তামিল ভাষা প্ৰায় দুহেজাৰ বছৰ পুৰণি । তেতিয়াৰে পৰা আৰম্ভ কৰি বৰ্তমান পৰ্যন্ত তামিল ভাষাত নিৰৱচ্চিন্নভাৱে সাহিত্য ৰচনা হৈ আাহিছে । এই সাহিত্যৰাজিও অত্যন্ত চহকী আৰু সমৃদ্ধিশালী । তামিল সাহিত্যৰ আদি যুগ নাইবা প্ৰাৰম্ভিক সময়ছোৱাৰ সাহিত্যৰাজি প্ৰাচীন তথা সু-প্ৰসিদ্ধ । তামিল ভাষাৰ আদি যুগৰ সাহিত্যৰাজিক ‘স্ংঘম সাহিত্য’ বুলি কোৱা হয় । ঘাইকৈ সেই সময়ৰ ৰজা-মহাৰাজাসকলে একোটা সংঘ বনাই তাত কবিসকলক সাহিত্যসৃষ্টিৰ বাবে উদগণি যোগাইছিল বাবে এই কালছোৱাক ‘সংঘমকালীন সময়ছোৱা’ হিচাপে নামকৰণ কৰা হয় । সংঘকালীন সময়ছোৱাত তামিল ভাষাত অনেক সাহিত্য ৰচনা হৈছিল । তাৰ ভিতৰত বিশেষকৈ কবিতা সংগ্ৰহেই বিশিষ্ট স্থান অধিকাৰ কৰিছে । এই কবিতাসমূহৰ লগতে ‘টোলকাপ্পিয়ম’ নামৰ ব্যাকৰণ গ্ৰন্থখনে প্ৰাচীন তামিল সংঘমকালক প্ৰতিনিধিত্ব কৰে । আকৌ মনকৰিবলগীয়া যে, সাহিত্যৰ লগত সাহিত্যিক বিধা বিষয়টো অংগাগীভাৱে জড়িত হৈ থাকে । এই বিধাসমূহ সাহিত্যৰ প্ৰাণস্বৰূপ । তামিল সাহিত্যতো এনে অনেক সাহিত্যিক বিধা পোৱা যায় । তাৰ ভিতৰত সংঘম কালৰ সাহিত্যিক বিধা বুলি কোৱাৰ লগে লগে পোনতেই ‘আগম’ বিধাৰ কথা মনলৈ আহে । আগম হ’ল অভিজ্ঞতাৰ বহিপ্ৰকাশ । এই বিধাৰ অন্তৰ্গত কবিতাসমূহ অন্তঃ পৃথিৱীৰ সূক্ষ্মাতিসূক্ষ্ম অভিজ্ঞতাৰ প্ৰকাশ । অন্তৰ্মুখী প্ৰকাশৰ এক আধাৰ হিচাপে প্ৰেমে এই কবিতাসমূহৰ প্ৰধান বিষয়বস্তু হিচাপে স্থান পাইছে । এই প্ৰেম বিভিন্ন ধৰণৰ হ’ব পাৰে । যেনেঃ বিবাহৰ আগৰ নাইআব পাছৰ প্ৰেম, অস্বীকৃত প্ৰেম, গোপন প্ৰেম, ব্যভিচাৰী প্ৰেম, মিলনৰ প্ৰেম, বিচ্ছেদৰ প্ৰেম আদি । পুৰণি তামিল সাহিত্যত প্ৰেমৰ এনেধৰণৰ বিষয়ক লৈ ৰচিত সাহিত্যৰাজিকেই আমি আগম বিধাৰ আওঁতালৈ আনিব পাৰো । এই বিধাত যিসমূহ কবিতা ৰচনা কৰা হৈছে সেইসমূহক ‘অহপ্পোৰুল’ বুলিও কোৱা হয় ।
আনফালে, সংঘম সাহিত্যৰ কবিতা সংকলনসমূহৰ বিষয়ে আলোচনা কৰিলে দেখা যায় যে এই কবিতাসমূহ দুটা ভাগত বিভক্ত ‘পদিনেন কীলকনক্কু’ আৰু ‘পদিনেন মেলকনক্কু’ । পদিনেন মেলকনক্কুৰ আকৌ দুটা ভাগ পোৱা যায়, সেয়া হ’ল- পট্টুপাত্তু আৰু এত্তুতটোকেই । ইয়াৰে এত্তুতটোকেই সাহিত্যৰাজিৰ ভিতৰত ‘কুৰুণটোকেই’ পুথিখন যথেষ্ট জনপ্ৰিয় আৰু অনন্য । চাৰিৰ পৰা আঠ শাৰীৰ চাৰিশ এটা কবিতাৰে পুৰিক্কো নামৰ সংকলকজনে এই পুথিখন সংকলন কৰিছিল । পুথিখনত মুঠতে দুশজন কবিৰ কবিতা পোৱা যায় । কুৰুণটোকেইৰ কবিতাসমূহ পঢ়িলে সহজেই অনুমান কৰিব পাৰি যে কবিতাসমূহৰ মাজেৰে প্ৰেমৰ আত্মপ্ৰকাশ ঘটিছে । যিহেতু আগম বিধাই প্ৰেম বিষয়ক সামৰি লয় সেয়ে কুৰুণটোকেইৰ কবিতাসমূহ আগম বিধাৰ অন্তৰ্গত বুলি উল্লেখ কৰিব পাৰি । এই কবিতাসমূহত কবিয়ে পৰোক্ষভাৱে নিজৰ প্ৰেম সম্পৰ্কীয় মনোভাৱ প্ৰকাশ কৰে । এই কবিতাসমূহে মানুহৰ আভ্যন্তৰিণ দিশৰ বক্তব্যসমূহক ছয়া-ময়াকৈ অথচ পাঠকৰ দৃষ্টিত ৰমনীয়ভাৱে প্ৰকাশ কৰি গৈ থাকে ।
মানৱ জীৱনৰ বৰ্ণিল প্ৰেমৰ অনুভূতিৰে কুৰুণটোকেইৰ কবিতাসমূহ সম্পৃক্ত । কবি চম্পুলাপেয়েনীড়াৰে প্ৰেমৰ গভীৰতাক কুৰুণটোকেইৰ এটি কবিতাত এনেদৰে বৰ্ণনা কৰিছে-
ক)
মোৰ মা তোমাৰ কোন
মোৰ পিতা তোমাৰ কি হয়
আৰু কেনেদৰে বাৰু
তুমি-মই কেতিয়াবা লগালগি হৈছিলোঁ
তথাপি প্ৰেমত ৰাঙলী আমাৰ অন্তৰ দুখনি
পৃথিৱী আৰু মুষলধাৰ বৰষুণজাকৰ দৰে
লগ হয়
এৰাএৰিৰ পাছত (কুৰুণ ৪০)
প্ৰেম এক স্বাস্বত অনুভৱ । প্ৰেমৰ এনে গুৰুত্ব আৰু আকৰ্ষণীয়তাক প্ৰকাশ কৰিবলৈকে কবি মিলেইপেৰন গনডনে কৈছে-
খ)
প্ৰেম, প্ৰেম বুলি তেওঁলোকে কয়
প্ৰেম কোনো নতুন শোক নহয়
আচম্বিত ৰোগ নহয়
নতুবা নহয় এনে কিবা
যিয়ে উতলা কৰে আৰু শাঁত পেলায়
কি গছৰ পাত খাই
হোৱা হাতীৰ বলিয়ালিৰ দৰে
চকু জুৰাবলৈ
তুমি কাৰোবাক বিচাৰি দিয়াৰ বাবে
প্ৰেম ৰৈ থাকে (কুৰুণ ১৩৬)
আকৌ, প্ৰেমৰ পথ মসৃণ নহয় । এনে পথত প্ৰেমিক-প্ৰেমিকাৰ মনত কত কিমান ভাৱনাৰ অগাদেৱা! মাজে মাজে নিজৰ প্ৰেমৰ পথত দেখা দিয়া বিচ্ছেদৰ চিন্তা, অসুৰক্ষিত চেতনাৰ উদ্ৰেক হোৱাটো তেনেই স্বাভাৱিক । এনে অনেক চিন্তা-ভাৱনাৰ প্ৰতিফলন কুৰুণটোকেইৰ কিছুসংখ্যক কবিতাৰ মূল ভাৱ হিচাপে ঠাই পাইছে । কবি আল্লুড় নানমুল্লেইয়াৰ দ্বাৰা ৰচিত তেনে এটি কবিতা-
গ)
কুক ৰু কু-ক
কুকুৰাটোৱে ডাক দিলে
আৰু মোৰ নিশকতীয়া হৃদয়খন চক খাই উঠিল
যেন
বুকুত লিপিট খাই থকা মোৰ প্ৰিয়তমক
আঁকুহি নিবলৈ
নামি আহিল পুৱাৰ তৰোৱালখন (কুৰুণ্ ১৫৭)
-এনেদৰে তামিল সাহিত্যৰ আদি যুগৰ আগম সাহিত্যিক বিধাত কুৰুণটোকেইৰ কবিতাসমূহক আলোচনা কৰিব পাৰি ।সাহিত্যিক বিধা বিষয়টো গভীৰ তথা বিস্তাৰিত বিষয় । তামিল সাহিত্যত এনে ধৰণৰ বিধাৰ অধ্যয়নে নিশ্চিতৰূপত কোনবোৰ সাহিত্য কোনবিধ বিধাৰ অন্তৰ্গত সেই সম্পৰ্কে জনাত সহায় কৰি দিয়ে । লগতে এনে আলোচনাই সাহিত্যসমহ সহজতে তথা নিৰ্দিষ্টকৈ কোনবিধাৰ ভিতৰৰ সেয়া বোধগম্য হোৱাত সহায় কৰি দিয়ে । আগমৰ আৱেগ অনুভূতিয়ে আজিও তামিল সাহিত্যত বিশেষ স্থান দখল কৰি আছে । কেৱল তামিল সাহিত্যতেই নহয় অন্যান্য ভাৰতী্য ভাষাতো কুৰুণটোকেইৰ প্ৰতি পাঠকসমাজৰ আকৰ্ষণ আছে । আগম বিধাৰ এক অংশ হিচাপে কুৰুণটোকেই ভাৰতীয় সাহিত্যৰ এক সু-পৰম্পৰা বহন কৰি আহিছে । শেষত কুৰুণটোকেইৰ শব্দৰে-
প্ৰেমে যেতিয়া পাৰ ভাঙে
অন্ধ আৱেগে
হৃদয়খন ছানি ধৰে… (কুৰুণ ১৭)
সহায়ক গ্ৰন্থপঞ্জীঃ
১. কুৰুনদোহেইৰ কবিতাঃ বিজয় শংকৰ বৰ্মন
২. কুৰুনটোকেই (তামিল)ঃ নাগৰাজন
৩. ৱাকীমেৰীঃ হিষ্টৰী অৱ তামিল লিটাৰেচাৰ
***
