ বিভাজন প্ৰক্ৰিয়াটো তেনেই জটিল প্ৰক্ৰিয়া। ক্ষমতাৰ গইনা লৈ সমাজত স্তৰ বিভাজিত হয়। তাৰ ফলত ক্ষমতাৰ বাঘজৰী উচ্চ শ্ৰেণী, জাতিৰ হাতলৈ যায়। আকৌ বহুসময়ত এই জটিলতাই এনে ৰূপ লয় যে কোনোবা এজন যদি জাতৰ ফালৰ পৰা উপেক্ষিত অথচ প্ৰতিপত্তিশালী তেন্তে তেওঁ শ্ৰেণী হিচাপে উচ্চ ক্ষমতাও লাভ কৰিব পাৰে। তদুপৰি, ক্ষমতাৰ বহুমাত্ৰিকতাই সমাজখনৰ বেলেগ বেলেগ প্ৰসংগত বিশেষকৈ মহিলা আৰু শিশুসকলক লক্ষ্য কৰি লয়।পৰিণতিত তেওঁলোকৰ মানসিক দিশলৈ বিপৰ্যয় নামি আহে। ক্ষমতাৰ হেঁচা, দমন আৰু আধিপত্যৰ কবলত তেওঁলোক যন্ত্ৰনাকাতৰ হৈ পৰে যদিও জীয়াই থাকিবৰ আশাত সেয়া নিৰ্বিবাদে মানি চলিবলগীয়া হয়। সাধাৰণতে উপেক্ষিত শ্ৰেণীটোৰ কোনো কণ্ঠ নাথাকে, কিয়নো ক্ষমতাশালী শ্ৰেণীটোৱে নিজৰ কৌশলতাৰে সেই কন্ঠ ৰুদ্ধ কৰি তোলে। উন্নাইপ ৰুৱন উপন্যাসখন বস্তি অঞ্চলৰ নাৰী-শিশু, মালিক-শ্ৰমিক শ্ৰেণীৰ প্ৰতি দমন আৰু পীড়নৰ ছবিখন প্ৰতিফলিত হৈছে। মালিক শ্ৰেণীৰ অৱদমনৰ এই উপন্যাসখন জয়কান্থনে হৃদ্যতাৰে অংকন কৰিছে। থংগাম, মালিক আৰু পুৰুষৰ টনা-আঁজোৰাই পিষ্ট কৰা এক মৰ্মস্পৰ্শী চৰিত্ৰ। ক্ষমতাৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা মালিকীস্বত্ত্বৰ ব্যৱস্থা এই ব্যৱস্থাই লালন-পালন কৰা পুৰুষতান্ত্ৰিক পৰিস্থিতিৰ জীৱন্ত ছবি এই উপন্যাসখনত প্ৰকাশি উঠিছে। লক্ষণীয় বিষয় যে এই গোটেই প্ৰক্ৰি্য়াটো ক্ষমতাই চলাই থাকে আাৰু জীয়াতু ভুগীবলীয়া হয় উপেক্ষিত লোকসকলেহে। উপেক্ষিত লোকসকলৰ জীৱনৰ নিৰ্মম সত্যক এই উপন্যাসখনে সাৰ্থক ৰূপে প্ৰতিভাত কৰিছে। জয়কান্থনে সমাজৰ পিছপৰা শ্ৰেণীটোৰ জীৱনক নিজৰ ৰচনাত শক্তিশালীভাৱে উপস্থাপন কৰিবলৈ সক্ষম হৈছে।জয়কান্থনৰ মতে, সমাজখনক কেতিয়াও চ্চ-নিম্ন শ্ৰেণীৰ বিভাজিত কৰিব নোৱাৰি৷ তেওঁলোক এটাই আনটোৰ পৰিপূৰক৷ তেওঁৰ উপন্যাসৰ কাহিনী, চৰিত্ৰ আৰু বৰ্ণনাই এই লোকসকলৰ অধিকাৰৰ সপক্ষত জনগণক সৰৱ কৰিছে। থংগামৰ জীৱনৰ দুখভৰা দাস্তান আৰু চিট্টিৰ জৰিয়তে উপেক্ষিত সকলৰ জীৱনৰ গভীৰতাক উপলব্ধি কৰি চোৱাৰ অৱকাশ এই উপন্যাসৰ মূল বাগধাৰা।

 

সহায়ক গ্ৰন্থপঞ্জীঃ

1.     Guha, Ranajit (ed.) : A Subaltern Studies Reader, Oxford University Press, Delhi, 2000

2.     Jayakantha : Unnipol Oruvan (translation from Tamil to English by K.S. Subramanian), Chennai, 2007

গৱেষণা গ্ৰন্থঃ

স্বৱনম, সৃষ্টি ঃ উপেক্ষিত জীৱনৰ প্ৰতিফলনঃ জয়কান্থনৰ উন্নাইপল অ’ৰুৱন আৰু অৰূপা পটংগীয়া কলিতাৰ ফেলানী এক তুলনাত্মক অধ্যয়ন, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, ২০১৭-২০১৮ বৰ্ষ, এম. ফিল ডিগ্ৰীৰ বাবে প্ৰদত্ত গ্ৰন্থ

ৱেৱছাইট সূচীঃ

1.     http://en.wikipedia.org/wiki/Jayakanthan

2.     http://en.wikipedia.org/wiki/Subalternstudies

 

 

 

         

         

পুদুমইপিত্তনৰ নিৰ্বাচিত গল্পত সমাজ পৰিৱৰ্তনৰ আকাংক্ষা

  তামিল সাহিত্যত চিৰুকদই বা চুটিগল্প বিংশ শতিকাত আৰম্ভ হোৱা এটি নতুন সাহিত্যিক শৈলী। তামিল চুটিগল্প সাহিত্যৰ বুৰঞ্জীত ইটালীয়ান খ্ৰীষ্টধৰ্ম প...