Friday, October 4, 2019

অসমীয়া আৰু তামিল সাহিত্যৰ আদি যুগৰ সাহিত্য আৰু সাহিত্যিক বিধা

ভাৰতবৰ্ষ এখন বহুভাষিক দেশ বিভিন্ন আঞ্চলিক ভাষাই ইয়াৰ আঞ্চলিক বৈশিষ্ট্যসমূহ কঢ়িয়াই লৈ  আছে প্ৰতিটো অঞ্চলৰ মানুহৰ সমস্যা, আশা-আকাংক্ষা, সমাজ-সংস্কৃতিৰ ৰূপ অপৰূপবোৰ সেই অঞ্চলৰ ভাষাৰ সাহিত্যৰ মাজেৰে প্ৰতিফলিত হয় সেয়ে ভাৰতীয় হৈও আঞ্চলিক ভাষাৰ সাহিত্যসমূহ স্বতন্ত্ৰ ভাৰতীয় হৈও স্বতন্ত্ৰ সাহিত্য এয়াও দৰাচলতে ভাৰতীয় সাহিত্যৰ এক বৈশিষ্ট্য বুলিব পাৰি

                তামিল আৰু অসমীয়া ভাষাই দুটা বেলেগ বেলেগ ভাষাগোষ্ঠীক প্ৰতিনিধিত্ব কৰে তামিল ভাষা দ্ৰাবিড় ভাষাগোষ্ঠীৰ আৰু অসমীয়া ভাষা আধুনিক ভাৰতীয় আৰ্য ভাষাগোষ্ঠীৰ অন্তৰ্গত তামিল ভাষা দ্ৰাবিড় ভাষা পৰিয়ালৰ প্ৰাচীন ভাষা এই ভাষা দুহেজাৰ বছৰ পুৰণি ভাষা আৰু তাৰ সাহিত্যও অতিজৰে পৰা বৰ্তমানলৈকে নিৰৱচ্ছিন্ন ভাবে চলি আহিছে অসমীয়া ভাষা তামিল ভাষাৰ দৰে পুৰণি ভাষা নহয় তামিল ভাষাৰ নিচিনা পুৰণি নহলেও নাইবা উৎপত্তিৰ ফালৰ পৰা পাছৰ লেও অসমীয়া ভাষা নিজৰ সাহিত্যৰাজিৰে সমৃদ্ধ হৈ আছে  পণ্ডিতসকলেও এই দুয়োবিধ ভাষা-সাহিত্যৰ অধ্যয়ন কৰিবলৈ গৈ বিভিন্ন ধৰণে শ্ৰেণীবিভাজন কৰি দেখুৱাইছে
          ভাষা এটাৰ আদি যুগ বুলি কোৱাৰ লগে লগে আমি সেই ভাষাৰ আদি যুগৰ সাহিত্যৰাজিকেই বুজিব পাৰো আকৌ, সাহিত্যিক বিধা সম্পৰ্কীয় বিষয়টোও এটা গুৰুত্বপূৰ্ণ বিষয় সাহিত্যৰ বিভিন্ন ৰূপবোৰকে সাহিত্যিক বিধা বুলি কোৱা হয় পোনতে ভাষাৰ ইতিহাস অধ্যয়ন কৰিবলৈ গৈয়েই পণ্ডিতসকলে সাহিত্যিৰ শ্ৰেনীবিভাজন কৰিছিল বুলিব পাৰি এই বিধাসমূহে সাহিত্যৰ যুগ বিভাজনৰ লগে লগে বেলেগ বেলেগ ধৰণেও ব্যৱহাৰ হৈছে
                 অসমীয়া আৰু তামিল সাহিত্যৰ আদি যুগৰ সাহিত্য আৰু সাহিত্যিক বিধা সম্পৰ্কীয় আলোচনাকেই আমাৰ এই আলোচনাত সামৰি লোৱা হ’
অসমীয়া আৰু তামিল সাহিত্যৰ যুগ বিভাজনঃ
                সাহিত্যৰ যুগ বিভাজন মানে কোনো এক নিৰ্দিষ্ট সময়ছোৱাত বৌদ্ধিক, ভাষিক, ধাৰ্মিক, কলাত্মক দিশৰ প্ৰভাৱত গঢ় লৈ উঠা সাহিত্যৰাজি গৱেষকসকলে গৱেষণা প্ৰক্ৰিয়া সুচাৰুৰূপে চলাই নিবৰ বাবে সাহিত্যিক যুগ অনুসৰি সাহিত্যৰ বিশ্লেষণ কৰে পাশ্চাত্য পণ্ডিতসকলেও সাহিত্যিক আন্দোলনৰ ওপৰত নিৰ্ভৰ কৰি ধ্ৰু¸পদী যুগ, ৰোমাণ্টিক যুগ এনেধৰণে সাহিত্যৰ যুগ বিভাজন কৰিছে
                অসমীয়া সাহিত্যৰ বুৰঞ্জী আলোচনাৰ বাবে বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে সাহিত্যৰ শ্ৰেণীবিভাজন কৰিছে সত্যেন্দ্ৰনাথ শৰ্মাৰ শ্ৰেণীবিভাজন এনেধৰণৰ-
                ) আদি যুগঃ উদ্ভৱ কালৰ সাহিত্য, খ্ৰীঃ ৯৫০-১৩০০ চৰ্যাপদ, মন্ত্ৰ সাহিত্য
                ) মধ্য যুগঃ              . প্ৰাক শংকৰী যুগৰ সাহিত্য(খ্ৰীঃ১৩০০-খ্ৰীঃ১৪৯০)
                                                . শংকৰী যুগৰ সাহিত্য(খ্ৰীঃ১৪৯১- খ্ৰীঃ১৭০০)
                                                .উত্তৰ শংকৰী যুগৰ সাহিত্য(খ্ৰীঃ১৭০০-খ্ৰীঃ১৮৩০)
                )বৰ্তমান যুগঃ          . হেমচন্দ্ৰ-গুণাভিৰামৰ কাল(খ্ৰীঃ১৮৭০-১৮৯০)
                                                .ৰোমাণ্টিক যুগ বা বেজবৰুৱাৰ যুগ(খ্ৰীঃ১৮৯১-খ্ৰীঃ১৯৪০)
                                                .সাম্প্ৰতিক কাল(১৯৪০- বৰ্তমান)
               
                আকৌ, মহেশ্বৰ নেওগে কৰা বিভাজন এনেধৰণৰঃ
                ) বৌদ্ধ যুগ, ) প্ৰাকশংকৰ যুগ, )শংকৰী যুগ, )শংকৰোত্তৰ যুগ,)আধুনিক যুগ
                .আদি ব্ৰিটিঃশ যুগ, .হেমচন্দ্ৰ বৰুৱাৰ কাল, .ৰোমাণ্টিক যুগ বা বেজবৰুৱাৰ যুগ, .বৰ্তমান কালৰ সাহিত্য
                  বানীকান্ত কাকতিয়ে অসমীয়া ভাষাৰ ইতিহাস সংৰক্ষিত হৈ থকা সাহিত্যিক নিদৰ্শন ৰাজিক শ্ৰেণীবিভাজন কৰি দেখুৱাইছে      এনেধৰণে-
                )প্ৰাচীন অসমীয়া
                )মধ্যযুগীয় অসমীয়া
                )আধুনিক অসমীয়া
                - ইয়াৰ উপৰিও তেখতে তেখেতৰ গৱেষণা গ্ৰন্থ “Assamese, Its Formation and Development” প্ৰাচীন অসমীয়াক )প্ৰাক বৈষ্ণৱ যুগ আৰু )বৈষ্ণৱ যুগ এই দুটা ভাগত ভাগ কৰি দেখুৱাইছে অসমীয়া ভাষাৰ উদ্ভৱকালীন সাহিত্যিক নিদৰ্শন হিচাপেচৰ্যাপদ কথাটোও তেখেতে সেই গ্ৰন্থখনত উল্লেখ কৰিছে
                আনহাতে, তামিল সাহিত্য অধ্যয়নৰ সুবিধাৰ্থে বিভিন্নজন পণ্ডিতে বিভিন্ন ধৰণে তামিল সাহিত্যৰো শ্ৰেণী বিভাজন কৰি দেখুৱাইছে
 মু. ভৰদৰাজনৰ তামিল সাহিত্যৰ শ্ৰেণীবিভাজন এনেধৰণৰ-
                ) আদি যুগ-           .সংঘম কাল(খ্ৰীঃপূঃ৫০০-খ্ৰীঃ৩০০)
                                                .নীতি কাল(খ্ৰীঃ৩০০-খ্ৰীঃ৫০০)
                ) মধ্য যুগ -             .ভক্তি সাহিত্যৰ কাল(খ্ৰীঃ৭০০-খ্ৰীঃ৯০০)
                                                .কাব্য সাহিত্যৰ কাল(খ্ৰীঃ৯০০-খ্ৰীঃ১২০০)
                                                .সমালোচনা সাহিত্যৰ কাল(খ্ৰীঃ১২০০-খ্ৰীঃ১৫০০)
                                                .পুৰণি সাহিত্যৰ কাল(খ্ৰীঃ১৫০০-খ্ৰীঃ১৮০০)
                                                . ইছলামিক সাহিত্যৰ কাল(খ্ৰীঃ১৮০০-খ্ৰীঃ১৯০০)
                )আধুনিক যুগ(খ্ৰীঃ১৯০০-বৰ্তমান)-
                                                উপন্যাস, চুটিগল্প, কবিতা, নাটক
                আকৌ, তামিৰঅন্নলৰ শ্ৰেণীবিভাজনঃ
                ) চেৰ, চোল, পাণ্ড্যৰ কাল(খ্ৰীঃপূঃ ২০০০-খ্ৰীঃ২৫০)
                )কালপিৰা, পল্লৱ কাল(খ্ৰীঃ২৫০-খ্ৰীঃ৯০০)
                )পাণ্ড্য কাল(খ্ৰীঃ৫৭৫-খ্ৰীঃ১৩৫০)
                )মালিক্কাপুৰ , বিজয়নগৰৰ ৰজাৰ কাল(খ্ৰীঃ১৩১০-খ্ৰীঃ১৮০০)
                )ইউৰোপীয় কাল(খ্ৰীঃ১৮০০-খ্ৰীঃ১৯৪৭)
                )বৰ্তমান কাল(খ্ৰীঃ১৯৪৭-বৰ্তমানলৈকে)
                -এনেদৰে অসমীয়া আৰু তামিল সাহিত্যক বিভিন্নজন পণ্ডিতে বিভিন্ন ধৰণে শ্ৰেণীবিভাজন কৰি দেখুৱাইছে তামিল সাহিত্যত সংঘম কাল, কালপিৰাৰ কাল, পল্লৱ কাল, চোৰাকাল, নায়ক্ক কাল এনেধৰণৰ যুগ বিভাজনৰ নিচিনাকৈ অসমীয়া সাহিত্যতো আহোম ৰাজত্বৰ কাল, কোচ-কচাৰী ৰজাসকলৰ ৰাজত্বৰ কাল এনেধৰণে ৰাজনৈতিক পৰিপ্ৰেক্ষিতত শ্ৰেণীবিভাজন কৰা হৈছে কিছুমানে আকৌ তামিল সাহিত্যক সংঘম সাহিত্যৰ কাল, নীতি সাহিত্যৰ কাল, ভক্তি সাহিত্যৰ কাল, কাব্য সাহিত্যৰ কাল এনেধৰণে শ্ৰেণীবিভাজন কৰাৰ দৰে অসমীয়া সাহিত্যতো বৈষ্ণৱ সাহিত্যৰ কাল, বেজবৰুৱাৰ কাল এনেধৰণে যিটো সময়ত যি সাহিত্য প্ৰচলিত তাৰ ওপৰত নিৰ্ভৰ কৰিয়েই যুগ বিভাজন কৰিছে অধ্যয়নৰ সুবিধাৰ্থে ৰাজনৈতিক পৰিপ্ৰেক্ষিতত, ঐতিহাসিক প্ৰেক্ষাপট, যিটো সময়ত যি সাহিত্যই প্ৰচলিত তাৰ ওপৰত নিৰ্ভৰ কৰি সাহিত্যৰ শ্ৰেণীবিভাজন কৰিলেও এটা কথা ঠিক যে সেই শ্ৰেণীবিভাজনবিলাকৰ মাজত সামঞ্জস্যই অধিক
আদি যুগৰ অসমীয়া আৰু তামিল সাহিত্যঃ
                                অসমীয়া সাহিত্যৰ আদি যুগৰ লিখিত নিদৰ্শন চৰ্যাপদসমূহ ১৯০৭ চনত হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপাল ৰাজদৰবাৰৰ গ্ৰন্থালয়ৰ পৰা এইচৰ্যাপদ’ বা বৌদ্ধগানসমূহ উদ্ধাৰ কৰি আনিহাজাৰ বৎসৰেৰ পুৰাণ বাংলা ভাষায় বৌদ্ধগান দোহা’- নামেৰে ১৯২৬ চনত প্ৰকাশ কৰে চৰ্যাপদসমূহক বৌদ্ধগান বুলিও কোৱা হয় চৰ্যাপদবোৰ মূলতঃ বৌদ্ধ সাধন প্ৰণালীৰ গূঢ়াৰ্থযুক্ত সংক্ষিপ্ত বচনসমস্তি মূল চৰ্যাগীত সংগ্ৰহৰ পুথিখন হ’চৰ্যাগীতিকোষ এই গীতসমূহত সেই সময়ৰ সমাজ জীৱনৰ আৰু সংস্কৃতিৰ বিভিন্ন দিশ প্ৰতিফলিত হৈছে চৰ্যাপদৰ সময় সম্পৰ্কত এটা নিৰ্দিষ্ট মত পোৱা নাযায় যদিও সপ্তমৰ পৰা দ্বাদশ শতিকামানৰ ভিতৰৰ বুলি পণ্ডিতসকলে স্বীকাৰ কৰিছে এই চৰ্যাপদসমূহ প্ৰাচ্য অপভ্ শৰ শেষ স্তৰৰ ৰচনা গতিকে প্ৰাচ্য অপভ্ৰংশৰ পৰা উদ্ভৱ হোৱা নাইবা তাৰ লগত ঘনিষ্ঠ ভাষাসমূহৰ লগতো এই গীতৰ ভাষাৰ মিল থকা বুলি কোৱা হয় বঙালী, মৈথেলী আদি কেতবোৰ ভাষাই নিজ নিজ ভাষাৰ বৈশিষ্ট্য থকা বুলিও দাবী কৰে ইয়াৰ ৰচক ২৪ জন সিদ্ধাচাৰ্য নেপাল আৰু তিববত দেশত মহাযানী সম্প্ৰদায়ৰ ৮৪ জন সিদ্ধ পুৰুষৰ অন্তৰ্গত সিদ্ধাচাৰ্যসকলৰ ভিতৰতো প্ৰায়বোৰ সিদ্ধাচাৰ্যই এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ধৰ্ম প্ৰচাৰৰ বাবে অহাযোৱা কৰিবলগীয়া হৈছিল তাৰ ভিতৰত  লুইপা, বিৰুপা, কাহ্নুপা আদি কেইজনমান সিদ্ধাচাৰ্যক পণ্ডিতসকলে কামৰূপ অঞ্চলৰ লোক বুলি ঠাৱৰ কৰিছে মুঠতে এই চৰ্যাপদসমূহক  কামৰূপৰ সমাজ আৰু সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক দলিল বুলি উল্লেখ কৰিব পাৰি

                                আনহাতে, তামিল সাহিত্যৰ আদি যুগ বুলিলে সংঘম সাহিত্যকেই বুজা যায় সংঘম মানে হ’ সংঘ, মণ্ডলী পাণ্ডীয় ৰজাসকলে কবিসকলক লৈ কবিতা ৰচনা কৰিছিল সংঘম কালত তিনিটা সংঘ আছিল  সমুদ্ৰী প্ৰলয়ৰ বাবে প্ৰথম আৰু দ্বিতীয় সংঘৰ সাহিত্য বিলুপ্ত হৈ যায় সংঘম কালৰ সাহিত্যৰাজিক সংঘম কালৰ সাহিত্য বুলি কোৱা হয় ৪৭৩ জন কবিয়ে ৰচনা কৰা ২৩৮১ কবিতাই হ’ সংঘম কালৰ ৰচনা এই কবিতাসমূহত সেই সময়ৰ সমাজ জীৱনৰ চিত্ৰৰ লগতে প্ৰেম, যুদ্ধ, ৰজাৰ শাসন, বেপাৰ-বাণিজ্যৰ চিত্ৰ অংকন কৰা হৈছে।  সংঘম কালৰ সাহিত্যক দুটা ভাগত ভগোৱা হয়। এটা হ’ল পদিনেনকিৰকনক্কু আাৰু আনটো পদিনেনমেলকনককু। পদিনেনকিৰকনক্কুৰ ভাগ দুটা পত্তুপাটটু আৰু এত্তুতটোকেই। এই আটাইবোৰ কাব্য সংকলন।  


অসমীয়া আৰু তামিল সাহিত্যৰ আদি যুগৰ সাহিত্যিক বিধাঃ
                সাহিত্যৰ বিভিন্ন ৰূপবোৰকে সাহিত্যিক বিধা বুলি কোৱা হয়


ইংৰাজীত সাহিত্যৰ বিভিন্ন ৰূপবোৰক বুজাবলৈ ‘genre’ শব্দটো ব্যৱহাৰ কৰা হয়, যিটোৰ অসমীয়া প্ৰতিশব্দ হিচাপে ৰূপ, বিধা আদি শব্দ ব্যৱহাৰ হয় এই দুয়োটা শব্দৰ মাজত সম্প্ৰতি বিধা শব্দটো সণ্ঢালনিকৈ ব্যৱহাৰ হ’বলৈ লৈছে সেয়েহে আমাৰ আলোচনাত বিধা শব্দটোকে গ্ৰহণ কৰা হ’ ভাৰতীয় সাহিত্যৰ পৰম্পৰাত বহু সাহিত্যিক বিধাৰ সৃষ্টি হৈছে আধুনিক কালতো পাশ্চাত্য সাহিত্যৰ প্ৰভাৱত নতুন সাহিত্যিক বিধাৰ সৃষ্টি হৈছে এই সাহিত্যিক বিধাসমূহ সাহিত্যৰ প্ৰাণ স্বৰূপ সাহিত্যৰ অৰ্থ, প্ৰকাৰ, শৈলীৰ ওপৰত নিৰ্ভৰ কৰি সাহিত্যৰ শ্ৰেণীবিভাজন কৰিব পৰা যায় এই শ্ৰেণীবিভাজনৰ দ্বাৰাই কোনবিধ কোনপ্ৰকাৰৰ সাহিত্যৰ অন্তৰ্গত সেই বিষয়ে জানিব পাৰি


                অসমীয়া সাহিত্যৰ আদি যুগৰ চৰ্যাপদৰ সাহিত্যিক বিধিগত বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰিবলৈ হ’লে তিনিটা বিষয়ৰ আলোচনা কৰিব পাৰি প্ৰথমটো হ’, চৰ্যাপদসমূহক চৰ্যাগীত, চৰ্যাগান, বৌদ্ধগান আদি নামেৰে জনা যায় চৰ্যাগীতবোৰ গাবৰ বাবে ৰচিত প্ৰত্যেকটো চৰ্যাতে ৰাগ সংযোগ কৰা হৈছে ৰাগ নিৰ্দিষ্টতা কেৱল গীতৰ ক্ষেত্ৰতহে প্ৰযোজ্য কাৰণ গীত ৰাগৰ লগত যুক্ত চৰ্যাত ব্যৱহত কেইটামান ৰাগ হ’- পটমঞ্জৰী, ভৈৰৱী, ধনশ্ৰী আদি এই গীতসমূহ সুৰ লগাইও গাব পাৰি প্ৰত্যেক পদৰ দ্বিতীয় চৰণটো ধ্ৰুপদ অৰ্থাৎ দোহাৰি গাব লাগে পুথিখনত সৰ্বমুঠ  ৪৬ টা সম্পূৰ্ণ আৰু এটা খণ্ডিত গান বা দোহা আছে অসমীয়া গীতিকাব্যৰ বুৰঞ্জীত চৰ্যাপদসমূহ অমূল্য সম্পদ 
উদাহৰণস্বৰূপে-
                                                 ৰাগঃ মল্লাৰী
                                                 কাহ্নুপাদানাম
                                                মন তৰু পাঞ্চ ইন্দি তসু সাহা
                                                আসা বহল পাতহ বাহা
                (অসমীয়া ৰূপঃ          মন তৰু, পঞ্চ ইন্দ্ৰিয় তাৰ শাখা
                                                পত্ৰ ফল যেন তাৰ বিস্তৃত আশা।।)
                দ্বিতীয়তে,বৌদ্ধ সহজীয়া সাধন তত্ত্বৰ সাংগীতিক বাহক হিচাপে ৰাগ-তাল-মানৰ লগত মিলাই গোৱা চৰ্যাপদসমূহক গীতি কবিতাৰ শ্ৰেণীতো আলোচনা কৰিব পাৰি গীত হিচাপে গোৱাৰ লগতে চৰ্যাপদসমূহক কবিতা হিচাপেও গাব পৰা যায় কবিতাৰ ৰূপ, ৰস বিচাৰত জীৱনৰ চিত্ৰ, ৰূপক, চিত্ৰকল্প আদিৰ লগতে ছন্দ, অলংকাৰ আদিৰ গুৰুত্বও আছে সাহিত্য হিচাপে চৰ্যাপদসমূহ হ’ কাব্য সাহিত্য কাব্য বিচাৰত আকৌ ছন্দৰ কথাটোও জড়িত হৈ থাকে
                চৰ্যাগীতত মূলতঃ পদ বা পয়াৰ ছন্দৰ ব্যৱহাৰ হৈছে লুই পাদৰ প্ৰথমটো চৰ্যাই হ’ পদছন্দৰ পদছন্দত সাধাৰণতে একোটাকৈ শাৰীত চৈধ্যটা অক্ষৰ থাকে আৰু দুটা শাৰীত ছন্দ সামপ্ত হয় দুয়োটা শাৰীৰ অন্ত্যধ্বনিৰো মিল দেখা পোৱা যায়
                উদাহৰনস্বৰূপেঃ        ৰাগঃ পটমঞ্জৰী
                                                লুইপাদানাম
                                কা তৰুবৰ পঞ্চ বি ডাল
                                চঞ্চল চীত্ৰ পইঠো কাল।।ধ্ৰু¸।।
                ইয়াত প্ৰথম শাৰীত ১১ টা আৰু দ্বিতীয় শাৰীত ১০ টা আখৰ আছে মাত্ৰাৰ ফালৰ পৰা চৈধ্য মাত্ৰাৰ সেয়ে সাংগিতীক লয়ৰ পতন নঘটাকৈ ছন্দ ৰক্ষা কৰিব পাৰিছে ইয়াক আমি লঘু পয়াৰ বুলিও ক’ পাৰো
                চৰ্যাপদৰ বেছিভাগেই দশাক্ষৰী পয়াৰ সাংগীতিক লয়ৰ বাবে এনে অক্ষৰ ব্যৱহাৰ বুলি অনুামন কৰিব পাৰি ১০ নং, ২৮নং আৰু ৫০নং চৰ্যাত আকৌ চনেট ৰীতিৰ চৈধ্যতা শাৰীত সম্পূৰ্ণ হোৱা দেখা যায় প্ৰকৃতিত নিমিলিলেও শাৰীৰ সংখ্যাত চনেট কবিতাৰ লগত তাৰ মিল দেখা যায়
                তৃতীয়তে, এফালেদি গীতি কবিতাৰ নাইবা কাব্য সাহিত্যৰ দিশত আলোচনা কৰিলেও আনফালেদি চৰ্যাপদসমূহক ধৰ্মীয় সাহিত্য আখ্যা দিব পাৰি ইয়াৰ তাত্ত্বিক কথাটোৱেই বৌদ্ধধৰ্মৰ তান্ত্ৰিক মতবাদৰ লগত জড়িত তান্ত্ৰিক মতবাদ হ’ সম্পূৰ্ণভাৱে গুৰুমুখী বিদ্যা আৰু সহজ অৰ্থত  মিলনৰ প্ৰক্ৰিয়াই হ’ ইয়াৰ সাধনাৰ মূল ভেটি
                চৰ্যাৰ প্ৰতিটো গীতেই বৌদ্ধ ধৰ্মৰ সাধন পন্থাৰ এটা নিগূঢ় তত্ত্বক প্ৰতিনিধিত্ব কৰে প্ৰতিটো চৰ্যা সাঁথৰৰ দৰে বাহ্যিক অৰ্থ সহজ, কিন্তু মৰ্মাৰ্থ বুজাটো কঠিন বৃত্তিকাৰে চৰ্যাপদৰ ভাষাক সন্ধ্যা ভাষা বুলি কৈছে যি ভাষাৰ অৰ্থ বিশেষভাৱে নিৰ্দিষ্ট সেয়াই সন্ধ্যা ভাষা সন্ধ্যাৰ আধা আলো আধা ছায়াৰ ৰহস্যই প্ৰত্যেক চৰ্যাক আৱৰি থাকে যাৰ অৰ্থ, সকলো বাহ্যিক  ভেদভাৱ আঁতৰাই চিত্তৰ লগত বিষয়ৰ ছেদ ঘটাই চিত্তক শুন্যত প্ৰতিষ্ঠা কৰা এই শুন্যতাৰ লগত কৰুণাৰ সংযোগ ঘটিলে চিত্তই নিৰ্বান লাভ কৰে নিৰ্বান সুখময়, সংসাৰ দুখময় অবিদ্যাক নাশ কৰি , অহংভাৱ ত্যাগ কৰি শুন্যতাত যদি স্থিতি ল’ পৰা যায় তেতিয়াহে সহজানন্দ লাভ হয় এই সাধন পথ দুৰ্গম সেয়েহে প্ৰতিটো চৰ্যাতে গুৰুৰ সহায়ত গীতৰ মৰ্ম আৰু সাধন তত্ত্বক বুজি লোৱাৰ নিৰ্দেশ পোৱা যায়
                আকৌ, আনফালে তামিল সাহিত্যৰ সংঘম আৰু সংঘোত্তৰ কালৰ সাহিত্যিক বিধা বুলিলে আগম, পুৰম, আতৰুপদই, কুৰল, নাৰপদু আদি উল্লেখযোগ্য
. আগমঃ
                যিবোৰ কবিতাত মানুহৰ অন্তৰ্মুখী অভিজ্ঞতাৰ কথা প্ৰকাশ হয়, সেইবোৰকআগমশ্ৰেনীত অন্তৰ্ভুক্ত কৰিব পাৰি পুৰণি তামিল সাহিত্যত প্ৰেমৰ মাজেৰে বিবাহ পাশত আৱদ্ধ হৈ সাংসাৰিক জীৱন যাপন কৰাটোৱেই আগম এই বিষয়ত ৰচনা হোৱা কবিতাসমূহকঅহপ্পোৰুল’ বুলিও কোৱা হয়
                নাত্ৰিনেই, কুৰুনটোকেই, আয়ংকুৰুনুৰু,কুলিতটোকেই, অগনানুৰু এইসমূহ এত্তুতটোকেই আৰু মুল্ললইপাততু, নেদুনেলবাদই, কুৰিনজি,পাত্তু, পত্তিনাপপালই এইবোৰ পত্তুপাটটু আগম সাহিত্যিক বিধাৰ ভিত্তিত শ্ৰেণীবিভাজন কৰা হয়
                                য়ায়ুম ঞায়ুম য়াৰ আকিয়ৰো·
                                এনদেয়ুম নুনদেয়ুম নুনদেয়ুম এমমুৰেই কেলীৰ·
                                য়ানুম নীয়ুম এৱৱৰী অৰীদুম
                                চেমপুল পেয়ল নীৰ পোল
                                আনপুদই নেঞ্জম তাম কলনদনৱে
                                                                                                (কুৰুনটোকেই ৪০)

( অসমীয়া অৰ্থঃ মোৰ মাৰ কোন? তোমাৰ মাৰ কোন? মোৰ দেউতাৰ কোন? তোমাৰ দেউতাৰ কোন? আমি দুয়ো দুয়োকে নাজানো যেনেদৰে ৰঙা মাটিত পৰি বৰষুণৰ পানীও ৰঙা হৈ পৰে তেনেদৰেই আমাৰ দুয়োৰে হদয়ৰ মিলন হৈছে)
. পুৰমঃ
                                যিবোৰ কবিতাত বাহ্যিক পৃথিৱীৰ ৰূপ ৰঙৰ বৰ্ণনা পোৱা যায়, সেইবোৰক পুৰম শ্ৰেনীত অন্তৰ্ভুক্ত কৰিব পাৰি পুৰম কবিতাসমূহত যুদ্ধ, ৰজা , কীৰ্তি, দান যশস্যা আদি বিষয়বস্তুক মূল হিচাপে লৈ কবিতা ৰচনা কৰা হয় বিষয়ত ৰচিত কবিতাসমূহকপুৰপ্পোৰুলবুলি কোৱা হয়
                এত্তুতটোকেইৰ ভিতৰত পদিত্ৰপপত্তু, পুৰনানুৰু আকৌ পত্তুপাততুৰ ভিতৰত তিৰুমুৰুগাতৰুপদই, পুৰনানাতৰুপদই, চিৰুবানাতৰুপদই, পেৰুমবানাতৰুপদই, মলইপাদুকলাম পুৰম শ্ৰেনীৰ অন্তৰ্গত
                                ইৱৱে পীলি অনিনদু মালই চুত্তী
                                কন তীৰল নোন কাল তীৰুততী নেয় অনিনদু
                                ...............................
                                ইললোৰ ওক্কল তলেইৱন
                                অননল এম কোমান ৱেইন নুদী ৱেলে
                                                                                                (পুৰনানুৰু ৯৫)

(এই কবিতাটো সংঘকালৰ অৱয়াৰ নামৰ মহিলা কবিগৰাকীয়ে তেওঁ যিজন ৰজাৰ অধীনস্থ তেখেতৰ বীৰত্বৰ বৰ্ণনা দিবলৈ ৰচনা কৰিছিল দুজন ৰজাৰ মাজত যুদ্ধৰ সূত্ৰপাত হ’ ধৰাৰ সময়তেই সমাধান কৰিবলৈ গৈ নিজৰ ৰজাৰ বল, বিক্ৰমক কবিতাৰ মাজেৰে ফুটাই তুলিছে অসমীয়া অৰ্থঃ আমাৰ ৰাজনে অসংখ্য যুদ্ধত বিজয় লাভ কৰি তেখেতৰ অস্ত্ৰ শানত দিছে তাৰ অন্তৰ্নিহিত অৰ্থ হ’ সেই ৰজাৰ পৰাক্ৰম ইমানেই যে তেওঁ ইতিমধ্যে অসংখ্য যুদ্ধ কৰি আহিছে আৰু সেই যুদ্ধত জয়লাভ কৰি আহি তেওঁৰ অস্ত্ৰ শানত দিবলগীয়া পৰিস্থিতি হৈছে)
. আতৰুপদইঃ
                                আৰুমানে হ’ দিশ-নিৰ্দেশ দিয়া আৰুৱৰিমানে হ’ল সান্তনা দিয়া ৰজাৰ গুণানুকীৰ্তন কৰি ৰজাৰ পৰা উপহাৰ লৈ আহি থকা মুহুৰ্তত বাটত লগ পোৱা সহকৰ্মীজনক ৰজাৰ পৰা উপহাৰ আদায়ৰ কৌশল নিৰ্দেশ দিয়াটোৱেই হ’আতৰুপদই তোলাকপিয়মত পোৱা যায় যে-
                                কুততৰুম পানৰুম পোৰুনৰুম ৱীৰলীয়ুম
                                আত্ৰীদেই কাতচি উৰল তোনৰী
                                পেত্ৰ পেৰু ৱলম পেৰাৰককু আৰীৱুৰীই
                                চেনৰু পয়ন এদীৰ চোনন পককমুম
                                                                                                (তোলাকপিয়ম-পুৰম-৩৬)

 ( সংঘকালত কুতৰ, পানৰ, পোৰুনৰ, পীৰলিয়ৰ এইবোৰ মানুহে নৃত্য কৰি জীৱন যাপন কৰিছিল এওঁলোকে ৰজাৰ গুণানুকীৰ্তন কৰি ৰজাৰ পৰা উপহাৰ লৈ উভতি অহাৰ সময়ত সহকৰ্মীজনকো সেই কাৰ্যৰ বাবে নিৰ্দেশ দিছিল)
                তিৰুমুৰুগাতৰুপদই, চিৰুবানাতৰুপদই, পেৰুমপানাতৰুপদই, কুতৰাতৰুপদই এই বিধাত লিখা সাহিত্য
যেনেঃ

                                দিৰলচাল ৱেনৰীয়দু তেইবৱুপুল মকত্ৰী
                                ৱীৰলৱেন মন্নৰ মননেয়ীন মুৰুককী
                                নয়ৱৰ পানৰ পুনকন তীৰত্তপিন
                                ...............................
                                মাচেল ৱোৰীককু মদনুদই নোনৰাল
                                ৱানমুক পানদিল ৱলৱনোদু তেৰীই
                                                                                                 ( চিৰুবানাতৰুপদই ২৪৬-২৬১)
( সংঘকালৰ কিছুসংখ্যক কবিয়ে তেওঁলোকৰ ৰজাই শত্ৰু পক্ষৰ লগত যুজঁ দি অহাৰ সময়ত তেওঁৰ বীৰত্বৰ গুণ গান গাইছিল ৰজাই সেই প্ৰশংসা শুনি শত্ৰুপক্ষক হৰুৱাই লাভ কৰা ঘোঁৰা, হাতী, হীৰাৰ অলংকাৰ আদি উপহাৰ হিচাপে কবিসকলক যাচিছিল কবিসকলে আকৌ নিজৰ সহকৰ্মীক তেনে গুণগান গাই উপহাৰ বুটলিবলৈ শিকাইছিল অসমীয়া অৰ্থঃ আমাৰ ৰজাই শত্ৰু সেনাৰ ছাউনী ধ্বংস কৰি, সেই দেশৰ মূল্যবান সামগ্ৰীবোৰ আনি আমাক যাচিব)
                এনেধৰণৰ সাহিত্যিক বিধা অন্য সাহিত্যত নাই বুলি পাকীমেৰীয়ে কৈছে

. পদিনেনকীৰকনককুৰ সাহিত্যিক বিধাঃ
                কুৰল(দুটা শাৰীৰ কবিতা), নালাদি(চাৰি শাৰীৰ কবিতা), নাৰপদু(চল্লিছটা কবিতা), আইনদিনাই(পাঁচটা পৰিদৃশ্য) এইবোৰ সাহিত্যিক বিধা এই সাহিত্যৰ অন্তৰ্গত কুৰল দুটা শাৰীৰ ছুটী কবিতা প্ৰথম শাৰীত চাৰিটা আৰু দ্বিতীয় শাৰীত তিনিটা মুঠ সাতটা শব্দ থকা দুটা শাৰীৰ কবিতা এনেদৰে তিৰুকুৰলখনো ৰচনা কৰা হৈছে নালাদি মানে চাৰিশাৰীত এটা বিষয়ৰ ওপৰত লিখা কবিতা নালাদিয়াৰ এই সাহিত্যিক বিধাৰ অন্তৰ্গত নাৰপদু মানে চল্লিছ চল্লিছটা গীত এটা বিষয়বস্তুৰ আৰ্হিত ৰচনা কৰাটোও একধৰণৰ বিধা কাৰনাৰপদু, কালৱৰিনাৰপদু, ইন্নানাৰপদু, ইনিবইনাৰপদু এই পুথিসমূহ নাৰপদু বিধাৰ অন্তৰ্গত

                আয়নথিনেই মানে  হ’ পঞ্চথিনেইআয়নশব্দৰ অৰ্থ পাঁচ আৰুথিনেইমানে  হ’  জীৱন যাপন কাৰ্য পুৰণি কালত তামিল মানুহসকলে তামিলনাডুৰ ভৌগোলক সীমা পাঁচটা ভাগত ভাগ কৰিছিল কুৰীনজী, মুললই, মৰুডম, নেইডাল আৰু পালেই এই পাঁচটা ভাগক পঞ্চথিনেই অৰ্থাৎ আয়নথিনেই বুলি কোৱা হয় কুৰীনজী মানে পাহাৰ আৰু তাৰ পাহাৰৰ ওচৰৰ ঠাই, মুললই মানে অৰন্য আৰু তাৰ ওচৰ পাজৰৰ ঠাই, মৰুডম মানে পথাৰ, নেইডল মানে সমুদ্ৰ আৰু তাৰ কাষৰ অঞ্চল আৰু পালেই মানে হ’ মৰুভূমি এইবোৰক বিষয়বস্তু হিচাপে লৈ ৰচনা কৰা কবিতাসমূহেই আয়নথিনাই বিধাৰ অন্তৰ্গত

                 অসমীয়া আৰু তামিল সাহিত্যৰ উদ্ভৱ আৰু বিকাশৰ সময় বেলেগ বেলেগ লেও দুয়োটা সাহিত্যই নিজ নিজ সাহিত্যৰাজিৰে সমৃদ্ধিশালী হৈ আহিছে অসমীয়া সাহিত্যৰ আদি যুগত চৰ্যাপদৰ সাহিত্যিক বিধাৰ বিচাৰ কৰাৰ লগতে তামিল সাহিত্যৰ আদি যুগৰ সাহিত্যক আগম, পুৰম আদি সাহিত্যিক বিধাৰ আধাৰত আলোচনা কৰিব পাৰি সংঘম কালৰ কুৰল, নালাদী আদি দুটা শাৰী, চাৰিটা শাৰীত ৰচনা কৰাৰ নিচিনাকৈয়ে চৰ্যাপদসমূহকো দহটা শাৰীত কেতিয়াবা চৈধ্যতা শাৰীত ৰচনা কৰা হৈছে দুয়োবিধ সাহিত্যতেই আদি যুগত কবিতা সংগ্ৰহে মুখ্য স্থান পাইছে বিষয়বস্তুৰ ফালৰ পৰা চাবলৈ গ’লে চৰ্যাপদসমূহত ধৰ্মীয় সাহিত্য আৰু সংঘম কালৰ সাহিত্যত যুদ্ধ, প্ৰেম আৰু নীতি সাহিত্যই স্থান পাইছে দুয়োবিধ সাহিত্যতেই সেই সময়ৰ সমাজ জীৱনৰ চিত্ৰ প্ৰতিফলিত হোৱা দেখা যায়
                 বিধা সম্পৰ্কীয় আলোচনা নিশ্চিতভাৱে বহল পৰিসৰৰ অন্তৰ্গত কেৱল আদি যুগেই নহয়, মধ্য আৰু আধুনিক কালত বিভিন্ন বিধাৰ ব্যৱহাৰো হৈছে ভবিষ্যতে বিধা সম্পৰ্কীয় এনেধৰণৰ অনেক আলোচনাৰ থল আছে


গ্ৰন্থপঞ্জীঃ
কুলদস্বামী ৱা. চে., উলকত চেৱৱীয়ল মেৰীকলীল ৱৰীচয়ীল তমীৰ, ভাৰতী প্ৰকাশন, প্ৰথম প্ৰকাশ, চেন্নাই , ২০০৫
নাগৰাজন বি., কুৰুনটোকেই, নিউ চেঞ্চুৰী প্ৰকাশন, প্ৰথম প্ৰকাশ, চেন্নাই ,২০০৬
নেওগ, মহেশ্বৰ, অসমীয়া সাহিত্যৰ ৰূপৰেখা, চন্দ্ৰ প্ৰকাশ, দশম প্ৰকাশ, গুৱাহাটী ,২০০৮
পুলিয়ুৰ কেসিকন, তোলকাপিয়ম,মেয়াপ্পান প্ৰকাশন, ষষ্ঠ প্ৰকাশ,চিদাম্বৰম ,২০০০
বৰা, দিলীপ, চৰ্যাপদ, লয়াৰ্চ বুক ষ্টল,দ্বিতীয় প্ৰকাশ,গুৱাহাটী ,২০০৯
বালাকুমাৰ ., ইলককীয়ততীল পোদুমই কুৰুকল কৰুততীয়ল ৱীলককম, চি. আই. আই. এল. , প্ৰথম প্ৰকাশ, মাইচুৰ, ২০১৪
ৱাকীমেৰি, হিষ্টৰী অৱ তামিল লিটাৰেচাৰ, এন.চি.পি. এইচ্. , তৃতীয় প্ৰকাশ,চেন্নাহ২০১০
শৰ্মা, অনুৰাধা, বাণীকান্ত কাকতি জীৱন আৰু কৃতি, ভৱানী বুকচ্,প্ৰথম প্ৰকাশ, গুৱাহাটী, ২০০৯
শৰ্মা, সত্যেন্দ্ৰনাথ, অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ, দশম প্ৰকাশ, গুৱাহাটী, ২০১১
১০ হাজৰিকা,পৰীক্ষিত, চৰ্যাপদ, ডালিমী প্ৰকাশ, চতুৰ্থ প্ৰকাশ, গুৱাহাটী, ১৯৯৯


………………………………………………………………………

No comments:

Post a Comment

পুদুমইপিত্তনৰ নিৰ্বাচিত গল্পত সমাজ পৰিৱৰ্তনৰ আকাংক্ষা

  তামিল সাহিত্যত চিৰুকদই বা চুটিগল্প বিংশ শতিকাত আৰম্ভ হোৱা এটি নতুন সাহিত্যিক শৈলী। তামিল চুটিগল্প সাহিত্যৰ বুৰঞ্জীত ইটালীয়ান খ্ৰীষ্টধৰ্ম প...