তামিল সাহিত্যত চিৰুকদই বা চুটিগল্প বিংশ শতিকাত আৰম্ভ হোৱা এটি নতুন সাহিত্যিক শৈলী। তামিল চুটিগল্প সাহিত্যৰ বুৰঞ্জীত ইটালীয়ান খ্ৰীষ্টধৰ্ম প্ৰচাৰক ৰেভ. বেশ্ছিয়ে (১৬৮০-১৭৪৭) তামিল ভাষা শিকি লোৱাৰ পাছত পাশ্চাত্য আদৰ্শৰ আৰ্হিত চুটিগল্প সাহিত্য ৰচনাত প্ৰথমে প্ৰবৃত্ত হোৱা দেখা গৈছিল। তেওঁৰ চুটিগল্প সাহিত্য সংগ্ৰহ “পৰমাৰ্ত কুৰুকদই”ক গুৰু-শিষ্যৰ হাস্য-ৰসাত্মক কাহিনী হিচাপে জনা গৈছিল। কিন্তু তেওঁৰ গল্পবোৰ আধুনিক অৰ্থত চুটিগল্প নাছিল। দৰাচলতে তামিল সাহিত্যত বিংশ শতিকাৰ আৰম্ভণিৰ সময়ৰ পৰাহে এটি বিশেষ শ্ৰেণীৰ সাহিত্যিক ৰূপ হিচাপে চুটিগল্প সাহিত্যই আত্মপ্ৰকাশ কৰে। তামিল ভাষাত চুটিগল্পৰ গঢ় বা ৰীতিৰ দিশত ১৯৩৩ চনত ষ্টেলিন শ্ৰীনিবাসনে ‘মণিক্কোডি’ নামৰ আলোচনী উলিয়াইছিল। যিয়ে নতুন প্ৰজন্মক সাহিত্য সৃষ্টিৰ বাবে বাট দেখুৱাই দিয়ে। ‘মণিক্কোডি’আলোচনীৰ লগত জড়িত হৈ পৰা সেই সময়ৰ তামিল লেখকসকলে ‘মণিক্কোডিদল’ হিচাপে সাহিত্য জগতত আত্মপ্ৰকাশ কৰে আৰু এই লেখকসকলৰ হাততেই তামিল চুটিগল্পই ৰূপে-ৰসে অভিনৱত্ব লাভ কৰে। এই সময়ৰ উল্লেখনীয় গল্প লেখকসকল হ’ল- কল্কি আৰ. কৃষ্ণমূৰ্থিকে, পুদুমইপিত্তন, অকিলন, অলকিৰিচামি, ল. স. ৰামমিৰ্তন, থি. জনগিৰিমণ আদি। ইয়াৰে ভিতৰত এগৰাকী বিশিষ্ট গল্প লেখক আছিল পুদুমইপিত্তন (১৯০৬-১৯৪৮)।পুদুমইপিত্তনক আধুনিক তামিল চুটিগল্পৰ জনক হিচাপেও আখ্যা দিয়া হয়। এওঁৰ গল্পত নতুন সমাজ গঠনৰ দুৰ্বাৰ কামনা পৰিলক্ষিত হয়। বিশেষকৈ নতুন সময়ৰ আহ্বানত পৰম্পৰাগত চিন্তা ভাৱনাৰ উৰ্দ্ধত গৈ সমাজৰ উন্নতিৰ প্ৰচেষ্টাকামী চিন্তাধাৰাৰে তেওঁৰ গল্পসমূহ ৰচিত হৈছে। এনে চিন্তা-চৰ্চাক লৈ ৰচিত গল্পসমূহৰ মাজেৰে কিদৰে তেওঁৰ সমাজ পৰিৱৰ্তনৰ অদম্য ইচ্ছা প্ৰকাশি উঠিছে; সেই বিষয়সমূহ এই আলোচনাত সামৰি ল’বলৈ যত্ন কৰা হৈছে। পুদুমইপিত্তনৰ গল্পসমূহ পৰম্পৰাগত গল্পসমূহৰ ভাৱ-ভংগীতকৈ আঁতৰি আহিছে। তেওঁ লিখা কাহিনীবোৰৰ বিষয়বস্তু পাঠকৰ বাবেও যেন নতুন। তেওঁ গল্পত নিৰ্মাণ কৰা কাল্পনিক জগত, তাৰ বিষয়বস্তু, নৈতিক জ্ঞান, শৈলী তথা নতুনপদ্ধতি আদি পাঠকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। তদুপৰি, তেওঁ গল্পৰ জৰিয়তে সমাজলৈ নতুন পৰিৱৰ্তনকামী দিনৰ বতৰা কঢ়িয়াই আনিবলৈ বিচাৰিছিল। যিয়ে পুৰণি দিনৰ পৰা চলি অহা ধ্যান-ধাৰণাৰ সমান্তৰালকৈ নতুন ধ্যান-ধাৰণা গ্ৰহণৰ প্ৰতিও আগ্ৰহী। সময়ৰ আহ্বানত এনে ধাৰণা গ্ৰহণৰ বাবে সচেতন হোৱা দিশসমূহৰ বিষয়ে আলোচনা কৰাটো নিতান্তই এক গুৰুত্বপূৰ্ণ বিষয়। তদুপৰি, এনে দিশসমূহনো কেনেধৰণৰ আৰু সেয়া কিদৰে তেওঁ গল্পৰ মাজলৈ আনিছে সেই বিষয়সমূহৰ বিচাৰ কৰাটোৱেই এই আলোচনাৰ উদ্দেশ্য।
পুদুমইপিত্তন তামিল সাহিত্যৰ এক চিনাকী নাম। পুদুমইপিত্তনৰ জন্ম কাড্ডালোৰ জিলাৰ অন্তৰ্গত থিৰুপ্পাদিৰিপুলিয়ুৰ নামৰ ঠাইত হৈছিল। তেওঁৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হৈছিল গিংগী, কল্লাকুৰিচি, তিংডিৱনম আদি বিভিন্ন ঠাইত। ১৯৩১ চনত তিৰুনেলৱেলি হিন্দু কলেজত তেওঁ কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল। বিৰুথাচলম (২৫ এপ্ৰিল ১৯০৬ - ৫ মে’ ১৯৪৮) ছদ্মনামেৰে তেওঁ তামিল কথা সাহিত্যৰ সবাতোকৈ প্ৰভাৱশালী লেখকসকলৰ ভিতৰত অন্যতম আছিল। তেওঁৰ ৰচনাৰাজিত সামাজিক ব্যংগ, প্ৰগতিশীল বিচাৰ আদি বিভিন্ন আলোচনাৰ বিশেষত্ব আছে। লেখক হিচাপে তেওঁ লিখা-মেলাত মনোনিৱেশ কৰে ১৯৩৩ চনত গান্ধী পত্ৰিকাত প্ৰকাশিত ‘গুলাৱজান কাদল’ নামৰ লেখাটোৰ জৰিয়তে। তেওঁৰ প্ৰথম লঘু কথা ‘অন্তৰংগৰই পিল্লইয়াৰ’ ১৯৩৪ চনত ‘মণিকোডী’ আলোচনী প্ৰকাশ পাইছিল। তেতিয়াৰে পৰা নিয়মিতভাৱে তাত তেওঁৰ লঘু কথা প্ৰকাশ হ’বলৈ ধৰে। তেওঁৰ লঘু কথাসমূহ বিভিন্ন আলোচনীত প্ৰকাশ পাইছিল। তাৰ ভিতৰত কালিমকল, গোঠী, সুন্নতিৰা চনকু, ওজিবান, থামিজ মণি আৰু দিনমণি অন্যতম। তেওঁ কিছুবছৰলৈকে ওজিবান আৰু পাছলৈ দিনমণিৰ উপ-সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৩৪ চনত তেওঁৰ ‘পুদুমইপিত্তন কদেইকল’ নামৰ এখন চুটিগল্পৰ সংকলন প্ৰকাশ পায়। পৰৱৰ্তী সময়ত তেওঁ তামিল চিনেমা জগতটো প্ৰৱেশ কৰিছিল। চিনেমাৰ পটকথাৰ লেখক হিচাপে আনকিতেওঁ অৱবেইয়াৰ আৰু কামৱল্লীটো কাম আৰম্ভ কৰে। ১৯৪৫ চনত তেওঁ পাৰ্বত কুমাৰী প্ৰডাকচনৰ কাম আৰম্ভ কৰিলে আৰু বংসতবল্লি নামৰ এখন চিনেমা নিৰ্মান কৰে। চিনেমা ‘ৰাজা মুক্তি’ৰ নিৰ্মান কাৰ্যটো তেওঁ সহযোগ আগবঢ়াইছিল।
পুদুমইপিত্তনে
বেলেগ বেলেগ ছদ্মনামত লিখা-মেলা কাৰ্য চলাই নিছিল।তেওঁ ব্যৱহাৰ কৰা অন্যান্য ছদ্মনামসমূহ
হ’ল- সো.বি. ৰসমট্টম, মথুৰু, নন্দন, কৱালী, ইৰাৱল বিৰিমাদিপ্পু, নন্দন, সুকৰাচাৰী আদি।
কিন্তু তাৰ ভিতৰত পুদুমইপিত্তন নামটোহে প্ৰসিদ্ধ হৈ ৰ’ল। তেওঁ নিজেই এই নামটো পছন্দ
কৰি উলিয়াইছিল। তেওঁ অনুভৱ কৰিছিল যে নিজৰ গল্পসমূহক পাঠকৰ মনোগ্ৰাহী কৰি তুলিবৰ বাবে
ছদ্মনামৰ প্ৰয়োজন আছে। আকৌ, পুদুমইপিত্তনৰ লিখা-মেলা কাৰ্যৰ অৱধি প্ৰায় ১৫ বছৰমানহে
আছিল। সেই সময়খিনিক ১৯৩৫ চনৰ পৰা ১৯৪৬ চনৰ ভিতৰৰ বুলি ধৰিব পাৰি। লঘু কথা আৰু কবিতা
লিখাৰ ক্ষেত্ৰত তেওঁ আছিল সিদ্ধহস্ত। তেওঁ ১০০ টা লঘু কথা, ১৫ টা কবিতা লিখিছিল। ইয়াৰ
লগতে তেওঁ বহুকেইখন নাটক, বিভিন্ন বিষয়ৰ ওপৰত নিবন্ধ আৰু কিতাপৰ সমীক্ষা লিখিছিল। পুদুমইপিত্তন
প্ৰধানতঃ নিজৰ সৰু সৰু কাহিনীসমূহৰ বাবে পাঠক সমাজত জনপ্ৰিয়। তেওঁ ৰচনা কৰা প্ৰায় ৪৮
টা মান কাহিনীহে তেওঁৰ জীৱন কালত প্ৰকাশিত হৈ ওলাইছিল। আৰু ইয়াৰে অধিকাংশ ৰচনাই মণিকোডী,
জোঠী, কলিমকল, সুদনতিৰা, ওজিবান, দিনমণি, নন্দন আদি পত্ৰিকাত প্ৰকাশিত হৈছিল। কু. পা.ৰাজাগোপালন,
বি.এস.ৰামাইয়া আৰু ৱা. ৰামাস্বামী মণিকোডী আন্দোলনত তেওঁৰ সমকালীন আছিল। তেওঁৰ কেইটামান
উল্লেখনীয় গল্প হ’ল- অহল্যাই, চেল্লামল, গোপালায়ানগৰিন
য়ুগম, কদবুলিন প্ৰাধিনিধি, কদবুলুম কণ্ডস্বামি পিল্লাইয়ুম, পাদাপাদাপ্পু, ওৰু নাল কলিন্দাদু, থেৰুৱিলক্কু,
কালানুম কিলইয়ুম, আনমই, সালাৰম, সেলৱম, চিৰপিয়িন নাৰাগম, পুদিয়া ওলি, ৰামানাথনিন কদিথম আদি। তেওঁ অন্য ভাষাৰ
পৰা তামিল ভাষালৈ ভালেসংখ্যক সাহিত্য কাৰ্যৰ অনুবাদ কৰিছিল। তেওঁ প্ৰায় পঞ্চাশখনমান
সৰু সৰু কাহিনী অনুবাদ কৰি উলিয়াইছিল। য’ত মোলিয়োৰে, কাই, বোয়ল, মেক্সিম গৰ্কী, সিনক্লেয়ৰ,
লুইচ, উইলিয়াম শেক্সপিয়েৰ, ব্ৰেট হৰ্ট, ইৱি লুকাস আদি লোকৰ ৰচনা আৰু মোপাচান্ট, এড্গাৰ
এলেন পো, ইবসেন, কাফকা, চেখভ, জেমচ্ হেনলি আদি সাহিত্যিকসকলৰ নিৰ্বাচিত গল্পও আছিল।
তেওঁ সৃজনীশীল সাহিত্যি ৰচনাৰ লগতে অনুবাদ কাৰ্যটো সমানে পাৰদৰ্শিতা লাভ কৰিছিল। পাছলৈ
তেওঁ এই সিদ্ধান্তত উপনীত হৈছিল যে- ‘অনুবাদ কাৰ্যই একমাত্ৰ উপায়, যিয়ে অন্য ভাষাৰ
সাহিত্য কৰ্মক তামিল ভাষালৈ অনাৰ বাবে লাভদায়ক’। ১৯৩৭ চনত তেওঁ ‘অনুবাদ বনাম অনুকূলন’ শীৰ্ষক বিষয়ত কল্কি
কৃষ্ণমূৰ্তিৰ লগত এক সাহিত্যিক আলোচনাত অংশ লৈছিল। তেওঁৰ উল্লেখনীয় অনুবাদ কৃতিসমূহ
হ’ল- অসটপুৰথি, আত্তুকুত্তিথানি আদি।১৯৪৮ চনত তিৰুবনংতপুৰমত তেওঁৰ মৃত্যু হয়। তেওঁৰ
মৃত্যুৰ পাছত ২০০২ চনত তামিলনাডু চৰকাৰে পুদুমইপিত্তনৰ ৰচনাৰাজিক ভিন্ন ভাষালৈ অনুবাদ
কৰাবলৈ নতুন পদক্ষেপ হাতত লৈছিল।
উপস্থাপিত বিষয় সম্পৰ্কীয় আলোচনাঃ তামিল সাহিত্যত চুটি গল্পৰ সফল সংযোজনৰ ক্ষেত্ৰত এজন গুৰুত্বপূৰ্ণ ব্যক্তি হৈছে পুদুমইপিত্তন। তেওঁৰ অধিকাংশ ৰচনাতেই চৰিত্ৰৰ মুখৰ ভাষা হিচাপে তিৰুনেলবেলীৰ জনগণৰকথিত ভাষা ব্যৱহাৰ কৰিছিল। তেওঁৰ গল্প সমূহতো মাদ্ৰাজ নাইবা তিৰুনেলবেলীৰ ঠাইৰ কথিত ভাষাৰ দৃষ্টান্ত পোৱা যায়। য’ত তেওঁ নিজৰ জীৱনৰ অধিকাংশ সময় অতিবাহিত কৰিছিল। অৱশ্যে তেওঁৰ লেখন শৈলীত জনসাধাৰণৰ মুখৰ ভাষাৰ লগতে প্ৰয়োজন অনুসৰি শাস্ত্ৰীয় শব্দৰ ব্যৱহাৰো পৰিলক্ষিত হয়। জটিল আৰু গম্ভীৰ স্থিতিক অধিক আকৰ্ষিত কৰিবলৈ তেওঁ ঠায়ে ঠায়ে কোমল ব্যংগৰ ব্যৱহাৰো কৰিছিল। মনকৰিবলগীয়া যে, তেওঁ যিসমূহ বিষয়ৰ ওপৰত লেখা-মেলা কৰিছিল আৰু যি সমূহ চৰিত্ৰ নিৰ্মাণ কৰিছিল সেয়া তামিল কথা সাহিত্যত একেবাৰে নতুন আছিল। তেওঁ উপলব্ধি কৰিছিল যে তামিল সাহিত্যত সমাজৰ বহু দিশ মুকলিভাৱে উন্মোচিত হোৱাৰ প্ৰয়োজন আছে। আৰু এনেধৰণৰ আলোচনাৰ বাবে মুকলিভাৱে চিন্তা-চৰ্চাৰ প্ৰয়োজনৰ আদৰ্শক তেওঁ সদায় মানি চলিছিল। এটা প্ৰবন্ধত নিজৰ ক্ষোভ প্ৰদৰ্শন কৰি তেওঁ এইদৰে লিখিছিল- “ We have been having a notion that there are certain things that can be said and certain things that can not be said in(Tamil) in Literature, and we have lived with that philosophy. But that is not true. For nearly two hundred years we have lived a live of parasites. We don’t even dare to see issues straight on the face and that is why we have been providing excuses for ourselves. If literature can give birth to the malicious Ravana, blood sheds and sinful allegories, why can’t it give a place to the poor prostitute? The society doesn’t rust because of that. Moreover there is no way to preserve an antique that has already rusted.”(তামিল সাহিত্যৰ প্ৰতি আমাৰ এনে ধাৰণা আছে যে কিছুমান বিষয় মুকলিমুৰীয়াকৈ আলোচনা কৰিব পাৰি আৰু কিছুমান নোৱাৰি। আমিও সেই কথাকেই মানো। কিন্তু সেয়া প্ৰকৃত মানি ল’ব নোৱাৰি। যোৱা প্ৰায় দুশ বছৰ ধৰি আমি পৰজীৱিৰ জীৱন কটাই আহিছো। আমি কেতিয়াও চিধাচিধিকৈ মনৰ ক্ষোভ প্ৰকাশ কৰিব নোৱাৰোঁ। যাৰ বাবে আমি নিজক ফাঁকি দিবৰ বাবেও বহু ক্ষেত্ৰত অনেক অজুহাত তৈয়াৰ কৰোঁ। যদি সাহিত্যৰ ক্ষেত্ৰত বিভিন্ন দুৰ্ভাৱনাপূৰ্ণ চৰিত্ৰৰ জন্ম দিব পৰা যায়, ৰক্তপাত, পাপ কাৰ্যৰ বৰ্ণনা কৰিব পাৰে; তেনেক্ষেত্ৰত ই কিয় দুখীয়া বেশ্যা এগৰাকীৰ বৰ্ণনা দিব নোৱাৰে? সমাজ কেতিয়াও এনেবোৰ বিষয়ৰ বাবে ধ্বংস হৈ নাযায়। তদুপৰি, যিজন লোক ইতিমধ্যে সমাজৰ দ্বাৰা অৱহেলিত হৈছে তেনেক্ষেত্ৰত তেওঁক সংৰক্ষণ কৰাৰ আন কোনো উপায় নাই।) এনেবোৰ বিষয়ক লৈ সমকালীন লেখক আৰু সমালোচক সকলৰ পৰা তেওঁ অনেক কটূ কথা শুনিবলৈ পাইছিল। যাৰ বাবে তেওঁ দ্বিধাহীনভাৱে নিজৰ মত ব্যক্ত কৰিছিল এইদৰে- “Just like God is not bound by theologians, my creations are not bound by your conventional standards. I am not responsible for that and neither are my creations.”(যিদৰে ভগৱান ধৰ্ম সম্বন্ধীয় আলোচনাৰ দ্বাৰা বন্ধ নহয়, তেনেদৰে মোৰ ৰচনাৰাজিও আপোনাৰ পাৰম্পৰিক মতৰ দ্বাৰা বন্ধ নহয়। মই ইয়াৰ কাৰণে জগৰীয়া নহয় আৰু মোৰ ৰচনাও তাৰ বাবে জগৰীয়া নহয়।) সমাজৰ প্ৰতি থকা ক্ষোভক তেওঁ প্ৰায়ে নিজৰ গল্পৰ চৰিত্ৰসমূহৰ জৰিয়তে প্ৰকাশ কৰিবলৈ বিচাৰিছিল। তেওঁৰ ৰচনাৰাজি সমূহত সঘনে ব্যৱহত চৰিত্ৰসমূহ এনেধৰণৰ- দৰিদ্ৰ ভিক্ষাৰী, উৎপীড়িত লোক, ভূত-ৰাক্ষস, অসামান্য ভগৱান আদি। তদুপৰি, তেওঁৰ কিছুমান পছন্দৰ বিষয় হ’ল হিন্দু ধৰ্ম আৰু তাৰ নীতি-নিয়ম, অনুষ্ঠান আৰু আইন-কানুন, ভাৰতীয় সমাজত মহিলাৰ অস্তিত্ব আৰু উৎপীড়নৰ বাবে প্ৰতিবাদ আদি। আকৌ, পুদুমইপিত্তনে যিখন সমাজৰ কামনা কৰিছিল তাৰ বাবে নতুন যুক্তি,চিন্তাধাৰা আদিৰ প্ৰাসংগিকতা অধিক। তেওঁ কিদৰে নিজৰ গল্পৰ যোগেদি পৰিৱৰ্তনকামী নতুন সমাজৰ পোষকতা কৰিছে তাক তিনিটা কথাবস্তুৰ আধাৰত আৰু তিনিটা নিৰ্বাচিত গল্পৰ আধাৰত আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে। সেয়া হ’ল-
ক) পুৰণি আৰু নতুনৰ দ্বন্দ্ব- পুদুমইপিত্তনৰ আগৰ গল্পৰচকসকলে
পৰম্পৰাগত কাহিনী অৰ্থাৎ মানুহৰ শ্ৰেষ্ঠতাক নিজৰ গল্পৰ মূল বিষয়বস্তু হিচাপে লৈ গল্প
ৰচনা কৰিছিল। কিন্তু পুদুমইপিত্তনে এই ধাৰা এৰি নতুনত্বৰ যোগেদি সমাজৰ পৰিৱৰ্তন আশা
কৰিছিল। নতুনত্বৰ কামনাৰে তেওঁ কৈছিল যে- ‘পৰমেশ্বৰ ধৰালৈ নামি আহি আশীৰ্বাদ কৰিব যাতে
পতিব্ৰতা নাৰীৰ জীৱনৰ বিষাদৰ ক’লা ডাৱৰ আঁতৰি যায়।’- গল্পৰ কথাবস্তুৰ এনে পৰম্পৰাগত
শৈলীৰ পৰিৱৰ্তন কৰি তেওঁ মানৱতা আৰু আদৰ্শৰ প্ৰকাশৰ লগতে নাৰীৰ সামাজিক স্থিতি দৃঢ়
কৰাৰ প্ৰতি আগ্ৰহী ভাৱ প্ৰকাশ কৰিছে। ‘পোন্নগৰম’ (স্বৰ্ণ নগৰী) নামৰ গল্পত ৰোগ আৰু
দৰিদ্ৰতাই কোঙা কৰা স্বামীক জীয়াই ৰখাৰ স্বাৰ্থত এমুঠি অন্ন যোগাৰ কৰিবলৈ যোৱা অম্মালুৰ
দুৰ্বিসহ জীৱন কাহিনীৰ চিত্ৰ অংকন কৰিছে। বাস্তে গলিৰ অন্ধকাৰত ব্যভিচাৰ কাৰ্যত লিপ্ত
হৈ দুপইচামান গোটাবলৈ গৈ বিৱশ হৈ পৰা মজদুৰ অম্মালুৰ জীৱন অতি বেদনাদায়ক। লিৰিক শৈলীত
অৰ্থাৎ চুটি বাক্যৰ ব্যৱহাৰেৰে এই গল্পটি ৰচিত হৈছে যদিও তাত জীৱনৰ যথাৰ্থতাৰ সংকেতৰ
জৰিয়তে পাঠকৰ চিন্তাৰ জগতখনে নতুন মাত্ৰা লাভ কৰিছে। সভ্যতাৰ শিখৰত আৰোহণ কৰিব বিচৰা
অম্মালুৰ জৰিয়তে তেওঁ কৈছে - ‘যদি সভ্যতাৰ উচ্চতাক চাব খোজা, তেতিয়াহ’লে তুমি কেৱল
সেই নগৰখনক নহয়; সেই নগৰখনক নিশাৰ ভাগতহে চাব লাগে।’
খ) পৰম্পৰাগত নীতি-আদৰ্শৰ প্ৰতি আস্থাশীল জনসাধাৰণৰ মনৰ পৰিৱৰ্তনৰ
আশা - পুদুমইপিত্তনে নতুন দিনৰ লগত পৰিৱৰ্তনকামী সমাজখনত পুৰণি নীতি-আদৰ্শৰ প্ৰতি আনুগত্য
হৈ নাথাকিবৰ বাৰ্তা দিয়াৰ বাবে ভালেমান গল্প ৰচনা কৰিছিল। ইয়াৰ ভিতৰত ‘পুদিয় কুংসু’
বা ‘নতুন পিঞ্জৰা’ নামৰ গল্পটি অন্যতম। ইয়াত ধৰ্ম পৰিৱৰ্তনৰ কুফলে কিদৰে পৰিয়ালকেন্দ্ৰিক
সমস্যাৰ জন্ম দিয়ে সেই দৃশ্যৰ অৱতাৰণা কৰা হৈছে। গল্পৰ নায়িকা জয়া আৰু নায়ক হ’ল কিট্টু।
খ্ৰীষ্টিয়ান ছোৱালী জয়াৰ প্ৰেমত পৰি ব্ৰাহ্মণ পুত্ৰ কিট্টুৱে ধৰ্ম পৰিৱৰ্তন কৰিছিল।
ফলত তাক নিজ ঘৰৰ পৰা বহিস্কৃত কৰি দিয়া হ’ল। সিহঁতে অকলশৰে সংসাৰ পাতিলে। সেইখন সমাজত
ব্ৰাহ্মণ পৰিয়ালৰ লোকে মাছ-মাংস চুৱাটোকেই পাপ বুলি গ্ৰহণ কৰা হৈছিল। ঘটনাৰ মেৰপাকত
পৰি কিট্টুক সম্পূৰ্ণৰূপে নিজৰ কৰি ল’বৰ ইচ্ছাৰে এদিন জয়াই তাক ছাগলীৰ মাংস খুৱাবলৈ
যত্ন কৰিলে।
ভাতৰ পাটত বহা
কিট্টুৱে অইন দিনাতকৈ খাদ্যবস্তুৰ সোৱাদৰ পাৰ্থক্য থকা যেন অনুভৱ কৰি সুধিলে ‘এয়া কি?’
চিনাকি সেই মোহনীয়
হাঁহিটোৰে সৈতে জয়াই লাজকুৰীয়া ভাৱেৰে আৰু কোমল স্বৰেৰে ক’লে- ‘ছাগলীৰ মাংসৰ পকোৰা।’
‘জয়া!তোমাৰ বাবে
থকা মোৰ মৰমেই পৰ্যাপ্ত নহয়নে?’- অত্যন্ত সহজ-সৰলভাৱে কিট্টুৱে জয়াৰ ফালে চাই হাঁহিবৰ
ইচ্ছা কৰিছিল যদিও ততালিকে তাৰ মুখখন ম্লান হৈ পৰিল। পকোৰাটো দূৰলৈ দলিয়াই দি সি চিঞৰি
উঠিল- ‘আঁতৰ হ মোৰ চকুৰ সমুখৰ পৰা।’
কিট্টুৰ ব্যৱহাৰত
জয়া অপ্ৰস্তুত হৈ পৰিল। সেই বাক্যবাণে অজানিতে তাইৰ বুকুত তীব্ৰ চুৰিৰে আঘাত কৰা যেন
অনুভৱ কৰিলে। মনৰ বেজাৰত অনাহাৰে, অনিদ্ৰাৰে ওৰে ৰাতি তাই বাৰাণ্ডাতে পৰি থাকিল। অথচ
সেই কথা পৰিয়ালৰ অন্য কোনো মানুহে গমেই নাপালে। তেতিয়াৰে পৰা তাই সামিষ আহাৰ জলাঞ্জলি
দিলে। ধৰ্ম পৰিৱৰ্তনৰ পাছতো পৰম্পৰাগত নীতি-নিয়মত বিশ্বাসী কিট্টু আৰু নিজৰ প্ৰেমক
সম্পূৰ্ণৰূপে নিজৰ বুলি গ্ৰহণ কৰাৰ ক্ষেত্ৰত আগ্ৰহী জয়াৰ এনে প্ৰচেষ্টাই নিশ্চিতভাৱে
দুয়োৰে বৈবাহিক জীৱনত সংঘাত আনি দিছে। সমাজৰ এনে বাস্তৱিক দিশসমূহ গল্পৰ সহায়ত মুকলিমূৰীয়াকৈ
প্ৰকাশ কৰাৰ চেষ্টাৰে গল্পকাৰে নতুন সমাজৰ দাবী উত্থাপন কৰিছে।
গ) স্বেচ্ছাচাৰীতাৰ পক্ষে প্ৰতিবাদ ঘোষণা - সমাজৰ ক্ষমতাশালী
লোকসকলৰ নিম্ন শ্ৰেণীটোৰ প্ৰতি কৰা শোষণ, অন্যায়, অত্যাচাৰৰ প্ৰতি পুদুমইপিত্তনে সজোৰে
প্ৰতিবাদ সাব্যস্ত কৰিছিল। আনকি অশিক্ষিত আৰু অল্পশিক্ষিত জনগণক তেওঁ ইশ্বৰ, ধৰ্ম আৰু
শাস্ত্ৰৰ দোহাই দি তথাকথিত ধৰ্মপ্ৰাণ ব্যক্তিৰ স্বেচ্ছাচাৰিতাৰ কথাও প্ৰকাশ কৰিছে।
‘কোডুকাপুলি মৰম’(তেতেলি টেঙা জাতীয়, ফল দিয়া এবিধ গছ) নামৰ গল্পটিত নায়ম স্বামিদাস আয়াৰ প্ৰভু যীশুৰ একান্ত
ভক্ত। যিয়ে প্ৰভুৰ নামত নিজৰ জীৱন তথা যৌৱন বলিদান দিছে। জীৱনত কিমান মানুহক যে যীশুৰ
বাণী শুনাই তেওঁ পাপপূৰ্ণ নৰকৰ পৰা উদ্ধাৰ কৰিছে তাৰ সংখ্যা আঙুলিৰ মূৰত গণি শেষ কৰিব
নোৱাৰি।বাইবেলৰ প্ৰত্যেকটো বাণীয়ে তেওঁৰ জিভাৰ আগত। মানৱীয়তা যেন তেওঁৰ প্ৰতি কণ্ঠতে
বিদ্যমান। তেওঁৰ ঘৰত এডাল কোডুকাপুলিগছ আছে। এগৰাকী তিৰোতাই তাৰ ফলবোৰ তুলি নি বজাৰত
বিক্ৰি কৰে আৰু সেই ফল বেছি পোৱা পইছাৰ আধা অংশ তেওঁক দিয়ে। এদিনাখন ৰাতিপুৱা ফাৰ্নান্দেজ
নামৰ ভিক্ষাৰীৰ পুত্ৰজনে সেই গছৰ তললৈ আহি এটা ফল মুখত দিয়া তেওঁ দেখিলে। খঙৰ ভমকত
ক’ব নোৱাৰা হৈতেওঁওচৰতে থকা টাকোন ডাল ল’ৰাটোলৈ মাৰি পঠিয়ালে। মুৰত আঘাত প্ৰাপ্ত হৈ
ল’ৰাটোৰ থিতাতে মৃত্যু হ’ল। ফাৰ্নান্দেজে দূৰৈৰ পৰা এই ঘটনা প্ৰত্যক্ষ কৰি আছিল। পুত্ৰক
ততালিকে ঢলি পৰা দেখিয়ে ফাৰ্নান্দেজে পুত্ৰৰ ওচৰলৈ দৌৰি আহিল। পিছে, তাৰ চকুৰ সমুখত
নিথৰ হৈ পৰি থকা পুত্ৰৰ মৃতদেহটো দেখি এইবাৰ ফাৰ্নান্দেজে অজানিতে পুনৰ সেই টাকোন ডাল
গাৰ জোৰেৰে আয়াৰলৈ মাৰি পঠিয়ালে। টাকোনৰ কোবত আয়াৰ থিতাতে নিহত হ’ল। শেষত,ফাৰ্নান্দেজক
জেললৈ নিয়া হ’ল। আয়াৰক মহাপ্ৰভুৰ শাৰীত ৰখা ৰাইজে প্ৰভুৰ মৃত্যুত ম্ৰিয়মান হৈ পৰিল
আৰু তাকেই সমস্ত দোষ জাপি দিলে। আদালতেও ৰায় দিলে যে- ‘যীশুধৰ্মৰ প্ৰতি গভীৰ আস্থাশীল
ধৰ্মপ্ৰাণ আয়াৰৰ হাতত অপ্ৰত্যাশিতভাৱেহে ভিক্ষাৰী ল’ৰাটোৰ মৃত্যু হ’ল যদিও ফাৰ্নান্দেজে
সেয়া জানি বুজিও আয়াৰক হত্যা কৰিলে।’ প্ৰকৃততে আমাৰ সমাজখনে সঁচা-মিছাৰ পাৰ্থক্যক বুজিবলৈ
যত্নই নকৰে। প্ৰভুৰ গুণানুকীৰ্তন কৰা ব্যক্তিসকলক এনেদৰে আগস্থান দিয়া হয়; য’ত ভুল-শুদ্ধৰ
বিচাৰ কৰাটো তেওঁলোকৰ পক্ষে অযুগুত কথা হৈ পৰে।
গল্পকাৰ পুদুমইপিত্তন
নিঃসন্দেহে এজন শক্তিশালী গল্পকাৰ। উপস্থাপিত বিষয়ৰ লগত সম্পৰ্কিত গল্পসমূহৰ অৱতাৰণাই
ইতিমধ্যে এই কথা প্ৰতীয়মান কৰিছে। আধুনিক সময়ৰ লগত খোজ মিলাই আগবাঢ়িবৰ বাবে সমাজখনৰ
বিভিন্ন দিশ উন্নীত কৰাৰো প্ৰয়োজন আছে। সমাজৰ প্ৰতিজন ব্যক্তি মানসিকভাৱে নতুন চেতনাৰে
সমাজখন চোৱাৰ বাবে প্ৰস্তুতি চলালেহে প্ৰকৃতপক্ষে সেই দিশবোৰলৈ পৰিৱৰ্তনৰ জোৱাৰ আহিব।
আকৌ, গল্পৰ অভিব্যক্তি, চৰিত্ৰাংকন আৰু বিষয়বস্তুৰ নিৰ্বাচনেও পুদুমইপিত্তনৰ গল্পক
সুকীয়া মৰ্যাদা প্ৰদান কৰিছে। তেওঁ গল্পৰ মাজেৰে পৰিৱৰ্তনকামী সমাজৰ অভিলাষ কৰা বিষয়টিক
নিশ্চিতভাৱে আধুনিক তামিল সাহিত্যৰ লগতে সমগ্ৰ ভাৰতীয় সাহিত্যৰ বাবে গুৰুত্বপূৰ্ণ বুলি
আশা কৰিব পাৰি ।
সহায়ক গ্ৰন্থপঞ্জীঃ
১।ৱাকীমেৰি, হিষ্টৰী অৱ তামিল লিটাৰেচাৰ, এন.চি.পি.এইচ্. , তৃতীয়প্ৰকাশ, চেন্নাই২০১০
২।বিজয় কুমাৰ, বি.(সম্পা.)- তামিল ভাষা আৰু সাহিত্যৰ ইতিহাস, পূৰ্বায়ণ প্ৰকাশ, গুৱাহাটী, প্ৰথম প্ৰকাশ, ২০২০।
৩। Rakhunathan (ed.),
Puthumaippiththan Kavithaikalh, Star Publication, Madras-5, 1959.
৪।Puthumaippiththan
Kathaikalh, pp. 214-17. Kaanjcanai, pp. 106-108.
Puthiya Olhi (Collection of Short Stories), Star
Publication, Madras-5, 1953, pp. 22-3.

No comments:
Post a Comment