তামিল ভাষা
দ্ৰাবিড় ভাষা
পৰিয়ালৰ প্ৰাচীন ভাষা।
অৱশ্যে,
ইয়াৰ
উৎপত্তি সম্পৰ্কে এটা
নিৰ্দিষ্ট সময়
নিৰ্ধাৰণ কৰিব
পৰা
নাযায়।
বিশ্বৰ
বিদ্বান পণ্ডিতসকলে সংস্কৃত, গ্ৰীক,
লেটিন
আদি
ভাষাৰ
সমানে
তামিল
ভাষাও
অতি
প্ৰাচীন ভাষা
হিচাপে
মত
আগবঢ়াইছে। জনশ্ৰুতি অনুসৰি
পোৱা
যায়
যে,
ভগৱান
শিৱই
এই
ভাষাটো
সৃষ্টি
কৰিছিল। গতিকে
সেইফালৰ পৰা
চাবলৈ
গ’লেও এই ভাষাটো
অতি
প্ৰাচীন ভাষা
হিচাপে
আমি
ধাৰণা
কৰিব
পাৰো।
তামিল
ভাষা
সাহিত্যত ‘তামিল’
শব্দটোৰ অৰ্থ
হ’ল ‘মধুৰ’।
কিছুসংখ্যক পণ্ডিতে সংস্কৃত ভাষাৰ
‘দ্ৰাবিড়’ শব্দৰ
পৰা
‘তামিল’
শব্দৰ
বুৎপত্তি হৈছে
বুলি
কয়।
অৰ্থাৎ,
দ্ৰাবিড়>দ্ৰবিড়>দ্ৰমিড>দ্ৰমিল>দমিল>তমিল>তামিল আদি ৰূপৰ
বিকাশ
দেখুৱাই ‘তামিল’
শব্দটো
‘দ্ৰাবিড়’ ৰ
পৰা
অহা
বুলিলেও অধিকাংশ পণ্ডিতে এই
বিচাৰ
ধাৰাৰ
সৈতে
সহমত
প্ৰকাশ
নকৰে।
তেখেতসকলে সংস্কৃত শব্দ
‘দ্ৰবিড়’ক ‘তমিল’ শব্দৰ
বিকৃত
ৰূপ
হিচাপে
ধ্বনিৰ
পৰিবৰ্তনৰ বিকাশক্ৰমক দেখুৱাইছে এইদৰে-
তমিল>দমিল>দ্ৰমিল>দ্ৰমিড়>দ্ৰবিড়। প্ৰায় তৃতীয়-চতুৰ্থ
শতিকালৈকে ‘দ্ৰবিড়’
শব্দ
কেৱল
তামিল
তথা
ইয়াৰ
শাখা
(দ্ৰাবিড় ভাষা
পৰিয়াল)
সমূহৰ
মালায়ালম আৰু
কন্নড
ভাষাতহে প্ৰচলিত আছিল।
পিছলৈ
সমগ্ৰ
দক্ষিণৰ বাবে
‘দ্ৰবিড়’,
দক্ষিণী ভাষা
কোৱাসকলৰ বাবে
‘দ্ৰাবিড়ী’ আৰু
দক্ষিণপন্থীসকলৰ বাবে
‘দ্ৰাবিড়’ শব্দ
ব্যৱহাৰ হ’বলৈ ধৰিলে। তামিল
নাম
নিৰ্দেশত বাদ-বিচাৰ থাকিলেও এই
কথা
নিৰ্বিবাদে স্বীকাৰ কৰিব
লাগিব
যে,
দ্ৰাবিড় বৰ্গৰ
ভাষাত
নিজৰ
সাহিত্য পৰম্পৰা, মৌলিকতাþ, স্বতন্ত্ৰ সত্ত্বা আৰু
প্ৰাচীনতাৰ ফালৰ
পৰা
তামিল
ভাষাই
দ্ৰাবিড় ভাষা
পৰিয়ালক প্ৰতিনিধিত্ব কৰি
আহিছে।
‘তামিল’
শব্দটোৰ প্ৰথম
প্ৰয়োগৰ সময়
সম্পৰ্কে তামিল
সাহিত্যৰ প্ৰামাণিক গ্ৰন্থ
‘তোলকাপিয়ম’ নামৰ
ব্যাকৰণখনৰ পৰা
অনুমান
কৰিব
পৰা
যায়।
এইখন
দ্বিতীয় সংঘমকালৰ গ্ৰন্থ। বিদ্বানসকলে এইখনক
পাণিনিৰ বহু
আগৰে
বুলি
উল্লেখ
কৰে।
এই
গ্ৰন্থখনতেই পোন
প্ৰথমে
‘তামিল’
পদৰ
প্ৰয়োগ
হৈছিল।
তামিলৰ
সৰ্বপ্ৰাচীন গ্ৰন্থ
‘তোলকাপিয়ম’ত
তামিল
প্ৰদেশৰ সীমা
উত্তৰলৈ তিৰুপতি আৰু
দক্ষিণৰফালে কুমৰীলৈকে বুলি
ধৰা
হয়।
প্ৰাচীন কালত
কুমৰী
নামেৰে
এটা
নদী
আছিল।
সেই
সময়ত
কুমৰী
আৰু
পাহাৰুলী নদীৰ
মাজত
তামিল
প্ৰদেশৰ ৪৯
খন
দেশ
বিদ্যমান আছিল।
সময়ে
সময়ে
হোৱা
সমুদ্ৰৰ প্ৰলয়ত
বিশাল
তামিল
ভূ-ভাগ বিলীন হৈ
গ’ল। তামিল প্ৰদেশৰ কেনেধৰণে বিনাশ
হ’ল সেই সম্পৰ্কীয় বিৱৰণ
তামিল
সাহিত্যৰ প্ৰাচীন মহাকাব্য ‘চিলপ্পদিকাৰম’ৰ
টীকাত
উল্লেখ
আছে।
কল্ডৱেলৰ মতে,
তামিল
প্ৰদেশৰ সমস্ত
কৰ্ণাটক, পূৰ্ব
আৰু
পশ্চিমঘাটৰ তললৈ
পালঘাটৰ পৰা
কুমাৰী
অন্তৰীপ তথা
উত্তৰে
বংগোপসাগৰলৈ বিস্তাৰিত। তেখেতৰ
মতে,
তামিল
প্ৰদেশৰ ক্ষেত্ৰফল ৬০,০০৯ বৰ্গ মাইল।
আন
কিছুমান বিদ্বানে আকৌ,
তামিল
ভাষীসকল জাভাদ্বীপৰ পৰা
আৰম্ভ
কৰি
দক্ষিণ-পশ্চিম আফ্ৰিকালৈকে বিস্তৃত আছিল
বুলি
উল্লেখ
কৰিছে।
এতিয়া
তামিল
প্ৰদেশত ২০
খনতকৈও
অধিক
জিলাত
তথা
শ্ৰীলংকাত এই
ভাষা
কোৱা
লোকৰ
সংখ্যা
প্ৰায়
সাত
কোটি
হৈছে।
ভাৰতবৰ্ষৰ অন্য
ভাষাতকৈ তামিল
ভাষা
এনে
এক
ভাষা
য’ত অন্য ভাষাৰ
বৰ্ণমালাৰ তুলনাত
বৰ্ণমালা সীমিত।
ইয়াত
১২
টা
স্বৰবৰ্ণ, ১৪
টা
ব্যঞ্জনবৰ্ণ আৰু
বিসৰ্গ
সদৃশ
এটা
অৰ্ধস্বৰ আছে।
তামিল
ধ্বনিসমূহ সংস্কৃতৰ তুলনাত
কম।
সংস্কৃতৰ অনেক
ধ্বনি
যেনে-
ঋ,
খ,গ,ঘ এনে
অনেক
বৰ্গৰে
দ্বিতীয়, তৃতীয়
আৰু
চতুৰ্থ
অক্ষৰ
তামিল
বৰ্ণমালাত পোৱা
নাযায়।
সংযুক্তাক্ষৰ লিখাৰ
ৰীতিও
তামিল
ভাষাত
সৰল।
এনেদৰে
তামিল
ভাষাই
নিজস্ব
মৌলিকতা ৰক্ষা
কৰি
প্ৰাচীন কালৰ
পৰা
বৰ্তমানলৈকে চলি
আহিছে।
তামিল
সাহিত্য সম্পৰ্কে অধ্যয়ন
কৰিবলৈ
গ’লে এই সাহিত্যৰ ক্ৰমবিকাশক আমি
ছয়টা
ভাগত
ভাগ
কৰিব
পাৰোঁ।
সেইকেইটা হ’ল—
ক)
সংঘমকাল
খ)
সংঘমোত্তৰ কাল
গ)
ভক্তি
কাল
ঘ)
কম্বন
কাল
ঙ)
মধ্যকাল
চ)
আধুনিক
কাল
সংঘমকাল নিৰ্ণয়
কৰিবলৈ
হ’লে আমি প্ৰধানতঃ তিনিটা
মতৰ
বিষয়ে
উল্লেখ
কৰিব
লাগিব।
প্ৰথমটো হ’ল, ‘অহপ্পোৰুল’ ৰচয়িতা
ইৰৈয়নাৰৰ মত।
তেখেতৰ
মতে,
তিনিটা
সংঘমকালৰ সময়সীমা ৯৯৯০
বৰ্ষ।
কে.
এন.
শিৱৰাজপিল্লেয়ে এই
কথাটোকেই বিশেষভাৱে মুখ্য
সিদ্ধান্ত বুলি
উল্লেখ
কৰে।
কে.
কে.
পিল্লেয়ে কয়
যে
যদিও
সংঘমকালৰ বিষয়ে
লিখা
আটাইবোৰ কথাই
কাল্পনিক নহয়,
তথাপিও
কাল
বিভাজনৰ ক্ষেত্ৰত সাহিত্যকাৰসকলে ঐতিহাসিকতাতকৈ কল্পনাৰহে সহায়
লৈছে।
যাৰ
বাবে
আখ্যানসমূহৰ পৰা
ঐতিহাসিক তত্ত্বক বেলেগ
কৰিব
নোৱাৰি। কল্ডৱেল অনুসৰি,
প্ৰাচীনতম তামিল
সাহিত্যৰ সময়
নৱম
তথা
দশম
শতাব্দীৰ ঠিক
মাজভাগ।
ডাঃ
এন.
পি.
চক্ৰৱৰ্তীয়ে কয়
যে
ছয়
শতিকাৰ
আগতে
তামিল
সাহিত্যকালৰ কল্পনাও নিৰৰ্থক। এল.
ডী.
স্বামি!ন্নু পিল্লেই তৃতীয়
সংঘমকালৰ সময়সীমা ৭-৮ শতিকাৰ মাজভাগ
বুলি
কয়।
কালক্ৰমৰ সমস্যাৰ বিভিন্ন পক্ষত
বিবেচনাৰ অন্তত
সী.
ই.
ৰামচন্দ্ৰই নিজৰ
গ্ৰন্থ
‘সংঘমকাল বৰলাৰু’ত উল্লেখ কৰিছে
যে
সংঘমকাল সময়
খ্ৰীষ্টজন্মৰ আগৰ
পাঁচশ
বছৰ
পূৰ্বৰ
পৰা
দুশপঞ্চাশ ইং
লৈ
হোৱা
উচিত।
ঐতিহাসিককাৰী সকলেও
এই
সময়কেই
মান্যতা প্ৰদান
কৰিছে।
‘হৰৈয়নাৰ’ৰ
‘কলবিয়লুৰৈ’ অনুসৰি
তিনি
সংঘমকালৰ বিৱৰণ
এনেধৰণৰ। তেখেতৰ
মতে-প্ৰথম সংঘকালৰ প্ৰথম
কবি
সংঘত
৭৯
জন
কবি
আছিল।
এই
সংঘৰ
প্ৰধান
গ্ৰন্থ
‘অগত্তিয়ম’ নামৰ
ব্যাকৰণখন বৰ্তমান পোৱা
নাযায়।
এইখন
গ্ৰন্থ
১২,০০০ সূত্ৰত নিৰ্মিত তামিল
ভাষাৰ
আলোচনাত্মক গ্ৰন্থ
বুলি
জনা
যায়।
এই
কালৰ
গ্ৰন্থ
কিছুমান হ’ল-‘ পৰিপাদল’, ‘মুডুনাৰৈ’, ‘মুদুকুৰুগু’, তথা
‘কলবিয়লুৱৈ’ আদি।
সমুদ্ৰী প্ৰলয়ৰ
বাবে
পাণ্ড্যসকলৰ ৰাজধানী দক্ষিণ
মুদুবৈ
সাগৰত
মগ্ন
হ’ল। এই সংঘক
‘তলৈসংঘম’ বুলিও
কোৱা
হয়।
দ্বিতীয় মত
অনুসৰি,
প্ৰথম
সংঘত
অগত্তিয়াৰ, ভগৱান
শিৱ,
মুৰুগণ
তথা
কুবেৰ
সহিত
৫৯
জন
সদস্য
আছিল।
তেখেতৰ
নিৰ্দেশত ৪৪৪৯
জন
ব্যক্তিয়ে কাব্য
ৰচনা
কৰিছিল। তেখেতে
‘পৰিপাডল’, ‘মুদুনাৰৈ’,‘মুডুকুৰুগু’ আৰু
‘কলবিয়লুৰৈৰ সৈতে
অসংখ্য
কবিতাও
ৰচনা
কৰিছিল। কাযুসিনৱল দি.
ৰ
পৰা
আৰম্ভ
কৰি
কংডকৌনলৈ ৰজাৰ
সংখ্যা
৮৯
জন
আছিল।
ইয়াৰে
সাতজনেহে কবিতাৰ
পংক্তিত স্থান
পাইছিল। যিখন
ঠাইত
তামিল
কবিতাৰ
পৰীক্ষা হৈছিল,
সেয়া
মদুৰাই
আৰু
সমুদ্ৰী প্ৰলয়ত
হেৰাই
গৈছিল।
এই
কবিতাবোৰৰ প্ৰামাণিক ব্যাকৰণ গ্ৰন্থ
‘অগত্তিয়ম’ আছিল।
দক্ষিণ
মদুৰাইখন সাগৰ
তলিত
জাঁহ
যোৱাৰ
পাছত
‘কপাতপুৰম’ নামৰ
স্থানত
পাণ্ড্যসকলে নিজৰ
ৰাজধানী নিৰ্মাণ কৰি
অন্য
কবিসংঘ
স্থাপন
কৰিলে।
এই
সংঘৰ
সদস্যৰ
সংখ্যা
আছিল
৫৯
জন।
এই
কালৰ
প্ৰমুখ
গ্ৰন্থ
তোলকাপিয়ম, মাপুৰামন, হসৈনুপু!ম,
ভূতপুৰাণম আদি।
পা.টী. শ্ৰী নিবাস
আয়েংগাৰ অনুসৰি
মধ্য
সংঘত
অগস্তিয়াৰ, তোলকাপিয়নাৰ, হৰুংদৈয়ুৰ, কৰুণৰৌলি, মৌসিৱেল্লুৰ মকাপ্পিয়নাৰ, সিৰু
পানডুৰনগন, তিৰৈয়ণ
মাৰন,
তুৱৰৈৰ
ৰজা
তথা
কিৰন্দৈ সহিত
৫৯
জন
সদস্য
আছিল।
তেখেতৰ
অধীনত
৩৭০০
কবিয়ে
কাব্য
ৰচনা
কৰিছিল। তেখেতৰ
ৰচনাৰাজি - কালি,
ৱেণ্ডালি, বিয়ালমালই,কুৰুগু,
অকৱল
আদি।
তোলকাপিয়ম, মাপুৰানম,হসৈনুনু!ম
তথা
ভুতুপুৰাণম আদি
প্ৰামাণিক ব্যাকৰণ গ্ৰন্থ
আছিল।
সেই
সংঘমকালৰ নিৰ্মাণ ৱেন্ডেচইলিয়ন ৰ
পৰা
আৰম্ভ
কৰি
মুডত্তিৰুমানলৈ ৫৯
জন
পাণ্ড্য ৰজা
আছিল।
ইয়াৰ
ভিতৰত
৫
জন
কাব্য
ৰচনাত
নিপুণ
আছিল।
কপাতপুৰম নামৰ
স্থানত
সেই
কবিতাবোৰ পৰীক্ষা কৰা
হৈছিল।
অনুমান
কৰিব
পাৰি
যে,
পিছলৈ
হোৱা
সমুদ্ৰী প্ৰলয়ত
সেই
স্থানো
হয়তো
নষ্ট
হৈ
গৈছিল।
বৰ্তমানৰ যিখন
মাদুৰাই তাতেই
তৃতীয়
সংঘ
স্থাপন
কৰা
হৈছিল।
ইয়াত
প্ৰায়
৪৯
জন
কবি
সদস্য
আছিল।
পিছে
অজ্ঞাত
কাৰণবশত এই
কবি
সংঘ
খুব
কম
সময়ৰ
ভিতৰত
ভাগিল।
পী.টি.শ্ৰী নিবাস
আয়ংগাৰৰ ‘History of Tamil’ গ্ৰন্থত লিখা
গৈছিল
যে
মেদাৱিয়াৰ, চেদাম্বুলনাৰ, অৰিবুডৈয়ৰানাৰ, পেৰুংকু ন্দ্ৰাকিললাৰ, ইলম
দিৰুমাৰন মৰুদল
ইলনাগনাৰ আৰু
নক্কীৰৰ লগতে
৪৯
জন
ব্যক্তি তৃতীয়
সংঘৰ
সদস্য
আছিল।
এওঁলোকৰ অধীনত
৪৪৯
জন
কবিয়ে
কাব্য
ৰচনা
কৰিছিল। সেইসমূহ ৰচনা
হ’ল- এত্তুততোকেই, পত্তুপাত্তু, কুত্তু,
ৱৰি,
চিত্ৰিসই, পেৰিসই
আদি
কাব্য।
তৃতীয়
সংঘমকালৰ সময়সীমা খ্ৰীষ্টপূৰ্ব ৫০০
ৰ
পৰা
২৫০লৈ
যদি
ধৰা
হয়;
তেন্তে
‘পদিমেলকিনক্কু’খনকো
সংঘমকালৰ ৰচনাৰ
ভিতৰত
ধৰিব
পাৰি।
এইখনৰ
প্ৰামাণিক গ্ৰন্থ
অগত্তিয়ম আৰু
তোলকাপিয়ম। এই
সংঘত
ইয়াৰ
নিৰ্মাতা মুদত্তিৰুমাৰত আৰু
শেষৰজন
ৰজা
উক্কীৰপ্পেৱৰুদিক ধৰি
৪৯
জন
অন্য
ৰজা
আছিল।
এই
কালৰ
কবি
কিছুসংখ্যকে উত্তৰ
মদুৰাইত তামিল
কবিতাৰ
ৰচনা
বিবেচনা কৰিছিল।
সমুদ্ৰী প্ৰলয়ৰ
বাবেই
প্ৰথম
আৰু
দ্বিতীয় কবি
সংঘৰ
সাহিত্য বিলুপ্ত হৈ
গৈছিল।
সম্প্ৰতি দ্বিতীয় সংঘৰ
‘তোলকাপিয়ম’ৰ
লগতে
তৃতীয়
সংকালৰ
কিছু
গ্ৰন্থ
পোৱা
যায়।
এই
গ্ৰন্থ
সমূহৰ
অধ্যয়নৰ দ্বাৰা
চহকী-প্ৰাচীন তামিল সাহিত্যৰাজিৰ অধ্যয়নৰ সুযোগ
পোৱা
যায়।
লগতে
তামিল
সমাজৰ
সামাজিক জীৱন
আৰু
লোক
সংস্কৃতিৰ আভাস
পাব
পাৰি।
প্ৰথম
সংঘমকালৰ ৰচনাসমূহ অপ্ৰাপ্য হোৱা
বাবে
সেই
সম্পৰ্কে জনাৰ
কোনো
উপায়
নাই।
অৱশ্যে
এই
কালৰ
ৰচনা
‘অগত্তিয়ম’ ৰ
উল্লেখ
পৰৱৰ্তী ৰচনাসমূহত পোৱা
যায়।
দ্বিতীয় সংঘকালৰ ৰচনাসমূহৰ ভিতৰতো
মাত্ৰ
‘তোলকাপিয়মৰ’ বিষয়েহে পোৱা
যায়।
অগত্তিয়ৰৰ শিষ্য
তোলকাপিয়ৰৰ তোলকাপিয়ম তামিল
সাহিত্যৰ শ্ৰেষ্ঠ তথা
পৌৰাণিক ব্যাকৰণ গ্ৰন্থ। সংঘমকালৰ সাহিত্যৰাজিক এইখন
গ্ৰন্থ
আৰু
১৮খন
প্ৰমুখ
আৰু
১৮খন
লঘু
কবিতা
সংগ্ৰহৰ পুথিয়ে
প্ৰতিনিধিত্ব কৰে।
এই
সাহিত্যসমূহৰ বিষয়ে
এটা
নিৰ্দিষ্ট সীমাৰ
ভিতৰত
আলোচনা
কৰা
সম্ভৱ
নহয়।
সেয়ে
সংক্ষে
পে
এই
সাহিত্যৰাজিৰ বিষয়ে
আলোচনা
আগবঢ়াবলৈ যত্ন
কৰা
হ’ব।
তোলকাপিয়মঃ
এইখন
এখন
ব্যাকৰণ গ্ৰন্থ। ইয়াত
এলুত্তধিকাৰম(অক্ষৰ
ভাগ),শোল্লধিকাৰম(শব্দ ভাগ) আৰু
পোৰুলধিকাৰম(বিষয়
ভাগ)
এই
তিনিটা
ভাগত
ভগোৱা
হৈছে।
প্ৰথম
ভাগত,
অক্ষৰ
সংখ্যা,
মাত্ৰা,
স্বৰ,ব্যঞ্জন বৰ্ণৰ নিৰ্দেশ, লিপিৰ
সাধাৰণ
পৰিচয়,
সন্ধিনিয়ম, শব্দ
ৰচনাত
অক্ষৰ
ভূমিকা,
লোপ,
ৰূপান্তৰ আদিৰ
বিষয়ে
৪৮৩
টা
সুত্ৰত
নিৰ্ধাৰণ কৰা
হৈছে।
দ্বিতীয় ভাগত
শব্দৰ
স্বৰূপ,প্ৰয়োগ আৰু বিভেদৰ
বিষয়ে
৪৬৪
সুত্ৰত
বিবেচনা কৰা
হৈছে।
ইয়াত
একবচন,
বহুবচন,
লিংগভেদ,প্ৰত্যয়,সৰ্বনাম,অব্যয়,
তৎসম,
তদ্ভৱ,
ক্ৰিয়াভেদ, শব্দ
প্ৰয়োগ
আদিৰ
বিষয়ে
পোৱা
Êযায়।
তৃতীয়
ভাগত
আকৌ
৬৫৭
সূত্ৰ
আছে।
ইয়াত
তামিল
সমাজৰ
সামাজিক জীৱন,
সাহিত্য, সংস্কৃতিৰ কিছু
আভাস
পোৱা
যায়।
বিষয়বস্তু নিৰ্ধাৰণক আকৌ
দুটা
ভাগত
ভগোৱা
হয়
- আগম
আৰু
পুৰম।
আগমৰ
বিষয়বস্তু হ’ল প্ৰেম, ভক্তি
আদি
অন্তৰ্মুখী অভিজ্ঞতাসমূহ। আকৌ,
যুদ্ধ
,শাসননীতি, দান,
যশ,উপদেশ সম্বন্ধীয় অভিজ্ঞতাসমহ পুৰমৰ
অন্তৰ্গত।
এত্তুততোকেইঃ
‘এত্তু’ৰ অৰ্থ হ’ল ৮। এইখন
৮টা
ভিন্ন
কবিতা
সংগ্ৰহ
পুথি।
সেইবোৰ
হ’ল- কুৰুণতোকেই,নত্ৰিনেই,এইহুৰুনুৰু,পত্তিত্তৰুপত্তু,পৰিপাডল,কলিত্তোকেই,অহাননুৰু,পুৰনানুৰু। ইয়াৰে
পতিত্তৰুপত্তু,পৰিপাডল,পুৰনানুৰু,ইনগুৰুনুৰু,কুৰুদোকেই,নাত্ৰিনাই,অকাননুৰু আৰু
কলিত্তোকেইক আগম
, পুৰনানুৰু আৰু
পদিতৰুপত্তুক পুৰম
আৰু
পৰিপাডলক আগম
আৰু
পুৰমৰ
অন্তৰ্ভুক্ত কৰা
হয়।
কুৰুণটোকাই ঃ
সংঘম
সাহিত্যৰ জনপ্ৰিয় কবিতাৰ
পুথি।
৪-৮ শাৰীৰ চাৰিশ
এটা
প্ৰেমৰ
কবিতা
ইয়াত
পোৱা
যায়।
কবিৰ
সংখ্যা
২০৫
জন।
ইয়াৰ
সংকলক
‘পুৰিক্কো’। প্ৰমুখ কবি
হ’ল- ‘ ইৰৈয়নাৰ’, ‘বেৰিৰবীডীয়াৰ’ আদি।
কিছুমান কবিতাৰ
কবিৰ
নাম
পোৱা
নাযায়
বাবে
কবিৰ
নামৰ
সলনি
একোটা
কাব্যিক ব্যঞ্জনাৰ উল্লেখ
পুথিখনত পৰিলক্ষিত হয়।
‘আগম’
বিভাগৰ
অন্তৰ্গত এই
সংকলনত
দাম্পত্য জীৱন,
প্ৰেম-মিলন, পাৰিবাৰিক-পৰিৱেশ
আদি
বিষয়ৰ
বৰ্ণনা
পোৱা
যায়।
নাত্ৰিনাই ঃ
এইখন
৯-১২ চৰণ থকা
চাৰিশ
কবিতাৰ
সংগ্ৰহ। ১৭৫
জন
কবিৰ
দ্বাৰা
এই
কবিতাসমূহ ৰচনা
কৰা
হৈছিল।
পাণ্ড্য ৰজা
মাৰনুৱৰতিয়ে বিখ্যাত পণ্ডিতসকলৰ সহযোগত
এই
গ্ৰন্থ
সংকলন
কৰিছিল। ইয়াত
পাঁচ
প্ৰদেশৰ সংস্কাৰ আৰু
জনজীৱন
তথা
ইয়াৰ
মধুৰ
কোমল
পক্ষীৰ
সুন্দৰ
চিত্ৰণ
প্ৰতিফলিত হয়।
এগুনুনুৰু ঃ
৩-৬ শাৰীৰ ৫০০প্ৰেম পদ্যৰ
সংগ্ৰহ। ঔৰম্বোক্কীয়াৰ, অম্মুৱনাৰ, কপিলৰ,
ঔদলানদৈয়াৰ আৰু
প্ৰেয়নাৰ নামৰ
পাঁচজন
মহাকবিয়ে এইখন
ৰচনা
কৰিছিল। চেৰপ্ৰদেশৰ চেৰলিৰু মপোৰইৰ
তত্ত্বাৱধানত কুডলুৰ
কিৰাৰৰ
দ্বাৰা
এইখন
সংকলিত
হৈছিল।
অহনানুৰু ঃ
অহনানুৰুত ‘কৰিটয়ানে নিৰই’,
‘মণিমিডই পৱৰম’,‘নিত্তিলেক্কোকই’ নামৰ
তিনিটা
ভাগ
আছে।
ইয়াত
১৩
ৰ
পৰা
৩১
শাৰী
থকা
৪০০
প্ৰেমৰ
কবিতা
সংগৃহীত আছে।
এই
কবিতাসমূহ ১৫৮
জন
কবিয়ে
ৰচনা
কৰিছিল। ইয়াৰ
অন্য
এটা
নাম
হ’ল ‘নেডুপদোগই’।
এইখন
পঢ়িলে
তামিল
লোকৰ
সংস্কাৰ আৰু
ৰীতি-নীতিসমূহৰ বিষয়ে পৰ্যাপ্ত পৰিমাণৰ তথ্য
আহৰণ
কৰিব
পাৰি।
পাণ্ড্য ৰজা
উক্কীৰপ্পেৰুবৰুতিৰ তত্বাৱধানত এইখন
সংকলিত
হৈছে।
পুৰণানুৰু ঃ
১৫৭
জন
কবিৰ
‘পুৰম’
সংবধিত
বিষয়ৰ
ওপৰত
ৰচিত
৪০০
কবিতাৰ
সংগ্ৰহ। ৪-৪০ শাৰীৰ কবিতাৰ
সংগ্ৰহ। এইখন
সংঘকাল
আৰু
গৌৰৱ
গাঁথা।
তামিলনাডুৰ বহু
ঐতিহাসিক ঘটনা
ৰ
বৰ্ণনা
ইয়াত
পোৱা
যায়।
তদুপৰি
তৎকালীন শাসন
প্ৰণালী, ৰজাৰ
উদাৰতা,
আদৰ্শ
প্ৰজাৰঞ্জক ৰজা, বিভিন্ন আচাৰ,
শিক্ষাৰ প্ৰচাৰ,
কলা-কাৰিকৰীৰ দিশ আদিৰ সুন্দৰ
চিত্ৰণ
ইয়াত
পোৱা
যায়।
সাত
সুবিখ্যাত দানী
ৰজা
পাৰি,
ঔৰি,
কাৰি,
অধিয়মান, বেগন,
আয়
আৰু
তৰিৰৰ
দানশীলতাৰ বিৱৰণ
ইয়াতে
বৰ্ণিত
আছে।
চেল,
চোল,
পাণ্ড্য ৰজাসকলৰ বিশেষ
গুণৰ
বৰ্ণনাও ইয়াত
পোৱা
যায়।
উদাৰ
আত্মীয়
চেতনাক
আধাৰ
হিচাপে
গ্ৰহণ
কৰি
‘সমস্ত
সংসাৰ
মোৰ
গাঁও
আৰু
সমস্ত
মানুহেই মোৰ
ভাই-বন্ধু’ (য়াদুম উৰেই
য়াবৰুম
কেৰিৰ)
এই
ধ্বনি
পুৰণানুৰুৰ কবিতাসমূহৰ জৰিয়তে
মুখৰিত
হৈ
আছে।
কলিতোকেই ঃ
‘কলি’
নামৰ
ছন্দত
ৰচিত
১৫০
টা
কবিতাৰ
সংগ্ৰহ। তোৰুণকোডুকণ, কপিলৰ,
মৰুদনিৰনাগন, চৌৰল
এলুৰুত্তিৰন, এল্লুতুবন আদি
পাঁচজন
কবিয়ে
এইখন
ৰচনা
কৰিছে।
ইয়াৰ
অধিকাংশ কবিতাতেই পাণ্ড্য ৰজা,
পাণ্ড্য ৰাজধানী আৰু
তেওঁলোকৰ ৰাজ্যৰ
বিষয়ে
উল্লেখ
আছে।
পনিতৰুপ্পত্তু ঃ
ইয়াত
১০জন
চেৰ
ৰজাৰ
বিষয়ে
১০জন
কবিৰ
১০টা
কবিতা
পোৱা
যায়।
অৱশ্যে,
প্ৰথম
আৰু
শেষৰ
কবিতা
সংগ্ৰহ
এতিয়াও
পোৱা
নাযায়।
চেৰ
ৰজাৰ
দানশীলতা, কবিৰ
প্ৰতি
তেওঁলোকৰ উদাৰতা
বিষয়ে
বিস্তৃত বৰ্ণনা
আছে।
পৰিপাডল ঃ
এয়া
পৰিপাডল নামৰ
বিশেষ
ছন্দত
ৰচিত
৭০
টা
সীতৰ
সংগ্ৰহ। ইয়াৰে
মাত্ৰ
২২
টা
গীতহে
বৰ্তমানে পোৱা
যায়।
ইয়াৰ
৬
টা
ভগৱান
বিষ্ণু,
৮
টা
মুৰুগণ
আৰু
৮
টা
মাদুৰাইৰ বইগই
নদীৰ
কীৰ্তন
কৰা
হৈছে
।
আগম
আৰু
পুৰম
এই
দুইটা
ভাগৰ
মিশ্ৰিত প্ৰাচীন সংগ্ৰহ। অৱশ্যে, ইয়াৰ
আগেয়েও
তোলকাপিয়মত পৰিপাডল নামৰ
ৰচনা
শৈলীৰ
কিছু
আভাস
পোৱা
যায়।
২৫-৪০ পংক্তিৰ কবিতাসমূহৰ প্ৰত্যেকতেই নামৰ
লগতে
ৰাগ
নিৰ্দেশৰ উল্লেখ
পৰিলক্ষিত হয়।
পত্তুপাটটু ঃ
পত্তু
ৰ
অৰ্থ
হ’ল ১০। সংঘকালৰ দহটা
কবিতা
সংকলনৰ
পুথি
হ’ল পত্তুপাটটু। সেই
১০টা
কবিতাৰ
বিশিষ্টতা এনেধৰণৰ-
মুল্লইপাত্তু ঃ
ইয়াক বনগীতৰ
সংগ্ৰহ
আখ্যা
দিব
পৰা
যায়।
মুল্লই
প্ৰদেশ,
বনস্থলৰ বিষয়
বৰ্ণনা
তথা
সেই
ঠাইৰ
জনজীৱনৰ চিত্ৰণ
ইয়াতে
পোৱা
যায়।
তাৰ
উপৰিও
পতিপ্ৰেমী বিৰহিনীৰ বিলাপ,
ধৈৰ্য,
বৰ্ষা
ঋতুৰ
প্ৰাকক্ষণ, বীৰ-নাৰী, ৰণক্ষেত্ৰত আঘাতপ্ৰাপ্ত সেণাৰ
প্ৰতি
ৰজাৰ
দৰদ
আদি
বিষয়সমূহৰো সুন্দৰ
বৰ্ণনা
কৰা
দেখা
যায়।
কুৰিণহিপাত্তু ঃ
এই সংকলনৰ
ৰচয়িতা
হ’ল ‘কপিলৰ’।
পাহাৰীয়া প্ৰদেশৰ লোকৰ
আচৰণ
, সেইসকল
লোকৰ
জীৱন
যাপন
প্ৰণালী, ডেকা-গাভৰুৰ মনৰনৰ বাতৰি,
গুপ্ত
মিলন,
প্ৰেমিকাৰ বিৰহ
আদি
বিষয়ক
বৰ
সুন্দৰ
ৰূপত
ইয়াতে
চিত্ৰিত কৰা
হৈছে।
পত্তিপ্পালই ঃ
চোলৰজা কৰিকালৰ প্ৰশস্তিত লিখা
এই
ৰচনাত
উৰুত্তিৰনকন্নাৰ কাবেৰি
নদীৰ
মহানতা,
নিকটৱৰ্তী ঠাইসমূহৰ কুৰিৰ
উৰ্বৰতা, চাৰিবৰ্ণৰ লোকৰ
নিত্য
কৰ্ম,
চোলৰজাৰ বিজয়
গাঁথাৰ
বৰ্ণনা
ইয়াতে
পোৱা
যায়।
তিৰুমুৰুগাত্ৰুপ্পদই ঃ
ইয়াৰ ৰচয়িতা
নক্কীৰৰ প্ৰতিভাবান সমালোচক আছিল।
ভগৱান
মুৰুগণৰ মহিমাৰ
বৰ্ণনা
ইয়াতে
পোৱা
যায়।
সংঘকালৰ শ্ৰেষ্ঠতম গ্ৰন্থ
হিচাপে
এইখন
মান্যতা প্ৰদান
কৰা
হয়।
পেৰুনাত্ৰুপ্পদই ঃ
মুদত্তাম!নিয়াৰ
নামৰ
কবিয়ে
চোলৰজা
কৰিকালৰ দানশীলতা স্বভাৱৰ পৰিচয়
দিবলৈ
এইখন
গ্ৰন্থ
ৰচনা
কৰিছে।
এই
কবিতা
শৈলীক
‘আত্ৰুপ্পদই’ বুলি
কোৱা
হয়।
য’ত ৰজা, ৰাজ্য
আৰু
প্ৰজাৰ
প্ৰশংসাৰ গুণ-গান কৰা হয়।
পেৰুমপানাত্ৰুপ্পদই ঃ
এইখন গ্ৰন্থৰ শৈলী
‘আত্ৰুপ্পদই’।
এই
গ্ৰন্থৰ প্ৰণেতা ‘উৰুত্তিৰনকন্ননাৰ’।
ৰজা
তোনদইমানৰ দানশীলতা গুণৰ
বৰ্ণনাৰ উল্লেখ
আছে।
চিৰুপানাত্ৰুপ্পদই ঃ
এয়া
নল্লিয়!দন নামৰ ৰজা
এজনৰ
প্ৰশংসাসূচক গীত।
কলাপ্ৰেমী ৰজাৰ
ৰুচিৰ
বৰ্ণনা
বিষয়ে
ইয়াত
পোৱা
যায়।
মদুৰাইকানজিঃ পাণ্ড্যৰজা নেডুংচেৰিয়নৰ প্ৰশস্তিত ৭৮২
পংক্তিৰ প্ৰশস্তিসূচক গীতৰ
ৰচক
হ’ল ‘মানগুডি মৰুচনাৰ’।
‘পত্তুপাত্তু’ সংকলনৰ
এইটোৱেই আটাইতকৈ দীঘল
কবিতা।
ইয়াত
অন্তিম
সংঘকালৰ পৰিস্থিতি, সামাজিক স্বৰূপৰ যথাৰ্থভাৱে বৰ্ণনা
কৰা
হয়।
পাণ্ড্য দেশৰ
সমৃদ্ধি, বইগই
নদী,
দুৰ্গ,
ৰাজধানী মাদুৰাই নগৰ,
মন্দিৰৰ উৎসৱ-পাৰ্ৱণ আদিও বৰ্ণিত
হৈছে।
মলইপদুকদান ঃ
এয়া ৰজা
নত্ৰনৰ
প্ৰশস্তি বিষয়ক
কবিতাৰ
সংগ্ৰহ
পুথি।
ইয়াৰ
কবি
‘পেৰু
কৌশিকনাৰ’।
নেডুনল
বাড়ই
ঃ
এইখন ‘পুৰম’
বিভাগৰ
এখন
পদ্য
গ্ৰন্থ। ইয়াত
কবি
নক্কীৰে পাণ্ড্যৰজা নেডুণচেলিয়ন আৰু
তেওঁৰ
ৰাণী
অৰসমাদেৱীক নায়ক-নায়িকা হিচাপে লৈ
তেওঁলোকৰ বন্দনা
কৰিছে।
পতিনেন
কীৰকনক্কু ঃ
সংঘমকালৰ পুৰণি
৮
টা
কবিতা
সংগ্ৰহ
এনেকুৱা আছিল
য’ত প্ৰত্যেক কবিতাতেই ৩২
টা
শাৰী
আছিল।
আকৌ,
১০টা
দীঘল
কবিতাৰ
সংগ্ৰহো আছিল।
এই
১০
আৰু
আঠ
সংগ্ৰহক মিলাই
উত্তৰকালীন সময়ত
‘পতিনেনমেলকনক্কু’ অৰ্থাৎ
উচ্চ
গণনা
নাম
দিছিল।
এই
ওঠৰতা
সংগ্ৰহৰ সৈতে
আন
ওঠৰ
খন
সংগ্ৰহ
আছিল
যাৰ
নাম
‘পতিনেনকীৰকনক্কু’ অৰ্থাৎ
নিম্ন
গণনা।
ইয়াত
উচ্চ
আৰু
নিম্ন
এই
দুই
শব্দই
প্ৰাচীন আৰু
নতুনৰ
ইংগিত
বহন
কৰে।
এই
সংকলনত
১৮
খন
গ্ৰন্থ
আছে।
ইয়াত
তিৰুক্কুৰল, নালড়িয়াৰ, নান
মনি!ডিকই, ইনিয়বই ণঅৰপডু,
ইত্ৰা
নাৰপডু,
তিৰিকডুকম, আচাৰেক্কাবই, পৰমোৰি,
চিৰুপণচমুলম, মুদুমোৰিকাণচি, এলাডি,
ইত্ৰিলই আদি
ৰচনাসমূহ নীতি
গ্ৰন্থ। কাৰণাৰপডু, তিনইমোৰিত্ৰমপদু, তিনই-মালই এটুইবডু, এণতিনই
এনবডু,
এণতিনই
এৰুবদু
আদি
আগম
বিষয়ক
গ্ৰন্থ। ‘কৰবৰিনাৰপদু’ পুৰম
বিষয়ক
গ্ৰন্থ।
তিৰুকুৰল ঃ
তামিল
ভাষাত
‘তিৰু’
শব্দৰ
অৰ্থ
হ’ল মহৎ, পৱিত্ৰ,
উচ্চ
আদি।
খ্ৰীষ্টপূৰ্ব পঞ্চম-ষষ্ঠ শতিকাত মহৰ্ষি
তিৰুৱল্লবৰে ৰচনা
কৰা
তিৰুকুৰল এখন
নীতিশাস্ত্ৰ। পুৰণি
তামিল
সাহিত্যত সঘনাই
ব্যৱহত
সংক্ষিপ্ত ৰচনা
অৰ্থাৎ
সাত
মাত্ৰাৰ দুটা
চৰণত
ৱেণপা
ছন্দৰ
এক
বিশেষ সজ্জা ।
গ্ৰন্থখনত মুঠ
১৩৩০
টা
কুৰল
পোৱা
যায়।
১৩৩
টা
অধ্যায়ত বিভক্ত
প্ৰতিটো অধ্যায়ত ১০
টাকৈ
কুৰল
আছে।
ব্যৱহাৰিক জীৱনৰ
বাবে
প্ৰয়োজনীয় নীতি-পৰামৰ্শৰ বিষয়ে কুৰলসমূহত পোৱা
যায়।
ভাৱগম্ভীৰ তিৰুকুৰলখনে তামিল
জনমানসত সমাদৰ
লাভ
কৰি
আহিছে।
প্ৰাচীনতাৰ লগতে
ইয়াৰ
পৰা
অৰ্জন
কৰিব
পৰা
নীতিশিক্ষামূলক জ্ঞানৰ
বাবে
এই
গ্ৰন্থখনক তামিল
সংহিতা,
সাৰ্বজনীন ধৰ্মসিন্ধু, দেৱী
গ্ৰন্থ,
সত্যবাণী আদি
বিভিন্ন নামেৰে
জনা
যায়।
নালড়িয়াৰ ঃ
১৮খন
নীতি
গ্ৰন্থৰ ভিতৰত
অন্যতম
বৃহৎ
গ্ৰন্থ
হ’ল ‘নালড়িয়াৰ’।
ইয়াত
ৱেণপা
ছন্দৰ
৪০০
পদ্য
আছে।
এই
পদ্যসমূহ জৈনসন্তসকলে গাইছিল
বুলি
কোৱা
হয়।
বিভিন্ন অধ্যায়ত বিভক্ত
এই
গ্ৰন্থখনত সংসাৰৰ
ক্ষণিকতাৰ বিষয়ে
উল্লেখ
আছে।
তদুপৰি
বিভিন্ন অধ্যায়ত বিভিন্ন নীতিমূলক বিষয়ৰ
বাখ্যা
কৰা
হৈছে।
পৰমুৰি
ঃ
ইয়াৰ
ৰচক
হ’ল ‘মুনৰুৰই অৰিয়নাৰ’।
৪০০
পদ্যৰ
সংকলন
পৰমুৰিত প্ৰত্যেকটো পদৰ
অন্তত
পুৰণি
প্ৰচলিত একো
একোটা
বাণী
লিখা
হৈছে।
সেই
বাণীসমূহ সেইসময়ৰ প্ৰচলিত বিশ্বাসৰ ওপৰত
আধাৰিত।
ইন্নানাৰপডু-ইনিয়বইনাৰপডু ঃ
এই
গ্ৰন্থসমূহৰ নামকৰণ
ইয়াৰ
পদ্যৰ
সংখ্যাৰ ওপৰত
নিৰ্ভৰ
কৰি
কৰা
হৈছে।
ইনিয়বইনাৰপডু অৰ্থাৎ
মধুৰ
চল্লিছত আমাৰ
জীৱনৰ
সুখ-সমৃদ্ধিৰ কাৰণ দৰ্শোৱা ৪০
টা
পদ্য
আছে।
আকৌ,
ইন্নানাৰপডু অৰ্থাৎ
কটু
চল্লিছত আমাৰ
জীৱনৰ
দুখ-দুৰ্দশাৰ কাৰণ দৰ্শোৱা হৈছে।
তিৰুকদুকম (ত্ৰিকটু) ঃ
আয়ুৰ্বেদত ‘ত্ৰিকটু’ ৰ
অৰ্থ
হ’ল তিনিটা কেহা
ঔষধৰ
মিশ্ৰণ। এইগ্ৰন্থৰ লেখক
নল্লাতনাৰ ।
এই
গ্ৰন্থৰ প্ৰত্যেক পদ্যত
সৎ
আচৰণৰ
তত্বৰ
বিষয়ে
আলোচনা
কৰা
হৈছে।
এলাদি
ঃ
কণিমেডিয়াৰে ৰচান
কৰা
এই
গ্ৰন্থত আশীটা
পদ্য
আছে।
প্ৰত্যেক পদ্যত
ছয়
নীতি
তত্বৰ
বিষয়ে
কোৱা
হৈছে।
‘ এলাদি’
অৰ্থ
হ’ল ইলাচী সহিতে
অন্য
ছয়টা
দৰবৰ
মিশ্ৰণ। এই
গ্ৰন্থখনৰ পৰা
নৈতিক
ভাৱনাৰ
পৰিচয়
পোৱা
যায়।
নানমণি!ডিকই ঃ
ইয়াত
১০১
টা
পদ
আছে।
নানমণি!ডিকইৰ অৰ্থ হ’ল চাৰিটা মণিৰ
হাৰ।
ইয়াৰ
ৰচক
বিলম্বিনাগনাৰে নৈতিক
সিধান্তসমূহক প্ৰত্যেক পদ্যৰ
মাজেৰে
বৰ্ণনা
কৰিছে।
মুডুমৌৰিকাণচি ঃ
কুডলুৰ
কিৰাৰে
লিখা
‘মুডুমৌৰিকাণচি’ত
দহ
বক্তব্যৰ দহ
মালা
বুলিব
পাৰি।
নৈতিক
শিক্ষা
দিয়া
কবিতা
ঃ
সংঘকালৰ কিছু
গ্ৰন্থ
নৈতিক
শিক্ষা
দিয়া
কবিতাৰ
আওঁতালৈ আনিব
পাৰি।
যেনে
ঃ
তিনইমালই, নুটইম্বতু, তিনই এৰুবতু,
তিনই
ঐম্বতু,
তিনই
মালই
নাটইম্বতু, কত্ৰিলই আৰু
কাৰণাপইতু।
কলবৰিনাৰডু ঃ
‘পুৰম’ৰ অন্তৰ্গত এই কবিতাসংকলনত যুদ্ধৰ
মহিমাৰ
বৰ্ণনা
পোৱা
যায়।
ইয়াৰ
লেখক
‘পোইকইনাৰ’।
আচাৰককোবই ঃ
এইখনৰ
লেখক
‘পেৰুৱায়িল মুল্লিয়াৰ’।
ইয়াতো
নৈতিকতাৰ বাখ্যা
কৰা
হৈছে।
এইদৰে সু-প্ৰাচীন তামিল সাহিত্যৰ সংঘমকালৰ ৰচনাসমূহ বিভিন্ন বিষয়ত সমৃদ্ধ হৈ
আছে। সংঘমকালক তামিল
সাহিত্যৰ“সোণালী
সময়’ আখ্যা দিব
পাৰি। সংঘমকালৰ সাহিত্য অধ্যয়নে ভাৰতীয়
সাহিত্যৰ অন্যতম
উচ্চস্থানীয় তামিল
সাহিত্যৰ সমৃদ্ধিশালী ৰচনাৰ সৈতে পৰিচয়
কৰাই দিয়ে।


No comments:
Post a Comment