মূলঃ জয়কান্তন
অনুবাদঃ অনামিকা ৰাজবংশী
মোৰ জন্ম ঠাইখন এখন অতি ধুনীয়া ঠাই। অগ্ৰহাৰমৰ১ ৰাস্তাটো ধুনীয়া, পৰিপাটী। তাৰ মানুহখিনিও বৰ ভাল। ধুনীয়া বুলি কোৱাৰ লগে লগে আপোনালোকে
বা
কি
বুজিব
পাৰিছে
মই নাজানো। কিন্তু,
মই
ভাবোঁ
যিবোৰ
স্মৃতিয়ে
মনলৈ
প্ৰশান্তি
কঢ়িয়াই
আনে
সেইবোৰ
স্মৃতি
বিজড়িত
ঠাইখন
নিশ্চয়
ধুনীয়া
হ’বই ।
পঁয়ত্ৰিছ বছৰৰ আগতে তাৰে মন্দিৰৰ কোনো এক আন্ধাৰ চুকৰ পুৰণা ঘৰ এটাত
মোৰ
জন্ম
হৈছিল। তাতেই খেলি ধূলি ডাঙৰ হৈছোঁ।পঁচিশ বছৰ আগৰ, শৈশৱৰ সেই মধুৰ স্মৃতিবোৰে কেতিয়াবা বৰকৈ আমনি কৰে।
ক’ব নোৱাৰো,
সকলোবোৰ
আগৰ
দৰেই
আছে
নে
নাই·
সুন্দৰ,পৰিপাটী,
শাৰী
শাৰী
কৈ
থকা
সেই
ঘৰবোৰ...
অগ্ৰহাৰমৰ
দীঘলীয়া
ৰাস্তাটো...
সেই
সকলোবোৰ
আগৰ
দৰেই
আছেনে
নাই·
আশা
কৰো,
সকলোবোৰ
আগৰ
দৰেই
আছে।
এতিয়া মোৰ বয়স হৈ আহিছে। সময়ৰ লগে লগে বহু বিষয়ত অভিজ্ঞতাও
বাঢ়িছে। তেতিয়া মই কৰা দুষ্টামিবোৰ... আহঃ ক’ত যে হেৰাই গ’ল সেই মধুৰ দিনবোৰ! বহুদূৰ... দূৰত থাকিও সেই সোঁৱৰণীক চুই চোৱাৰ কি যে দুৰ্বাৰ হেঁপাহ। বয়সৰ সীমা অতিক্ৰম
কৰি
মই
পুনৰ
দহ
বছৰীয়া
ল’ৰাটোৰ দৰে অগ্ৰহাৰমৰ
ৰাস্তাটোত
খোজ
দিবলৈ
এয়া
আৰম্ভ
কৰিছোঁ।
ছোৱালীকেইজþনী গা ধুবলৈ অহা সময়। সেই পুখুৰীটোৰ
কাষৰ
ৰাস্তাটোৰে
দৌৰি
দৌৰি
আহি
পুখুৰীটোলৈ
নামি
যোৱা
খট্খটিটোত
বহিলোঁ। মই প্ৰায়েই ইয়ালৈ আহোঁ। তাত অবিৰাম গতিৰে বতাহ বৈ থাকে। মাছবোৰেও
আনন্দতে
জঁপিয়াই
আছে। ওচৰতে পৰি থকা শিলবোৰ পুখুৰীৰ মাজলৈ কিমান দূৰ পৰ্যন্ত দলিয়াব পাৰি তাৰেই পৰীক্ষা কৰি আছোঁ। ক’বলৈ গ’লে,এনেদৰে বহি থকাৰ আনন্দই সুকীয়া।
ৱেংকিত্তু,
উত্তনদম,
সুন্দৰম,
তন্দবানী
আটাইকেইটাই পুৰুষ আৰু মহিলাই স্নান কৰিবলৈ যোৱা খট্খটিকেইটাৰ
মাজত
থকা
বেৰৰ
ওপৰত
উঠি
পুখুৰীৰ
মাজলৈ
জঁপিয়াই
গৈছে। জপং জপং শব্দ শুনা গ’ল। কেইটামানে আকৌ সুলকিব ধৰা অন্তৰ্বাসটো দুয়োখন হাতেৰে ধৰি ওপৰলৈ টানি টানি পানীৰ মাজৰ পৰা উঠি আহিপুনৰ জঁপিয়াবলৈ বুলি শাৰী পাতিব ধৰিছে।
মই পিছে সদায় অকলশৰীয়া
আছিলোঁ। সিহঁতে মোক কেতিয়াও লগ নিদিছিল। কিয় নিদিয়ে মইও নাজানো। হয়তো সিহঁতে মোক ভাল ল’ৰা বুলি ভবা নাছিল। বয়োজ্যেষ্ঠসকলে আকৌ মোকেই ভাল ল’ৰাৰ উদাহৰণ দিয়ে যিহেতু মই সেই দুষ্ট ল’ৰাকেইটাৰ লগ নিদিওঁ।তেওঁলোকে
ভাৱে
মই
বৰ
শান্ত। “ছেঃ বেচেৰাটোলৈ বেয়াই লাগে, অকলে অকলে বহি থাকে। ঐ যা যা তহঁতৰ লগত খেলিবলৈ দে। তহঁতৰনো
কি
যায়
তাক
খেলিবলৈ
লগ
দিলে·
নহ’লে আহ বেটা আমাৰ লগতে আহ্। তোক খাবলৈ দিম আহ।”- এনে সময়তে মোৰ মন প্ৰশান্তিৰে ভৰি পৰে। কেতিয়াবা
কেতিয়াবা
মন
গ’লেই তেখেতসকলৰ
বাবে
মই
কফি
বনাও
কেতিয়াবা
আকৌ
ভৰিও
মালিচ
কৰি
দিওঁ। ঘৰত কিন্তু মায়ে কিবা কৰিব দিলেও নকৰোঁ। ‘হ’ব যা’-বুলি কৈয়েই দৌৰ মাৰোঁ।
দহ বছৰত ভৰি নিদিওঁতেই
পাচঁজন
ভাই-ভনীৰে ইতিমধ্যে
ঘৰ
ভৰি
পৰিছে। এনে অৱস্থাত মাৰ পৰা কেৱল মোৰ প্ৰতি দয়া,মৰম আশা কৰাটো মোৰেই ভুল। মোৰ মায়ে মৰমতে মোক ঐ অঘাইটং, ঐ ধূৰ্ত বুলি সম্বোধন কৰে। ঘৰৰ মানুহৰ মনত মই হ’লে বৰ দুষ্ট। তাতেনো কি হ’ল· গাঁৱত, ৰাস্তাত, সকলোতে আনকি অচিনাকীজনৰ মনতো মই বৰ শান্ত। মোক যে ঘৰৰ মানুহে কিয় দুষ্ট বুলি ভাবে মই নিজেই বুজি নাপাওঁ। কিনো দুষ্ট· সৰু ল’ৰা এটাই দৌৰি অহাৰ সময়তে মই তাৰ বাটত ভৰি দুখন মেলি বহি দিওঁ। সি লুটি খাই বাগৰি পৰে। কেতিয়াবা যদি মূৰত দুখ পায়,কেতিয়াবা আকৌ নাকেৰে তেজ বৈ আহে। তাতনো মোৰ কি দোষ· সি পেন্পেনাই
কান্দিবলৈ
ধৰে। মায়ে দৌৰি আহে আৰু মোকেই গালি পাৰে-‘ঐ ধূৰ্ত, দুষ্টামিবোৰ কৰি এতিয়া শান্ত হৈ বহি আছ· জহনিত যোৱা, তোৰ হাতখন খুজাইছে যেন পাও। তোক আজি মই....’-বুলি ক’বহে পায় মই ফেঁকুৰিবলৈ
ধৰোঁ
। কান্দোন শুনি কাষৰ ঘৰৰ খুৰীজনী দৌৰি আহি মোক সাৱটি ধৰে।‘বেচেৰা শান্ত ল’ৰাটোক ইমান অত্যাচাৰ
কৰিব
লাগেনে·
আহ
বাচা
মোৰ
লগতে
আহ।’ নাকান্দিবি নাকান্দিবি বুলি শান্তনা দি তেওঁ মোক তাৰ পৰা লৈ যায়।
তালৈ গৈও প্ৰথমতে
মই
শান্ত
হৈ
বহি
থাকোঁ। কেৱল মাজে মাজেহে দুই এটা সৰু সুৰা দুষ্টামি কৰি তাৰ পৰা পলাওঁ। উস্ কি দুষ্টামিৰ দিন আছিল সেইবোৰ! কফি পাউদাৰ বনোৱা মেচিনটোত মাটি মিহলি কৰি চিঞৰোঁ ‘খুড়ী এইফালে আহকচোন। ইয়াত কোনোবাই
মাটি
মিহলাই
দিলে।’ উধাতু খাই দৌৰি অহা খুড়ীয়ে সোধে ‘কোনে·’ মই কওঁ ‘আৰুনো কোন হ’ব· আপোনালোকৰ ইয়েই হ’ব।’ কথা শুনি খুড়ীয়ে মোৰ কাণসমনীয়াটোক মাতি আনি দুচাট লগোৱাৰ পাছতহে মোৰ শান্তি।
মোৰ প্ৰতি সহানুভূতি দেখুওৱা খুড়ীকেইজনীক মায়ে প্ৰায়েই কয়-‘ তহঁতে ইয়াক মৰম কৰি কৰি মূৰৰ ওপৰত তুলিছ। ইয়াক বিশ্বাস
নকৰিবি
কৈ
দিলো। সি মেকুৰীৰ দৰে। দুষটামিবোৰ কৰি শান্ত ল’ৰাৰ ভাও জুৰে।’
মাৰ কথা শুনি খুড়ীয়ে মোৰ পিনে চায়। মই শান্তভাৱেই বহি থাকোঁ যেন ভজা মাছটোও লুটিয়াই খাব নেজানো। তাকে দেখি খুড়ীয়ে মাক কয়-‘যাহ্ এইজনী । সকলো সময়তে এই শান্ত ল’ৰাটোক গালি শপনি পাৰি থাকে। যাহ্ নিজৰ কামত ধৰগৈ।’ এইদৰে মোৰ পক্ষত থকা সকলোৱে মাক বুজাই বঢ়াই পঠাই দিয়ে। কেৱল মইহে জানো মোৰ প্ৰতি সহানুভূতি দেখুওৱাসকলৰ সহানুভূতিৰ পাত্ৰ মই হয় নে নহয়।
ময়ো যে কি কৈ আছো ! ক’বলৈ আহিছিলো
অগ্ৰহাৰমৰ
মেকুৰীটোৰ
কথা
পিছে
কৈ
আছো
মোৰ
আৰু
অগ্ৰহাৰমৰ
মানুহখিনিৰ
কথা। পঁচিশ বছৰৰ আগৰ অগ্ৰহাৰম মোৰ জন্মভূমি, তাৰ আলি-পদূলি, মানুহখিনি। কিমান যে কথা ... কিমান সুন্দৰ স্মৃতি... অবিৰামভাৱে যেন কৈয়েই থাকিম.. কৈয়েই থাকিম। সেই চিনাকি ছবিখন, আপোন ঠাই টুকুৰা!
মই
বিৰক্ত
নহওঁ
আৰু
ভাগৰিও
নপৰোঁ।
মই যি কৈ আছোঁ নাইবা যি ক’ম সেয়া কেৱল এখন গাৱঁৰ কথা। মীনা, ৰুকু , পত্তু, ললিতা, গৌৰী আইতা, আনন্দ শৰ্মা, ৱইতা, ৰাঘৱ আয়াৰ, গণপতি আইতা, শংকৰ শৰ্মা ইজনে আনজনক চিনি পায়। এতিয়া পিছে সেই সম্পৰ্কবোৰ কেনেদৰে আছে মই নাজানো। কেৱল ঘূৰি চাবহে পাৰো সেই অতীতলৈ, উভতি যাব নোৱাৰোঁ। ইয়াৰে কিছু সংখ্যক লোক চহৰলৈ আহিছে বাকীবোৰ
হয়তো
গাওঁতেই
আছে। মোৰ জীৱনত এই মানুহখিনিৰ স্থান আটাইতকৈ গুৰুত্বপূৰ্ণ। তেওঁলোকৰ বিষয়ে কৈ থকাৰ অন্য এক আনন্দ আছে। কিন্তু বাৰে বাৰে অগ্ৰহাৰমৰ
কথা
কৈ থাকিলেÿ আমনিও পাব পাৰে!
পিছে মইনো কি কৰোঁ· ল’ৰালিৰ সেই মধুৰতাই
মোক
যে
মেৰিয়াই
আছে। বাৰু, এইবাৰ অগ্ৰহাৰমৰ মানুহখিনিৰ কথা এৰি মেকুৰীৰ কথালৈ আহোঁ। মেকুৰীৰ বিষয়ে ক’লে নিশ্চয় আমনি নাপাব নহয়নে· পিছে মেকুৰীটোৱেহে পঢ়িব নোৱাৰিব!
আকৃতিৰ ফালৰ পৰা সৰু, গাত ক’লা দীঘল দীঘল আঁচ থকা, গোটেই গাটোতেই
নোম
থকা
প্ৰাণীবিধ
বৰ
ভয়লগা। পিছে দেখাত অতি শান্ত হৈ থাকে । সাধাৰণতে পোহনীয়া প্ৰাণীবোৰ মই বৰ বিশেষ ভাল নাপাওঁ। তাতে আকৌ মেকুৰী!
চাবলৈও
বিতৃষ্ণা। চকু পাৰি দেখিবলৈ মন নাযায়। মই বিৰক্ত হওঁ।
কুকুৰ, মেকুৰী এইবোৰনো
কোনে
ভাল
পায়·
মোৰ
বোধেৰে
কোনেও ভাল নাপায় আৰু পাবও নালাগে। তেতিয়া আজৰি সময়ত ইহঁতবোৰক মাৰি পেলোৱাটো
আছিল
মোৰ
অভ্যাস। আৰু এই অভ্যাস ক্ৰমে নিচাত পৰিণত হৈছিল।
খেলিবলৈ কোনেও লগেই নিদিয়ে। অকলশৰে বহি দিনৰ দিনটো এনেয়ে পাৰ কৰাতকৈ পৰুৱা, জেঠী, এন্দুৰ,
নিগনি,
কুকুৰ
মেকুৰী
আদি
বিচাৰি
ফুৰিছিলো। পৰুৱাৰ শাৰীবোৰত খুঁচি দিয়াৰ লগে লগে সিহঁতৰ হাহাকাৰ অৱস্থা, বেৰৰ জেঠীদালৰ নেজ কাটি দিলে নেজদালৰ ধৰফৰনি, সোণ পৰুৱাবোৰ ধৰি ধৰি কাঁচৰ বটলত ভৰাই থোৱা, ক’লা পৰুৱাবোৰ নিমিষতে পিহি পেলোৱা .. এইবোৰ কাম কৰিয়েই মই সময় অতিবাহিত
কৰিছিলোঁ
আৰু
এক
বুজাব
নোৱাৰা
আনন্দ
পাইছিলোঁ। এই প্ৰাণীবোৰৰ বাবে মই হৈ পৰিছিলোঁ যম। মুঠতে আমাৰ পদূলিত ভৰি থবলৈ কোনো প্ৰাণীয়ে সাহসেই কৰা নাছিল।
এদিনাখনৰ
কথা
জয়া
খুড়ীৰ
ঘৰৰ
বাৰাণ্ডাত
বহি
আছোঁ। মোৰ কাষতেই এটা শিলৰ দ’ম। আচলতে এই বিশেষ বিশেষ শিলবোৰ মই বৰ কষ্ট কৰি কুকুৰ মেকুৰী মাৰিবলৈকে জমা কৰোঁ। এনেতে দেখিলোঁ
পদূলিৰ
সমুখেৰে
কুকুৰ
এটা
সোমাই
আহিছে। গহীন খোজেৰে তলমূৰকৈ সি আহি আছে। বোধহয় তেতিয়ালৈকে সি মোক দেখা পোৱা নাই। আাগতেও এবাৰ মোৰ শিলৰ কোবত সি আঘাতপ্ৰাপ্ত
হৈছিল। ‘বেটা আহ’ বুলি ভাবি প্ৰথমে খঁুটাটোৰ আঁৰত থিয় হৈ তাক নেদেখাৰ ভাও জুৰিলোঁ। সি চিধাই আহি আছে। মোৰ কাষ পাবহিয়ে। বাওঁ চকুটো মুদি চিধাই তাৰ মূৰটো লক্ষ্য কৰি দিলো শিলচটা মাৰি দিলোঁ। মূৰ ফাটি তেজ চিটিকি পৰিল। ভৌ ভৌ কৈ বিকত চিঞৰ এটা মাৰি সি দৌৰ দিলে। মই আগৰ দৰেই শান্তভাৱেই বহি থাকিলো।
খুড়ী দৌৰি ওলাই আহিল। লগে লগে ওচৰতে থকা শিলখিনি দূৰলৈ ঠেলি দিলো ।
‘কোন·কোনে কুকুৰটো
মাৰিলে·’-খুড়ীয়ে মোৰ পিনে চালে।
‘ওহো....
মই
মৰা
নাই
খুড়ী।’
‘বাৰু যাগৈ যা। কাৰোবাক মাতি আনগৈ। কোঠাৰ ভিতৰত ডাঙৰ দালশলীয়া এটা সোমাইছে। ’
‘হ’ব। মই এডাল খৰী লৈ গৈ আছোঁ। খুড়ীয়ে মাত দিছে- ‘নালাগে নালাগে। তোৰ দ্বাৰা নহ’ব। এইটোৱে তোৰ গালৈকে জঁপিয়াব। যা যা আন কাৰোবাক মাতি আনগৈ যা।’
কোঠাৰ ভিতৰত সোমাই দেখিলোঁ
এটা
কোণত
দালশলীয়াটোৱে
মোৰ
ফালে
একেথৰে
চাই
আছে। মূৰটোলৈ চাই খৰীডাল দলিয়ালো। ধাপ্কৈ শব্দ এটা হ’ল। তাৰ মূৰটো দুফাল হৈ কোঠাৰ ভিতৰত তেজবোৰ চিটিকি পৰিল। খুড়ী দৌৰি আহিল। তেওঁৰ চকুত ভয়ৰ চিন। ময়ো ভয় লগাৰ নিচিনা অভিনয় কৰিলো। খুড়ীয়ে মোক সাৱটি ধৰি ক’লে- ‘সেইফালে
নাচাবি। ঘৰৰ কাম কৰিব অহাজনীয়ে এইবোৰ চাফা কৰিব। ভয় নাখাবি বাচা। এইফালে আহ মোৰ লগতে আহ।’
নিজে এনেদৰে প্ৰাণী বধ কৰি ভালপোৱাৰ
লগতে
মোৰ
পিছে
অন্য
এক
ধৰণৰ
নিচাও
আছে
। সেইটো কি জানেনে· আনে হত্যা কৰি থাকিলে চুপি চুপি চোৱা। বজাৰত টুকুৰা টুকুৰকৈ
মাংস
কটা-বেচা কৰি থকা দেখিবলৈ
পালে
মোৰ
বৰ
ভাল
লাগে। অগ্ৰহাৰমৰ ৰাস্তাটো যিখিনিত শেষ হৈছে তাতেই এখন বজাৰ বহে ।
সন্ধিয়া
সময়ত
তাত
গৰু,
ছাগলী,কুকুৰা কাটি মাংস বিক্ৰী কৰা হয়। ডাঙৰ মোচ থকা কচাইজন সদায় গধূলি তালৈ আহে। ৱেংকিত্তু, উত্তানদম,সুন্দৰমে তাক দেখিলেই পেঁপুৱা লাগে। মোৰহে তালৈ ভয় নালাগে। তাক চাবলৈকে মই ৰৈ থাকোঁ। গধূলি চাৰিমান বজাত সি আমাৰ ৰাস্তাৰে পাৰ þহয়। পদূলিমুখ
পাৰ
নোহোৱালৈকে
মই
তাক
চায়েই
থাকোঁ। তাৰ ডাঙৰ মোচ কোচ াৰ মূৰ দুটা ঘেৰ খোৱা- চাই মোৰ বৰ ভাল লাগে। সি সদায় কেৰমেৰকৈ থকা পুৰণা চাইকেলখনত উঠি আহে। চাইকে লৰ হেণ্ডেলত
খাকী
ৰঙৰ
তেজৰ
দাগ
থকা
মোনাখনৰ
চাৰিওকাষে
মাখি
উৰি
থাকে। মোনাখনৰ ভিতৰত থকা দীঘল দা খনৰ নালটোহে কেৱল দেখিবলৈ পোৱা যায়। মই ডাঙৰ হ’লে ঠিক এনেকুৱা ধৰণৰ মোচ ৰাখিম, ইয়াতকৈও ডাঙৰ দা এখন ৰাখিম। কোনোবাই
যুঁজিব
আহিলে
কাটি
পেলাম
বাপ্পেকে। মুঠতে মোক দেখা মাত্ৰেই সকলোৱে ভয় খাব লাগিব।
অ’ মই মেকুৰীৰ বিষয়েহে ক’ব খুজিছিলোঁ। আহি পৰিল কচাইৰ কথা। এতিয়া ক’ম। আমাৰ অগ্ৰহাৰমত মাত্ৰ এটাþ মেকুৰী আছে। তাৰ কুখ্যাতি
ইতিমধ্যে
সমগ্ৰ
অঞ্চলটোতেই
বিয়পি
পৰিছে। ধুৰন্ধৰ বুলি জনাজাত প্ৰাণীবিধ নামতহে মেকুৰী, আচলতে তাক এটা সৰু বাঘ বুলিয়েই আমি ধৰিব পাৰোঁ। এইটোৱে জানো অগ্ৰহাৰমত কি বিচাৰি পায়· মেকুৰীটো সামিষভোজী নহয়নে· মাংস খাবলৈ পোৱা ঠাইত নাথাকি কিয় যে অগ্ৰহাৰমত বাহৰ পাতিছেহি নাজানো ! বোধহয় সি সম্পূৰ্ণৰূ¸পে নিজকে নিৰামিষভোজীলৈ ৰূ পান্তৰ কৰিছে।
এই মেকুৰীটো
আৰু
মোৰ
মাজত
কিছুমান
সাদৃশ্য
নথকা
নহয়। ময়ো শান্ত সিও দেখাত শান্ত। ময়ো দুষ্ট কৰোঁ সিও কৰে। ময়ো আনৰ ঘৰলৈ গৈ মাজে মাজে দুষ্টামি কৰোঁ আৰু সিও কৰে। কেৱল দুয়ো আনে গম নোপোৱাকৈ
মনে
মনে
দুষ্টামিবোৰ
কৰি
শান্তভাৱে
থাকোঁ।
এদিনাখনৰ কথা, জয়া খুড়ীয়ে চিঞৰ শুনা পোৱা গ’ল - ‘এই বদমাছ মেকুৰীটোৱে মোৰ পাকঘৰ টহিলং কৰিছে। গাখীৰখিনিও নষ্ট কৰি পেলালে । কোন ক’ত আছ· ইয়াক কোনোবাই
মাৰি
পেলাহিচোন।’
লগে লগে চোফাত বহি থকা খুড়াই ক’লে, ‘ঐ চুপ থাক । নাপায় , তেনেকৈ ক’ব নাপায়। মেকুৰীক মাৰিম বুলি ভবাটোও পাপ।’ খুড়াৰ কথা শুনি খুড়ী মনে মনে থাকিল।
অৱশ্যে,
মই
কথাটো
নজনা
নহয়। দালশলিয়াক মৰাৰ দৰে মেকু ৰীক মাৰিব পৰা নাযাব। দালশলিয়া সৰু কিন্তু ই ডাঙৰ। মেকুৰীয়ে
প্ৰথমতেই
ভয় খাই পলাব বিচাৰিব কিন্তু নোৱাৰিলে চিধাই আহি আক্ৰমণ কৰিব। মোৰ মনত আছে সৰুতে এবাৰ চাৰ্কাছত ঘূৰোৱাৰ দৰে তাৰ নেজত ধৰি ঘূৰোৱাৰ বাবেই সি আঁচুৰিছিল। মোৰ পেটত তাৰ নখৰ চিন এতিয়াও আছে। মায়ে এই ঘটনাটোৰ বিষয়ে প্ৰায়েই কয়।
সেইদিনা
গধূলি
আমাৰ
ঘৰৰ
বাগিছাত
তাক
দেখা
পালোঁ। আমাৰ ঘৰ আৰু কাষৰ ঘৰৰ মাজত এটা সৰু ৰাস্তা আছে। সেইফালেদিয়েই সি শান্ত শিষ্ট হৈ আহি আছিল। মাজতে এবাৰ সি মোলৈ ঘুৰি চালে। ময়ো চালোঁ। সি পাত্তাই নিদিলে। মোৰ খং উঠি গ’ল। তাক ভয় খুৱাম বুলি ভাবি জঁপিয়াই দিয়াৰ নিচিনাও কৰিলোঁ। নাই সি কেৰেপেই নকৰিলে। কিছুপৰ ট টকৈ চকু দুটা ডাঙৰ কৰি চায়েই থাকিল। মোৰ খঙ উঠিল। এটা সামান্য মেকুৰীৰ ইমান সাহ· মোকো ভয় নকৰে· এইবাৰ লাহেকৈ ডিঙিটো ঘুৰাই চিধাই খোজ দিলে। এনেকুৱা
লাগিল
যেন
সি
মোৰ
প্ৰতি
মনে
মনে
বিৰুদ্ধাচৰণ
কৰিবলৈ
ধৰিছে। তে াক মই সুদাই নেৰোঁ বুলি তাৰ প্ৰতি মনতে যুদ্ধ ঘোষণা কৰিবহে পালোঁ। মিউ মিউ কৈ চি ঞৰি উঠিল। এইবাৰ মই নিশ্চিত
হ’লোঁ সঁচাকৈয়ে
ই
মোৰ
লগত
লাগিবলৈ
সাজু
হৈছে।
‘বেটা ৰঙা চকু দেখুৱাবলৈ
আহিছ·
মোক
দেখাই
লাভ
নাই
। যা যা দালশলিয়াক দেখুৱাগৈ যা। দুদিন ধৈৰ্য ধৰ । এদিন নহয় এদিন তোক চাউলৰ বস্তাত ভৰাই লৈ কাপোৰ ধোৱা শিলচটাত...।’
‘মিউ মিউ ...
মোক
ধৰিবলৈ
তোৰ
সাহস
লাগিব
বোপাই। এনেয়ে ফোঁপাই লাভ নাই।’ কৈয়েই সি বাগিছাৰ ওচৰৰ বেৰখনৰ পৰা জঁপিয়াই পাৰ হৈ কাষৰ ঘৰৰ বাৰাণ্ডাত উঠিল।
‘ক’লৈ যাবি· যদি তোক ধৰিব নোৱাৰোঁ
মোৰ
নামেই
সলাই
দিবি
।’
‘
মিউ
মিউ...
দেখা
যাব।’
ময়ো ক ’লো- ‘যা চাই ল’বি।’
সেইদিনা
গোটেই
ৰাতি
মোৰ
টোপনি
নাহিল। চাগে মেকু ৰীটোৰো নাহিল। আমাৰ ঘৰৰ চিলিঙত মাজৰাতিলৈকে দৌৰা-দৌৰি কৰি আছিল। মাজতে দুবাৰমান
কন্দাৰ
দৰেও
কৰিলে। এবাৰ ধুপুচকৈ তলত সৰি পৰিল। বাৰাণ্ডাতে ককা শুই আছিল। ককাই লাঠিৰে যা যা বুলি খেদিলে। আমাৰ ঘৰৰ বেৰৰ পৰা সি জয়া খুড়ীহঁতৰ ঘৰৰ ফালে জঁপিয়ালে। জোনৰ পোহৰত সেয়া মই দেখিলোঁ।
পিছদিনাখনেই
যুদ্ধৰ
বাবে
প্ৰস্ততি
চলালোঁ। তাক বধ কৰি অগ্ৰহাৰমখন মেকুৰীমুক্ত কৰিবলৈ শপত গ্ৰহণ কৰিলোঁ।
জয়া খুড়ীহঁতৰ
ঘৰৰ
এটা
কোঠাত
এবাতি
গাখীৰ
থৈ
আহিলোঁ। কোঠাটোৰ দৰ্জা-খিৰিকিবোৰোবন্ধ কৰি দিলোঁ। কেৱল ভিতৰলৈ সোমোৱা দৰ্জাখন
অলপ
খুলি
থ’লোঁ। যাতে সেইফালেদিয়েই মোৰ চিকাৰ আহিবলৈ সক্ষম হয়। সিদিনাখন
দিনৰ
দিনটো
মই
বোন্দাপৰ
দি
ৰ’লোঁ। আনকি দুপৰীয়াৰ সাজ খাবলৈও মোৰ ঘৰ যোৱা নহ’ল। তেতিয়া হয়তো তিনিমান বাজিছে, গহীন গম্ভীৰ খোজেৰে শত্ৰু আহি কোঠাৰ ভিতৰত সোমাল। গাখীৰখিনিত
মুখ
দিছিলহে
লগে
লগে
দৰ্জাখন
জপাই
দিলো। ভিতৰৰ পৰা সি দৰ্জাখনত আচুৰিবলৈ ধৰিলে।
‘মেকুৰী ধৰা পৰিল। খুড়ী সোনকালে
আহা
।’-আনন্দমনেৰে চিঞৰি দিলোঁ। খুড়ী লৰি আহিল। তেতিয়াও সি মিউ মিউ কৈ চিঞৰিয়ে
আছিল। হয়তো সি কোঠাটোৰ পৰা ওলাবলৈ চেষ্টা কৰিয়েই আছিল।
খুড়ীয়ে ক’বলৈ ধৰিলে-
‘বোপাই
দৰ্জাখন
খুলি
দে। এনে কাম কৰিব নাপায়। এনে কাম কৰিলে পাপে চুব। পাপ ...
মহাপাপ
হ’ব।’
‘মই হত্যা নকৰোঁ নহয় খুড়ী। বস্তা এটাত ভৰাই লৈ গৈ দূৰৰ অচিনাকী ঠাই এখনত গৈ থৈ আহিম।’ উত্তৰ দিলোঁ। হাঁহি হাঁহি খুড়ীয়ে পুনৰ ক’বলৈ ধৰিলে-
“হয়নে
বোপাই·
পিছে
তই
তাক
থৈ
ঘূৰি
অহাৰ
আগেয়ে
যে
সি
আহি
ঘৰ
সোমাব
সেইটো
জাননে
নাই·”
মনতে ভাবিলোঁ-
বাপ্পেকে
পাবি
মজা। এনে এখন ঠাইত থৈ আহিম। য’ৰ পৰা ঘুৰি অহাটো দুৰৰ কথা ....।
অগ্ৰহাৰমত
সেইদিনা
ময়েই
আকৰ্ষণৰ
বিন্দু। বিজয়ী যোদ্ধাৰ
খোজেৰে মই অগ্ৰহাৰমৰ ৰাস্তাত খোজ দিলোঁ। খেলাৰ সময়ত মোক সংগ নিদিয়া আটাইবোৰেই মোৰ পিছে পিছে শাৰী পাতিছেহি। মেকুৰীটো
এটা
বস্তাৰ
ভিতৰত
ভৰাই
লৈ
মই
আহি
আছোঁ। ল’ৰা ছোৱালীজাকৰ মাজত গুণগুণণি
উঠিল। মোৰ মায়ে পদূলিৰ মূৰত ৰৈ কাণ্ড-কাৰখানবোৰ দেখি গালি পাৰিছিল- “ ঐ জহনিত যোৱা। কি পাপ কৰিবলৈ ওলাইছ· মেকুৰীক মাৰি নিজৰ বংশৰ সৰ্বনাশ কৰিবলৈ ওলাইছ· তই নাজাননে মেকুৰীৰ চুলি এডাল চিঙিলেই সোণ গঢ়াই দিব লাগে· বাপেৰক আহিবলৈ দে, তোক আজি....।”
এইবোৰ একো কথাই আজি মোক গলাব নোৱাৰে। চিধাই গৈ ৰাস্তাটোৰ শেষত থকা মণ্ডপটোৰ ওচৰত বস্তাটো থৈ বহিলোঁ।
“
বস্তাৰ
পৰা
মেকুৰীটো
উলিয়াই
তাৰ
ডিঙিত
ৰছী
বান্ধি
চাৰ্কাছৰ
দৰে
মানুহৰ
আগত
দেখুৱাব
পৰা
যাব”-
উত্তানদমৰ
বুদ্ধি। তাৰ কথা শুনি কেইজনমানে ক’লে, “হয় হয়। সেইটো কৰিলেই ভাল হ’ব।” পিছে আচল কথাটো হ’ল-মেকুৰীৰ
ডিঙিত
ৰছী
বান্ধিব
কোনে·
এইবাৰ গম্ভীৰভাৱে
উত্তৰ
দিলোঁ-“এইবোৰ একো কৰিব নালাগে। গঁুফীয়া কচাইজন এতিয়াই পাবহি। ইয়াক তেখেতৰ তাতেই গতাম। দীঘল নালৰ দা খনেৰে চেটেপ চেটেপকৈ....
বচ্ কাহিনীয়েই শেষ।”
“তাক কিন্তু তুমিয়েই সুধিব লাগিব।”- সুন্দৰমৰ অৱস্থা কচাইজন আহি পোৱাৰ আগতে কাহিল হ’ল।
“তাক কিন্তু তুমিয়েই সুধিব লাগিব।”- সুন্দৰমৰ অৱস্থা কচাইজন আহি পোৱাৰ আগতে কাহিল হ’ল।
এই কম ধতুৱাকেইটাৰ
আগত
মৰা-কটাৰ কথা কৈ একো লাভ নাই। ধুৰ.... আটাইবোৰেই ভয়াতুৰ।
“হেই তহঁতবোৰ
ইয়াৰ
পৰা
যাগৈ। কটা দেখিলে ভয় খাই মৰিবি। পিছত আকৌ তহঁতৰ মাৰে মোকেই গালি দিব। যা, যা ...।” ক’বলৈহে পালোঁ, ওচৰতে থকা কোনোবা এজনে মাত দিলে- “ঐ সেইদিনা ছাগলী কটাৰ সময়ত ... তুমিতো দেখিছিলা মইও তাতেই থিয় দি আছিলোঁ। মই কিবা ভয় কৰোঁ নেকি· নকৰোঁ নহয়। মই কিন্তু থাকিমেই।”
“
কিন্তু
এটা
কথা। যদি থাকিব বিচাৰ কোনেও ঘৰত গৈ মুখ খুলিব নোৱাৰ। শপত খা।” Êমই ক’লোঁ।
“
শপত
- ঘৰত
নকওঁ।” সকলোৱে একেলগে ক’লে।
আমি এতিয়া গঁুফীয়া
কচাইজনৰ
বাবেই
ৰৈ
আছোঁ। শেষত যেনিবা সন্ধিয়া পৰত চাৰিমান বজাত কেৰমেৰ শব্দ কৰি থকা চাইকেলখনত উঠি তেওঁ আহিল।তেওঁক দেখা পোৱা মাত্ৰকেই আটাইেবাৰ পলাই পত্ৰং দিলে। খালী মণ্ডপৰ শিলবোৰৰ
পিছফালে
গৈ
লুকাল।
“আমি ইয়াতেই থাকিম। তুমি সুধি আহাগৈ যোৱা।” সিহঁতে মোক ক’লে।
‘
ডাঙৰ
মোচ
থকা
কচাইজনে
আহি
মোৰ
কাষতে
চাইকেলৰ
ব্ৰেক
টানিলে। এটা অদ্ভ³ত ধৰণৰ শব্দ কৰি চাইকেলখন ৰ’ল। বোধহয় দীৰ্ঘদিন ধৰি চাইকেলখনৰ কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা হোৱা নাই। অজানিতে
মোৰ
মুখৰ
পৰা
সু-প্ৰভাত বুলি কোৱা গ’ল। ক’বলৈহে পালোঁ মিচিকিয়া
হাঁহি
এটা
মাৰি
তেওঁ
ক’লে “সু-প্ৰভাত আৰু এতিয়া·”
মই একো উত্তৰ নিদিয়াকৈ
তেওঁৰ
ফালে
চায়েই
থাকিলোঁ। সুস্থ-সৱল, শকত-আৱত, ওখ মানুহজনক কাষৰ পৰা দেখা পাই মোৰো বুকুখনে ধপধপাব লাগিল। কিন্তু মই ভয় লগা যেন নেদেখুৱালোঁ।
তেতিয়াও
মানুহজন
চাইকেলখনতেই
বহি
আছিল। এখন ভৰি চাইকেলৰ পেডেলত আৰু আনখন মাটিত থৈছিল। মই যেতিয়া কথাটো ক’ম বুলি ভাবি তেওঁৰ ফালে চালোঁ আচৰিত হৈ পৰিলোঁ। বাপৰে কি মস্ত মানুহ! ডিঙিটো শুকাই গ’ল। কিন্তু লগৰবোৰৰ আগত ইমান বীৰত্ব দেখুৱাই আহি সময়ত পেঁপুৱা লাগিলে সিহঁতে মোক হাঁহিব। সেই ভাবিয়েই সময় নষট নকৰি ¸ ক’বলৈ ধৰিলো- “ এটা সৰু সহায়ৰ বাবে...”
এইবাৰ তেওঁ মোৰ পৰা চকু আঁতৰাই বস্তাটোৰ পিনে চাই ক’লে-“বস্তাত এইটো কি·” তেওঁৰ গলগলীয়া মাতটো কৃষ্ণলীলাৰ কমছনৰ২দৰে শুনা গ’ল। “মেকুৰী,
তাত
এটা বৰ দুষ্ট মেকুৰী আছে। আজিলৈকে
সি
বহুত
দুষটামি
কৰিছে। সেইবাবেই এনেদৰে হত্যা কৰিবলৈ লৈ আহিলোঁ।”- মই ক’লোঁ।
‘
অ’হ , হয় নেকি· তুমি নিজেই ধৰিছা·
’ তেওঁ
সুধিলে।
মই গৰ্বৰে মূৰটো লৰাই দিলোঁ। মণ্ডপৰ শিলৰ পিছফালে লুকাই থকা ল’ৰাকেইটাই মোৰ ফালে অনুসন্ধিৎসাৰে চালে। মইও চালোঁ।
এইবাৰ মোনাৰ ভিতৰত থকা চোকা দা খনলৈ মোৰ চকু গ’ল। তাকে দেখি তেওঁ মোক সুধিলে
-“কাটিবলৈ
এইখন
লাগে
নেকি·
”
“ওহো। আপুনিহে ছাগলী কাটে । সেয়ে ইয়াকো আপুনিয়েই কাটক।” মই ক’লোঁ।
মোৰ কথা শুনি তেওঁ প্ৰকাণ্ড
দা
খন
মোনাৰ
পৰা
উলিয়ালে
আৰু
এটা
চকু
মুদি
আনটো
চকুৰে
চাই
থাকি
চোকা
দা
খনৰ
কাষৰ
অংশ
বুঢ়া
আঙুলিটোৰে
পিহি
পিহি
ক’লে- “আজিলৈকে
মই
মেকুৰী
কাটি
পোৱা
নাই
কাৰণ
আমি
মেকুৰী
নাখাওঁ। অৱশ্যে যদিহে তুমি খাওঁ বুলি কোৱা মই কাটি দিম। কোৱা, খাবানে·”
কথাষাৰ শুনিবলৈ
মই
প্ৰস্তুত
নাছিলোঁ। লগে লগে ওৱাক ওৱাক কৰিবলৈ ধৰিলোঁ। আৰু ক’লোঁ,“মই নাখাওঁদেই। কাটি উঠি মাটিত পুতি থ’ম।”
মোৰ কথা শুনি তেওঁ ক’বলৈ ধৰিলে-“
তুমি
বাৰু জানানে মই কিয় ছাগলী কাটোঁ· কাৰণ সেই ছাগলীৰ মাংস সকলোৱে খায়। যদি ছাগলীৰ মাংস কোনেও নাখালেহেঁতেন
মই
জানোþ
ছাগলীৰ
হত্যা
কৰিলোঁহেতেন,
কোৱা·
ছাগলী
কটা
তুমি
কেতিয়াবা
দেখা
পাইছানে·”
মূৰ দুপিয়াই
দুপিয়াই
মই
ক’বলৈ ধৰিলোঁ
“হয়। মই দেখিছোঁ। কটাৰ সময়ত আপুনি এটা শ্লোক গায়, নহয়নে· এতিয়াও সেই শ্লোকটো গাই গাই মেকুৰীটো কাটকচোন। পাপে নধৰেতো। ”
এইবাৰ সি চাইকেলৰ পৰা নামিল। অলপ আগুৱাই আহি মোলৈ চাই ক’লে “শ্লোক গোৱাটো মূল কথা নহয়ও বোপাই। আচল কথাটো হ’ল যিকোনো কাম এটা কৰাৰ আগত ভগৱানক স্মৰণ কৰিলে কামটো ভাল হয়। তাতে আকৌ বেপাৰ বাণিজ্যৰ কথা। এইটোতো এটা খেলা নহয়। আমাৰ পৰিয়ালটি পোহপাল দিবৰ বাবেহে মই ছাগলী কাটি মাংস বিক্ৰী কৰোঁ। যদি তুমি কোনো কাৰণ নোহোৱাকৈ কাৰোবাক আঘাত কৰা , এয়া হত্যাকাণ্ড হ’ব। আৰু হত্যা মানে মহাপাপ ।” বুজিলানে· এতিয়া বাৰু কোৱাচোন তুমি কি বুজিলা·
“
মাত্ৰ
আজিৰ
বাবে। খেলিবৰ বাবে· কিনো ক্ষতি হয়· অনুগ্ৰহ
কৰি
মাত্ৰ
এবাৰ
মেকুৰীটো
কাটক
না।”
মিচিককৈ
হাঁহি
এটা
মাৰি
সি
মোৰ
থঁুতৰিত
হাতখন
থৈ
ওপৰলৈ
দাঙি
ক’লে- ( তাৰ হাতৰ আঙুলীবোৰ
বৰ
পিছল
যেন
অনুভৱ
হ’ল। ) “ খেলিবৰ বাবে হত্যা কৰিবলৈ অনুৰোধ কৰি আছা· চুপ। খেলিবৰ বাবে হত্যাকাণ্ড আৰম্ভ কৰিবলৈ হ’লে কেৱল এইটো এটা মেকুৰীতেই সীমাবদ্ধ হৈ নাথাকিব বোপাই। মই এতিয়া তোমাক সুধিব বিচাৰোঁ
খেলিবৰ
বাবে
যদি
মই
তোমাৰ
হত্যা
কৰিব
বিচাৰোঁ
তেতিয়া·
মানুহজনৰ ৰুদ্ৰ মূৰ্তি দেখি থতমত খালোঁ। মোৰ অণ্ঠ কণ্ঠ শুকাই গ’ল। গাটোও ঘামি গ’ল। কোনোপ্ৰকাৰে সাহস গোটাইহে উত্তৰ দিলো,“ অ’ পিছে মেকুৰীটোৱে যে দুষ্ট কৰিছিল।”
“তুমি বাৰু দুষ্ট কৰানে নাই· মেকুৰী মানেই দুষ্ট কৰিব আৰু দুষ্ট কৰিব মানেই তাৰ নাম মেকুৰী তেনে কথা নহয় বোপাই। মেকুৰীৰ নিচিনাকৈ তুমিও দুষ্ট নকৰানে· মেকুৰীয়েই হওঁক বা তুমিয়েই একেখিনি দুষ্টামি নকৰা জানো· আৰু নকৰিবাইনো কিয়! সৰু ল’ৰা ছোৱালীয়েটো দুষ্ট কৰিবই। একেখিনি দুষ্ট মেকুৰীটোকো কৰিবলৈ দিয়াচোন। তাতনো কি যায়· তাতকৈ ঘৰৰ পাকঘৰৰ দুৱাৰ খিৰিবোৰ
ভালদৰে
জপাই
থ’বলৈ কোৱা।”- এনেদৰেই কৈ সি বস্তাটো জোকাৰি দিলে।
এটা জাঁপতেই বস্তাটোৰ পৰা মেকুৰীটো আহি ধুপুচ্কৈ মাটিত পৰিল। কেইচেকেণ্ডমান
জুপুকা
মাৰি
বহিল। এটা সময়ত ডিঙিটো লৰাই কোনো ফালে নোচোৱাকৈ সি প্ৰাণৰ ভয়ত দৌৰিবলৈ ল’লে।
তাকে দেখি শিলৰ পিছফালে লুকাই থকা সকলে জোৰে জোৰে হাঁহিবলৈ ধৰিলে। ডাঙৰ মোচৰ কচাইজনেও
ডাঙৰকৈ
হাঁহিবলৈ
ধৰিলে। ময়ো হাঁহি ৰখাব নোৱাৰিলো। এক মিনিটমানৰ পিছতেই সি আমাৰ চকুৰ পৰা আঁতৰ হ’ল।
সেইদিনা
গোটেই
ৰাতি
মই
কান্দিলোঁ। মেকুৰীটোক মাৰিব নোৱাৰিলো নাইবা সি পলায়ন কৰিলে সেইবাবেই নহয়। ইমান দিনে কেৱল খেলাৰ বাবে মই হত্যা কৰা নিমাখিত সেই পৰুৱাবোৰ, জেঠীকেইডাল, মকৰা, সোণ পৰুৱা, দালশলীয়া আটাইকেইটাৰ বাবে মোৰ হিয়া উচুপি উঠিছে। সেই কুকুৰটো....
পাপ...
মহা
পাপ...!
হদয়খন
ক্ৰমাত
শিল
হৈ
পৰিছে।
তেতিয়াৰে
পৰা
মই
সেই
মেকু
ৰীটোক
দেখা
পোৱা
নাই। বোধহয় সি প্ৰাণৰ ভয়ত অগ্ৰহাৰম এৰিলে। এতিয়াও মেকুৰী দেখা মাত্ৰকেই তালৈ মনত পৰে।
এতিয়া মই অগ্ৰহাৰমত নাই। যোৱা পঁচিশ বছৰ ধৰি মই অগ্ৰহাৰমৰ
পৰা
আঁতৰি
আছো। এতিয়াও বাৰু এনেকুৱা এটা মেকুৰী অগ্ৰহাৰমত থাকিব পাৰেনে· আৰু মোৰ দৰে তেনে এটা দুষ্ট ল’ৰা! আৰু সেই গঁুফীয়া
কচাইজন·
১.অগ্ৰহাৰমঃ মন্দিৰৰ
ঠিক
ওচৰতে
তামিল
ব্ৰাহ্মণসকল
থকা
ৰাস্তা।
২.কমছনঃ কংস, কৃষ্ণৰ মোমায়েক ।
………………………………………………………………………………………………..


