Monday, October 14, 2019

সুব্ৰমনীয়ম ভাৰতীৰ ‘পুদীয়া ৰাছিয়া’ কবিতা: এটি নিবিড় পাঠ


                 সুব্ৰমনীয়ম ভাৰতী (১৮৮২-১৯২১) আধুনিক যুগৰ তামিল সাহিত্যৰ এগৰাকীপুৰোধা ব্যক্তি তেওঁ একেধাৰে কবি, সাহিত্যিক, গীতিকাৰ, সাংবাদিক, সমাজ-সংস্কাৰক, দক্ষিণ ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰদূত আছিল বিংশ শতিকাৰ তামিল কাব্য সাহিত্যৰ উত্থানৰ ক্ষেত্ৰত সুব্ৰমনীয় ভাৰতী অগ্ৰগণ্য তেওঁক ভাৰট্টীয়াৰ, সুববাইয়া, শক্তিদাসন, মহাকবি আদি বিভিন্ন নামেৰে জনা যায় এইজনা মনীষীৰ ব্যক্তিত্ব আৰু আদৰ্শই তামিল জনমানসত আজিও ক্ৰিয়া কৰি আছে তেওঁৰ সাহিত্যৰাজিয়ে সৰ্বভাৰতীয় প্ৰেক্ষাপট লাভ কৰিছিল কেৱল যে সৰ্বভাৰতীয় প্ৰেক্ষাপটে লাভ কৰিছিল এনে নহয় ভাৰতীৰ বিশ্বমুখী চিন্তা ভাবনাও আছিল প্ৰৱল ভাৰতীয়ে নিজৰ ধ্যান ধাৰণাসমূহক সদায় বিশ্বৰ বিভিন্ন ঘটনাৱলীৰ লগত মিলাই চাবলৈ চেষ্টা কৰিছিল সেয়ে নিশ্চিতভাৱে তেওঁৰ সাহিত্যৰাজিৰ মাজত বিশ্বৰ বিভিন্ন ঘটনাৰ প্ৰভাৱ পৰিলক্ষিত হয় ১৯১৭ চনৰৰুছ বিপ্লৱপৃথিৱীৰ ভিতৰতেই এক গুৰুত্বপূৰ্ণ ঘটনা ভাৰতবৰ্ষত পোনপ্ৰথমতে ভাৰতীৰ কবিতাত ৰুছ বিপ্লৱৰ বিষয়ে পোৱা যায় ৰুছ বিপ্লৱৰ পিছত নতুন ৰাছিয়াক স্বাগতম জনাবলৈ কবিয়েপুদীয়া ৰাছিয়ানামৰ কবিতাটো ৰচনা কৰিছিল নতুন ৰাছিয়াৰ  নতুন  বাতাবৰণে  সাম্য, জাত-পাতৰ বৈষম্য নথকা, শৃংখলাবদ্ধ সামাজিক জীৱনৰ বাৰ্তা কঢ়িয়াই আনিব বুলি কবি আশাবাদী সুব্ৰমনীয়ম ভাৰতীৰ পুৰীয়া ৰাছিয়া কবিতাটোত  কবিয়ে ৰাছিয়াক  কি ধৰণে প্ৰত্যক্ষ কৰিছে তাকেই আমাৰ আলোচনা পত্ৰই সামৰি

                ৰুছ বিপ্লৱ এটি আভাস


                ১৯১৭ চনৰ ৰুছ বিপ্লৱ বিংশ শতিকাৰ বিশ্বৰ ইতিহাসৰ সবাতোকৈ মহত্বপূৰ্ণ ঘটনাসমূহৰ ভিতৰত অন্যতম ইয়াৰ পৰিণাম স্বৰূপে ৰুছ দেশত জাৰৰ স্বেচ্ছাচাৰী শাসনৰ অন্ত পৰিছিল আৰু ছোভিয়েট সংঘ স্থাপন হৈছিল এই বিপ্লৱ দুটা ভাগত হৈছিল বুলি পাৰি এটা মাৰ্চ, ১৯১৭ আৰু আনটো অক্টোৱৰ, ১৯১৭ প্ৰথম বিপ্লৱৰ ফলস্বৰূপে সম্ৰাটে পদত্যাগ কৰিবলৈ উপায়ন্তৰ হৈ পৰে আৰু এখন অস্থায়ী চৰকাৰ গঠন হয় অক্টোৱৰ বিপ্লৱৰ ফলত অস্থায়ী চৰকাৰ ভাঙি কমিউনিষ্ট চৰকাৰ গঠন হয়১৭৮৯ চনত ফ্ৰান্স ৰাজবিপ্লৱে স্বতন্ত্ৰতা, সমানতা আৰু ভাতৃত্ব ভাৱনাৰ প্ৰচাৰ কৰি ইউৰোপৰ জনজীৱনক গভীৰভাৱে প্ৰভাৱান্বিত কৰিবলৈ সক্ষম হৈছিল ৰুছ বিপ্লৱৰ যি ব্যাপকতা সেয়া এতিয়ালৈকে ঘটা ৰাজনৈতিক ঘটনাসমূহৰ তুলনাত বহুত বিস্তৃত কেৱল নিৰংকুশ, একতন্ত্ৰী, স্বেচ্ছাচাৰী জাৰৰ শাসনৰে অন্ত কৰা নাই, জমিদাৰ, সামন্ত, পুঁজিপতি আদিৰ সামাজিক আৰু আৰ্থিক সত্বাকো সমাপ্ত কৰি বিশ্বত মজদুৰ আৰু কৃষক সকলৰ সত্বাক প্ৰথমবাৰৰ বাবে স্থাপন কৰিছিল মাৰ্ক্সৰ দ্বাৰা প্ৰতিপাদিত বৈজ্ঞানিক সমাজবাদৰ বিচাৰধাৰাকো ৰুছ বিপ্লৱে  প্ৰথমবাৰ প্ৰতিষ্ঠা কৰিছিল এই বিচাৰ ধাৰা ১৯১৭ চনৰ পৰা প্ৰায় ১৯৫০ চনমানলৈ ইমান শক্তিশালীভাৱে প্ৰতিষ্ঠিত হৈ আছিল যে বিশ্বৰ আধাসংখ্যকেই এই প্ৰভাৱৰ পৰা মুক্ত পৰা নাছিল বিপ্লৱৰ পিছত বিশ্বৰ ইতিহাসে কিছু এনেধৰনে গতিশীল ৰূপ লে যে কোনোৱে যদি ইয়াৰ পক্ষ লে আন কোনোৱে আকৌ ইয়াৰ প্ৰচাৰৰ বিৰুদ্ধাচৰণ কৰিবলৈ লে

                 বিপ্লৱৰ পৃষ্ঠভূমি : ৰুছ বিপ্লৱৰ মহত্ব কেৱল ইউৰোপৰ ইতিহাসতেই নহয় বৰঞ্চ বিশ্বৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ ঘটনা যি ধৰনে ১৮ শতিকাৰ ইতিহাসত ফ্ৰান্সৰ ৰাজবিপ্লৱ মহত্বপূৰ্ণ আছিল, একেদৰে ২০ শতিকাৰ ১৯১৭ চনৰ ৰুছৰ সাম্যবাদী বিপ্লৱ  মহত্বপূৰ্ণ আছিল সেই সময়ত ৰুছৰ সামাজিক সমানতাৰ নিতান্তই অভাৱ আছিল এই সময়ৰ ৰুছৰ সমস্যা সমাজৰ তিনিটা শ্ৰেণীত বিভক্ত হৈ আছিল সেইকেইটা - নীচ শ্ৰেণী (ৰাজ্যৰ ফালৰ পৰা বহু অধিকাৰ প্ৰাপ্ত), উচ্চ-মধ্য বৰ্গ (জমিদাৰ,পুঁজিপতি সন্মিলিত) আৰু কৃষক, শ্ৰমিক (যাৰ প্ৰতি অমানুষিক অত্যাচাৰ কৰা হৈছিল) এই সময়ত ৰুছৰ সামাজিক জীৱনত এজনৰ আনজনৰ প্ৰতি কোনো ধৰনৰ সদ্ভাৱ নাছিল ইজনে আনজনক নিজৰ পৰা সম্পূৰ্ণৰূপে পৃথক দৃষ্টিভংগীৰে চাইছিল জাৰ নিকোলস নিৰংকুশ তথা স্বেচ্ছাচাৰী শাসক আছিল তেওঁ জনসাধাৰণক সহায় কৰাৰ পক্ষপাতী নাছিল

ৰুছ বিপ্লৱৰ কাৰণ

 . উদ্যোগিক বিপ্লৱ আৰু তাৰ পৰিণাম : অন্য দেশৰ দৰে ৰুছতো উদ্যোগিক বিপ্লৱ হয় যাৰ ফলত ৰুছত বহু কল কাৰখানা স্থাপন হয় উদ্যোগিকৰণৰ ফলত লাখ লাখ মজদুৰ গাঁও এৰি চহৰলৈ আহে চহৰত আহি বসবাস কৰাৰ লগে লগে তেওঁলোকৰ সহজ-সৰল জীৱনৰ পৰিবৰ্তন হয় চলন ফুৰনৰ লগতে ৰাজনৈতিক ক্ষেত্ৰতো ৰুচি জন্মে ইজনে আনজনক নিজতকৈ পৃথক ভাৱে চোৱাৰ সলনি সন্মিলিতভাৱে নিজৰ নিজৰ বিচাৰধাৰাক যুক্তি তৰ্কৰ মাজেৰে বিচাৰ কৰিবলৈ আৰম্ভ কৰে নবীন বিচাৰধাৰাৰে তেওঁলোকে শ্ৰমিক সংগঠন গঠন কৰে

. ১৯০৫  চনৰ বিপ্লৱ :ৰুছত ১৯০৫ চনত বিপ্লৱ হৈছিল যাৰ দ্বাৰা বৈধভাৱে ৰাজতন্ত্ৰ স্থাপন কৰাৰ প্ৰয়াস কৰা হৈছিল যদিও পাৰম্পৰিক বিবাদৰ বাবে এয়া সফল নহ ফলত পুনৰ জাৰৰ আধিপত্য হয় এই বিপ্লৱৰ স্পষ্ট পৰিণামস্বৰূপে সাধাৰণ জনতাই ৰাজনৈতিক অধিকাৰৰ বিষয়ে জানিব পাইছিল তেওঁলোকে গম পাইছিল যে ভোটৰ অৰ্থ কি,পাৰ্লিয়ামেন্টৰ সদস্যৰ নিৰ্বাচন কিদৰে হয়, চৰকাৰৰ জনমত অনুসৰি নিজৰ নীতি নিৰ্ধাৰণ কৰি জনহিতাৰ্থে অগ্ৰসৰ লাগে নিজৰ ৰাজনৈতিক অধিকাৰৰ লগত পৰিচয় হোৱাৰ বাবে জনতাই বুজি পাইছিল যে ৰুছত নিশ্চিতভাৱে লোকতন্ত্ৰৰ শাসন স্থাপন হোৱা উচিত সাধাৰণ জনতাৰ হাতত শাসন ভাৰ ন্যস্ত কৰা

. পশ্চিমীয় ইউৰোপৰ প্ৰভাৱ : পশ্চিমৰ ইউৰোপৰ লোকতন্ত্ৰ ৰাজ্যৰ প্ৰভাৱ ৰুছত পৰিছিল ৰুছত সম্ৰাটে পাশ্চাত্য প্ৰগতিশীল বিচাৰক ৰুছত প্ৰচাৰ হোৱাত বাধা দিবলৈ যত্ন কৰিছিল যদিও বিফল হৈছিল

. মধ্য বৰ্গৰ বিচাৰধাৰাৰ পৰিৱৰ্তন : ৰুছত মধ্য বৰ্গৰ ব্যক্তিসকলৰ মাজত শিক্ষাৰ  প্ৰসাৰ হৈছিল তেওঁলোকে নতুন নতুন গ্ৰন্থ অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিল পশ্চিমৰ ইউৰোপৰ বিচাৰ অধ্যয়ন কৰি ৰুছ ভাষালৈ অনুবাদ কৰি গ্ৰন্থ আকাৰে প্ৰকাশ কৰে আনকি, এছিয়ান লেখকেও নিজৰ গ্ৰন্থৰ দ্বাৰা তথা প্ৰগতিশীল বিচাৰৰ প্ৰতিপাদন কৰে শিক্ষিত বৰ্গই নতুন বিচাৰৰ প্ৰতি বাৰুকৈয়ে আকৃষ্ট হয় বিশেষকৈ উঠি অহা চামে  নতুন বিচাৰধাৰা পঢ়ি এই কথা অনুমান কৰে যে নিজৰ দেশখন অইন দেশৰ তুলনাত বহুত পিছপৰি আছে যাৰ কাৰণ কেৱল জাৰৰ নিৰংকুশতা তে ওঁলোকৰ মনলৈ কৰ্তব্যপৰায়ণতাৰ ভাৱ আহে আৰু নিজৰ দেশক উন্নত কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হয়

. মহাযুদ্ধৰ প্ৰভাৱ :মহাযুদ্ধত ৰুছ মিত্ৰ ৰাষ্ট˜ ফালৰ পৰা সন্মিলিত হয় আৰম্ভণিতে নিজৰ বিশাল সেনা লৈ যুদ্ধ কৰি ক্ষমতা প্ৰদৰ্শন কৰে পিছে দুবছৰলৈ নিৰন্তৰ যুদ্ধৰ ফলত কিছু শিথিলতা দৃষ্টিগোচৰ হয় ৰুছসেনা শক্তিশালী লেও তেওঁলোকৰ অন্তৰত দেশভক্তি আৰু  ৰাষ্ট˜ীয়তাবাদৰ ভাবনা নাছিল যাৰ বাবে বিশ্বযুদ্ধৰ দিন বাঢ়ি যোৱাৰ লগে লগে বিজয়ৰ কোনো চিন নেদেখি ভয়ত বিতত হৈ পৰে ৰুছৰ কৰ্মচাৰীসকলে দেশৰ সেৱাৰ বাবে নিযুক্ত হৈছিল যদিও নিৰ্দিষ্ট লক্ষ্য বুলিবলৈ একো নাছিল সম্ৰাটক সন্তুষ্ট কৰি উচ্চ পদত অধিষ্ঠিত হোৱাৰ সপোনহে দেখিছিল ঘোচ লোৱা, ভ্ৰষ্টাচাৰ  আদিয়েও চৰম সীমা অতিক্ৰম কৰিছিল

                               



 বিপ্লৱৰ ঘটনা তথা পৰিণাম

.জনসাধাৰনক গুলীবৰ্ষণ কৰিবলৈ সেনাৰ অমান্তি প্ৰদৰ্শন ১৯১৭ চনৰ মাৰ্চত জনতাৰ দশা অত্যন্ত শোচনীয় হৈ পৰে দৰিদ্ৰ মজদুৰসকলৰ খাবলৈ, পিন্ধিবলৈ একোৱেই নাছিল ভোক আৰু কাপোৰৰ বাবে ব্যাকুল হৈ অৱশেষত তেওঁলোকে পেেট্ৰাগ্ৰেডকী পথত পাগলৰ দৰে ঘূৰি ফুৰে ৰুটিৰ দোকানত গৰম গৰম ৰুটি দেখি ভোক সহ্য কৰিব নোৱাৰি ৰুটিৰ দোকানত জপিয়াই পৰে বজাৰত লুট পাট আৰম্ভ কৰি দিয়ে  সেনাক গুলিয়াবলৈ নিৰ্দেশ দিয়া হয় যদিও জনতাৰ প্ৰতি থকা সহানুভূতিৰ বাবে তেওঁলোক অমান্তি হয় সেনাই মজদুৰ সকলৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰা দেখি মজদুৰ সকলৰ মনলৈও সাহস আহে এনেদৰেই সকলোৰে মনত বিপ্লৱৰ ভাৱনা দৃঢ় হয়

. জাৰৰ  শাসন ত্যাগ : মজদুৰ সকলে জাৰৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰি দিয়ে সমগ্ৰ দেশত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হয় জাৰে নিজৰ শাসন এৰিবলৈ বাধ্য হৈ পৰে যাৰ আধাৰত ১৪ মাৰ্চ, ১৯৯১৭ চনত উদাৰবাদী নেতা জাৰ্জ স্লাৱৰ অধ্যক্ষতাত এক সামাজিক চৰকাৰ গঠন হয় ইয়াতে ১৪ মাৰ্চত জাৰে শাসন ত্যাগ কৰিব লাগে বুলি দাবী উত্থাপন কৰা হয় পৰিস্থিতিৰে বাধ্য হৈ দাবী মানি লৈ জাৰে পদত্যাগ পত্ৰ দাখিল কৰে এনেদৰেই ৰুছত জাৰ শাসনৰ অন্ত পৰে বিপ্লৱত মজদুৰ সকল সফল হয় কিন্তু তেওঁলোকে শাসনৰ বাঘজৰী নিজৰ হাতত ৰখাটো উচিত বুলি নাভাৱি সমস্ত শাসনভাৰ মধ্য বৰ্গৰ হাতত সমৰ্পণ কৰে

                ১৯১৭ চনৰ ৰুছ বিপ্লৱে সমগ্ৰ পৃথিৱী কঁপাই তুলিছিল এই বিপ্লৱে সমগ্ৰ বিশ্বৰ  চুকে-কোণে সকলোকে প্ৰভাৱান্বিত কৰিবলৈ সক্ষম হৈছিলসাহিত্য কৰ্মতো এই প্ৰভাৱ পৰিলক্ষিত হয় ভাৰতীয় লেখকসকলো এই প্ৰভাৱৰ পৰা মুক্ত নহয় বহুজনে নিজৰ লিখনিৰ মাজেদি ৰুছ বিপ্লৱক বিভিন্ন দৃষ্টিৰে চাবলৈ চেষ্টা কৰিছিল ভাৰতবৰ্ষৰ বিভিন্ন আঞ্চলিক ভাষাৰ সাহিত্যতো এই প্ৰভাৱ পৰিলক্ষিত হয় দক্ষিণ ভাৰতৰ তামিল প্ৰদেশত সুব্ৰমনীয় ভাৰতীৰ পুৰীয়া ৰাছিয়া কবিতাটো ৰুছ বিপ্লৱৰ পিছৰ নতুন ৰাছিয়াৰ সমাজ জীৱন প্ৰতিনিধিত্ব কৰিছে মহাকবি ভাৰতীয়ে এই কবিতাটোত ৰুছ বিপ্লৱৰ আগৰ জাৰৰ শাসন আৰু জাৰৰ সাম্ৰাজ্য পতনৰ পিছৰ ৰুছৰ সামাজিক পৰিৱেশৰ মাজত যোগসূত্ৰ স্থাপন কৰিছে জাৰে শাসন কৰা সমাজখনৰ কথা ভাবিলে ভীতিগ্ৰস্ত মানুহৰ এখন ছবি আমাৰ মনলৈ আহে  আকৌ, জাৰৰ পতনে নতুন দিনৰ বাৰ্তা কঢ়িয়াই অনা দেখা যায় কবিয়ে বিশ্বজনতাক জাৰৰ স্বেচ্ছাচাৰী শাসনৰ পৰা মুক্ত বলৈ উৎসাহ দিয়াৰ লগে লগে অন্ধকাৰ পৃথিৱী এৰি পোহৰৰ দিশে আগবাঢ়িবলৈ অনুৰোধ কৰিছে কবিয়ে জনতাৰ মনত আশাৰ সঞ্চাৰ আনিবলৈ কৈছে

                                মহাকালি পাৰাশক্তি উৰুচীয়নতীল

                                কদইন ৱইত্তাল

                                অংকে এৰুন্দদুপ্পা য়ুকপুৰচ্চি

                                কোদুংকোলন অলৰী ৱিৰনদান

( অৰ্থাৎ, মহাকালি পাৰাশক্তিয়ে ৰুছ দেশক কেৰাহিকৈ চোৱা বাবে এক আশ্বৰ্যকৰ বিপ্লৱৰ সূচনা হৈছে দানবীয় ইশ্বৰে চিৎকাৰ কৰি ঢলি পৰিছে অন্ধকাৰৰ আত্মাই দুখত ম্ৰিয়মান হৈ কান্দোনৰ ৰোল তুলিছে  আটাইৰে দৃষ্টি অচিৰেই ধুৱলি-কুঁৱলি হৈ পৰিব সেয়ে জনতা ওলাই আহা আৰু পৃথিৱীৰ বুকুত অভিনৱ সৃষ্টিক প্ৰত্যক্ষ কৰা)

                মহাপাপী জাৰে মানুহৰ মানবীয়তাক প্ৰতাৰণা কৰিছিল নিজকে বিশ্বৰ সৃষ্টিকৰ্তা হিচাপে ভাবি নিজক লৈ   গৌৰৱ কৰিছিল সাধাৰণ প্ৰজাৰ প্ৰতি অমানুষিক অত্যাচাৰ কৰিছিল জাৰে কি ধৰণে প্ৰজাক  অত্যাচাৰ কৰিছিল সেয়া কবিয়ে উল্লেখ কৰিছে এইদৰে

                                ইৰনীয়নপো ৰনিয়লপোল

                                ৰচানদান কোদুংকোল্লন জাৰেনুম

                                পেৰীচ ৰনীয়লপোল ইন্দ পাৱি

                                চৰনীনৰী দবিত্তিত্তাৰন

( অৰ্থাৎ, দানৱৰাজ হিৰন্যকশিপুৰ নিচিনাকৈ তেওঁ শাসন কৰিছিল মহামুৰ্খ জাৰে সততাক হেয়জ্ঞান কৰিছিল সৎ আৰু বিশ্বাসী জনসাধাৰণক নিৰ্যাতিত কৰিছিল গভীৰ হাবিত সাপৰ দৰে সেই দেশত অসত্য, প্ৰতাৰণা, দুষ্ট শক্তিয়ে মেৰিয়াই ধৰিছিল)

                জাৰৰ শাসনে সমাজখন বিশৃংখল কৰি তুলিছিল সত্য আৰু অসত্যৰ ভিতৰত অসত্যৰ জয়গান গোৱা হৈছিল দোষী, নিৰ্দোষী মাজত কোনো পাৰ্থক্যৰ বিচাৰ কৰা হোৱা নাছিল  কেৱল বুজাব নোৱাৰা ভয়াবহ পৰিবেশে বিৰাজ কৰিছিল ইয়াকে বুজাবলৈ কবিয়ে কৈছে

                                উৰুদু ৱিদই¸প্পাৰু কু

                                উনৱিললই পিনিকল পলৱুন্দু

                                কুপোয়িয়ই তোৰুদতিমই

                                চেয়ৱাৰুক্কু চেলৱংকুলুন্দু চোলৱোৰক কে

(অৰ্থাৎ, শৰীৰৰ ঘাঁম মাটিত পেলাই কৃষি কাৰ্যত নিয়োজিতসকলে খাদ্য খাবলৈ পোৱা নাছিল আনহাতে, অসত্যৰ উপাসনা কৰা সকলৰ আছিল প্ৰচুৰ ধন সম্পত্তি সত্য কথা কোৱা সকলৰ বাবে আছিল কাৰাগাৰৰ অন্ধকাৰ কোঠা এনেদৰেই দেশৰ সৰ্বশ্ৰেষ্ঠ সকল হৈ পৰিছিল সৰ্বস্বান্ত আৰু সৰ্বনিম্নসকল হৈ পৰিছিল সৰ্বেসৰ্বা)

                ভাৰতীৰ অন্তৰত দেশাত্মবোধৰ ভাৱনা আছিল প্ৰৱল দেশমাতৃৰ প্ৰতি তেওঁৰ গভীৰ বিশ্বাস আৰু আস্থা আছে একেই ভাবনা কবিতাটোত সুন্দৰভাৱে প্ৰতিফলিত হৈছে দেশমাতৃয়ে প্ৰজাৰ দুখ শোকত ম্ৰিয়মান হোৱা বুলি অনুমান কৰি কবিয়ে সাধাৰণ প্ৰজাক উদ্দেশ্যি কৈছে

                                কুদিমল চোন্নদি কুদিৱাৰৱু

                                মেনমইয়ুৰ কুদিমইনিদী

                                কদিয়োনৰি লেৰুন্দুপা কুদিয়ৰচেনৰু

                                উলকৰি কূৰি ৱিত্তা

(অৰ্থাৎ, প্ৰজাৰ প্ৰতি হোৱা অন্যায়বোৰ দেখি দেশমাতৃৰ অন্তৰ আত্মা উচুপি উঠিছে যি মাতৃয়ে ভক্তসকলক ৰক্ষা কৰে, সৎ সাহস দেখুওৱা সকলক পৰিত্ৰাণ দিয়ে তেতিয়া ... এতিয়া আৰু চিৰকালৰ বাবে মাতৃয়ে ৰাছিয়াক সুদৃষ্টি নিক্ষেপ কৰি দুষ্ট শক্তিক নিধন কৰিব)

                শেষত কবিয়ে জাৰ শাসনৰ পতনৰ কথা কৈছে ন্যায় আৰু সম অধিকাৰৰ বাবে যুঁজি অৱশেষত দুষ্ট জাৰৰ শাসনৰ অন্ত পৰিল সমগ্ৰ পৃথিৱীকেই দাসত্বৰ বান্ধোনৰ পৰা মুকলি কৰি দিয়া কবিয়ে ভবাৰ নিচিনাকৈয়ে ৰুছত নতুন শৃংখলাবদ্ধ সমাজ জীৱনৰ সূচনা সেই কথাকেই কবিয়ে কৈছে

হীমমইমলেই ৱীলিদ্দুপোল

                ৱিলন্দুৱীত্তান জাৰ আৰাচন

                ৱিলন্দুৱীত্তান জাৰ আৰাচন

                ইৱনেইচুলুন্দু চামায়মুল পদিকেল্লাম

                পোইকুৰী আৰাংকুৰু চদীকল চেইদ চৰীনদিত্ত

(অৰ্থাৎ, জাৰৰ পতন আৰু এনেহেন বোধ যেন বিশাল হিমালয়ৰ পতন ইয়াৰ লগে লগে সময়ৰ সুযোগসন্ধানী , মিথ্যাবাদী, ষড়যন্ত্ৰকাৰী, সততা নিধনকাৰী, জানিও নজনাৰ ভাও লোৱা লোকসকলো ভাঙি পৰিল যেনেদৰে ধুমুহা বৰষুণত ডাঙৰ গছসমূহ উভালি পৰে এতিয়াৰে পৰা কোনো নিষ্পেষিত নহ

                                পুদীয়া ৰাছিয়া কবিতাটোৰ মাজেৰে কবিয়ে জাৰৰ শাসনৰ আগৰ সময়চোৱা আৰু বিপ্লৱৰ মাজেৰে হোৱা পৰিৱৰ্তনৰ এক চিত্ৰ অংকন কৰাৰ চেষ্টা কৰিছে সেই সময়চোৱাত ভাৰতীয় প্ৰেক্ষাপটৰ পৰা ৰাছিয়াৰ এই নতুন ৰাজনৈতিক ঘটনাৱলীক চোৱাৰ যি প্ৰয়াস তাৰ মাজেদিয়েই সুব্ৰমনীয়ম ভাৰতীৰ গভীৰ সমাজ বীক্ষা স্পষ্ট হৈ পৰিছে একেসময়তে নিষ্পেষিত জনতাৰ প্ৰতি থকা তেওঁৰ দৰদৰ কথাও কবিতাটোৰ মাজেদি প্ৰতিফলিত হৈছে

গ্ৰপঞ্জী :1.Mahakavi Bharathi poems (in Tamil), Narmatha Publishers, Chennai, 2015

2. Rao V.k, Essays on bharathi, Bharathi Tamil Sagam, Culcutta, 1970

3. Subramanya Bharathi poems Tranalations, Tamil Virtual University, Chennai, 2006.

Website

www.russianrevolution.com0

www.subramanyabharathi.com

www.tamilvu.org

………………………………………………………………………..

পুদুমইপিত্তনৰ নিৰ্বাচিত গল্পত সমাজ পৰিৱৰ্তনৰ আকাংক্ষা

  তামিল সাহিত্যত চিৰুকদই বা চুটিগল্প বিংশ শতিকাত আৰম্ভ হোৱা এটি নতুন সাহিত্যিক শৈলী। তামিল চুটিগল্প সাহিত্যৰ বুৰঞ্জীত ইটালীয়ান খ্ৰীষ্টধৰ্ম প...